মীন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই বৰ্ষটোৰ প্ৰথম সময়ছোৱাত বহুত বেছি সফলতা পূৰ্বক হ'ব ৷ এই বৰ্ষৰ মাৰ্চ মাহৰ পৰা মীন ৰাশিলৈ শনিৰ সঞ্চাৰ ঘটিব ৷ লগতে এই ৰাশিত ইতিমধ্যে চাৰেছাতি আৰম্ভ হৈছে ৷ সেয়ে ২০২৫ বৰ্ষৰ মাৰ্চ মাহৰ পিচত এই ৰাশিৰ ওপৰত শনিৰ বেয়াকৈ প্ৰভাৱ পৰিব ৷ মানসিক চিন্তা, বেমাৰ-আজাৰ, অতিপাত খৰচ, পৰিয়ালত বেমাৰ আজাৰ, এনেধৰণৰ বিভিন্ন সমস্যা হ'ব পাৰে ৷ কিন্তু বৰ্ষটোৰ আৰম্ভণিতে এই ৰাশিৰ জাতক-জাতিকাসকলৰ সম্পত্তি ক্ৰয়ৰ যোগ আছে ৷
মীন ৰাশিৰ বাবে উত্থান-পতনেৰে ভৰা এক বছৰ হ'ব ২০২৫ বৰ্ষটো এই ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে ৷ কিন্তু যদিও শনিৰ প্ৰভাৱ থাকিব, বৃহস্পতি গোচৰৰ ফলত মে মাহৰ পাচত গৃহ শান্তি হ'ব ৷ পঢ়া শুনাত ভাল হ'ব, বন্ধুৰ পৰা উপকৃত হ'ব পাৰিব, ঘৰুৱা সম্পৰ্কবোৰ ভাল হ'ব, সম্পর্কবোৰ ভাল হ'ব ৷ কিন্তু মে' মাহৰ পাছৰ পৰা স্বামী-স্ত্রীৰ মাজত কাজিয়া, বা ৰোগ ক্ষতি বা দুৰ্ঘটনা এনেবোৰ ঘটনা হ'ব পাৰে ৷
শিক্ষাৰ্থীসকলে বর্ষটোৰ প্ৰথম সময়ছোৱাত ভাল ফল দেখুৱাব পাৰিব ৷ প্ৰেমত বাধা আহিব পাৰে কিন্তু বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব খোজা সম্পৰ্কৰ ক্ষেত্ৰত ভাল হ'ব ৷ বিদেশ ভ্ৰমণত চাকৰিৰ বাবেই হওক বা পঢ়াৰ বাবেই হওক, তেওঁলোকৰ ক্ষেত্ৰত বিভিন্ন বাধা আহিব পাৰে ৷ শত্ৰুৰ পৰা সাৱধান হৈ চলাটো আৱশ্যক, শত্ৰু বৃদ্ধি হ'ব পাৰে ৷ ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত প্ৰথমৱস্থাত ভাল হ'ব কিন্তু পাছৰ সময়ত বাধা আহিব পাৰে ৷