খিলাড়ী বুলি ক’লেই আমাৰ মনত ভাহি উঠে অত্যন্ত পৰিশ্ৰমী, সময়ৰ প্ৰতি সদা সচেতন, ফিটনেছৰ প্ৰতি গুৰুত্ব দিয়া অক্ষয় কুমাৰৰ পৰিচয় ৷ বলীউডৰ তাৰকা-মহাতাৰকাসকলৰ ভিতৰত ফিটনেছৰ প্ৰসংগ আহিলে স্বাভাৱিকতেই প্ৰথমেই উচ্চাৰিত হয় অক্ষয়ৰ নাম ৷ হিন্দী ছবি জগতৰ প্ৰতিগৰাকী ব্যক্তিয়েই স্বীকাৰ কৰে অক্ষয় কুমাৰৰ স্বাস্থ্য সচেতনতাক ৷ পিছে বয়স হিচাপে তিনিকুৰি স্পৰ্শ কৰিবলৈ আগবঢ়া অথচ এতিয়াও তৰুণ হৈ থকা অক্ষয় কুমাৰৰ এই ফিটনেছৰ আঁৰৰ ৰহস্য জানেনে ? নিজকে ফিট কৰি ৰাখিবলৈ তেওঁ যথেষ্ট কষ্ট কৰে ৷
অক্ষয় কুমাৰে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত তেওঁৰ ফিটনেছ সম্পৰ্কীয় ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰি থাকে ৷ তেওঁৰ দৈনিক জীৱনৰ ৰুটিন সন্দৰ্ভতো যথেষ্ট চৰ্চা হোৱা দেখা যায় ৷ শেহতীয়াকৈ তেওঁ ফিটনেছৰ বিষয়ে এক টুইট কৰিছে ৷ মেদবহুলতা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া ভাষণৰ ভিডিঅ’ অক্ষয় কুমাৰে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত শ্বেয়াৰ কৰিছে ৷
তেওঁ কয় যে, মেদবহুলতাৰ বিৰুদ্ধে যুঁজিবলৈ উপযুক্ত টোপনি, প্ৰদূষণমুক্ত বায়ু আৰু সূৰ্যৰ পোহৰ, প্ৰচেছড খাদ্য ত্যাগ, কম তেল আৰু দেশী ঘিঁউৰে তৈয়াৰী খাদ্যৰ প্ৰয়োজন ৷ অক্ষয়ে লগতে সঠিকভাৱে যিকোনো ধৰণৰ ৱৰ্কআউট কৰাৰ পৰামৰ্শ দিয়ে ৷ ‘নিয়মীয়া ব্যায়ামে আপোনাৰ জীৱন সলনি কৰিব’ বুলিও অক্ষয় কুমাৰে লগতে উল্লেখ কৰক ৷ অক্ষয় কুমাৰে শ্বেয়াৰ কৰা ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে মেদবহুলতাৰ ক্ৰমবৰ্ধমান ভাবুকি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে ৷
লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ব্যায়াম আৰু স্বাস্থ্যসন্মত খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিবলৈও পৰামৰ্শ দিছে ৷ তেওঁ কয়, ”প্ৰতিদিনে কিছু সময় উলিয়াই ব্যায়াম কৰক ৷ লগতে খাদ্যত থকা অস্বাস্থ্যকৰ চৰ্বি আৰু তেল হ্ৰাস কৰক ৷ সুষম খাদ্য গ্ৰহণ কৰক ৷ সুস্থ শৰীৰেহে সুস্থ মন আৰু সুস্থ জাতিৰ সৃষ্টি কৰিব পাৰে ৷” উল্লেখ্য যে এক সাক্ষাৎকাৰৰ সময়ত অক্ষয় কুমাৰে নিজকে সুস্থ কৰি ৰাখিবলৈ দৈনিক প্ৰায় আধা ঘণ্টা ধ্যান কৰে বুলি উল্লেখ কৰিছিল ৷