জ্যোতিষশাস্ত্ৰ অনুসৰি ২০২৫ বৰ্ষটোৰ মূল্যাংক হৈছে ৯ অৰ্থাৎ মংগলৰ বছৰ সেয়ে এইবৰ্ষটো ভাৰতবৰ্ষৰ বহু ক্ষেত্ৰত উন্নতি সাধন কৰিব ৷ ২০২৫ বর্ষ দেশ তথা ৰাজ্যৰ বাবে বহুত বেছি ভাল বছৰ ৷ আজি এই সন্দৰ্ভত জ্যোতিষ সম্ৰাট ড৹ পৰশমণি শৰ্মাৰ পৰা বিতংভাৱে জানো আহক-
জন্মৰ তাৰিখৰ অনুসৰি কোনবোৰ লোকৰ বাবে ২০২৫ বৰ্ষটো ভাল হ'ব ?
- যিকোনো ইংৰাজী মাহৰে ১, ১০,১৯ আৰু ২৮ তাৰিখে জন্মগ্ৰহণ কৰা লোকৰ বাবে এই বছৰটো খুবেই বেছি ভাল বুলি ক’ব পাৰি ৷ এইসকল লোকৰ জীৱনলৈ নতুন বছৰটোত বহুতো নতুন নতুন সুযোগ হাতলৈ আহিব ৷
- ২,১১,২০ আৰু ২৯ জন্মগ্ৰহণ কৰা লোকসকলৰ বাবে এই আবেগিক সিদ্ধান্ত লোৱাত কিছু অসুবিধা আহিব পাৰে, সেয়ে তেওঁলোকে সিদ্ধান্তসমূহ গ্ৰহণ কৰাৰ ক্ষেত্ৰত অকণমান সাৱধান হোৱাটো ভাল ৷
- ৩,১২,২১ আৰু ৩০ তাৰিখে জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ বাবেও ২০২৫ বৰ্ষটো খুব বেছি ভাল হ'ব ৷
- ৪,১৩,২২, আৰু ৩১ তাৰিখে জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ এই বছৰটোত খঙৰ পৰিমান বৃদ্ধি হ'ব ৷ খংটো যদি চম্ভালিব নোৱাৰে তেন্তে বিপদ ঘটিব পাৰে ৷ যাত্ৰা কৰাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰাটো ভাল ৷ বিশেষকৈ শনিবাৰ -মঙলবাৰে যাত্ৰা কৰাৰ সময়ত সাৱধান হোৱাটো ভাল হ'ব ৷
- ৫,১৪ আৰু ৩০ তাৰিখে জন্মগ্ৰহণ কৰা লোকসকলৰ বাবেও ২০২৫ বৰ্ষটো বেছি ভালে যাব ৷
- ৬,১৫ আৰু ২৪ তাৰিখে জন্মগ্ৰহণ কৰা লোকসকল এই বছৰটো খুব বেছি ভাল বছৰ বুলি পৰিগণিত হৈছে ৷
- ৭,১৬ আৰু ২৫ তাৰিখে জন্মগ্ৰহণ কৰা লোকসকলে এই বছৰটোত আবেগিক ভাবে কিছু উঠা নমা হ'ব পাৰে ৷
- ৮,১৭ আৰু ২৬ তাৰিখে জন্মগ্ৰহণ কৰা লোকসকলৰ বাবে এই বৰ্ষটো আগতকৈ বহুত বেছি ভাল হ'ব ৷ মাটি-বাৰী ক্ষেত্ৰত যদি কিবা সমস্যা আছিল সেই সমূহ নাইকীয়া হ'ব ৷
- ৯,১৮ আৰু ২৭ তাৰিখে জন্মগ্ৰহণ কৰা লোকসকলৰ বাবে ২০২৫ বৰ্ষটো খুবেই বেছি ভাল হ'ব ৷
- সামগ্ৰীকভাবে চাবলৈ গ'লে ১,৩, ৬ আৰু ৯ নম্বৰ মূল্যাংকৰ ব্যক্তিৰ বাবে ২০২৫ বৰ্ষটো খুবেই বেছি ভাল হ'ব ৷
প্ৰতিকাৰ হিচাপে সমগ্ৰ বৰ্ষটোত কি কৰিব পাৰে ? লগতে কি কি মন্দিৰ দৰ্শন কৰিব ?
২০২৫ বৰ্ষটো ভাল হ'বলৈ প্ৰতিকাৰ হিচাপে সকলো মানুহে যদি এখন ৰঙা ৰুমাল লৈ থাকিব পাৰে ভাল ৷ লগতে হনুমানক পূজা কৰিব পৰিলেও খুব বেছি ভাল ৷ যিহেতু নম্বৰ ৯ৰ বছৰ সেয়ে মঙলবাৰে যদি হনুমান মন্দিৰ দৰ্শন কৰিব পাৰে বা বগলা মন্দিৰ দৰ্শন কৰিব পাৰিলে তেন্তে ভাল ফল লাভ কৰিব ৷ তদুপৰি নৱগ্ৰহ মন্দিত মংগলৰ পূজা কৰিব পাৰে, উজ্জ্বয়ন, মহাকাল বা মংগলধাম মন্দিৰো দৰ্শন কৰিব পাৰে ৷
২০২৫ বৰ্ষটোত বাস্তুৰ ক্ষেত্ৰত কি কৰিব ?
২০২৫ বৰ্ষটোৰ বাস্তুৰ দিশ হৈছে দক্ষিণ দিশ ৷ সেয়ে ঘৰৰ দক্ষিণ দিশটো যিমান পাৰে চাফা কৰি ৰাখিব ৷ ঘৰৰ প্ৰৱেশৰ বা ড্ৰয়েং ৰুমৰ দক্ষিণ দিশত যদি পঞ্চমুখী হনুমানৰ ফটো লগাব পাৰে ৷ ২৪ নম্বৰটো নীলা ৰঙেৰে লিখিব পাৰে ৷ লগতে যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ ব্যৱসায়স্থান দক্ষিণ দিশৰ ৱালত ৷ তিৰুপতি বালাজীৰ ফটো লগাব পাৰিলে ভাল হ'ব ৷