অসম

assam

ETV Bharat / international

আমেৰিকাৰ এম কিউ-9 ড্ৰ’নক আক্ৰমণ হুথি বিদ্ৰোহী গোটৰ

Houthis hit American drone: আমেৰিকাৰ এম কিউ-9 ড্ৰ’নক আক্ৰমণ হুথি বিদ্ৰোহী গোটৰ ৷ য়েমেনৰ আনছাৰ আল্লা (হুথি) আন্দোলনৰ বায়ু প্ৰতিৰক্ষা বাহিনীয়ে আমেৰিকাৰ এম কিউ-9 ড্ৰ’নখন গুলীয়াই ধ্বংস কৰে বুলি বিদ্ৰোহীসকলে এক বিবৃতিযোগে দাবী কৰে । গাজাত 'গণহত্যা' চলোৱা ইজৰাইলক সহায় নকৰিবলৈ সকলো বিদেশী ৰাষ্ট্ৰক সকীয়াই দিছে হুথি বিদ্ৰোহী গোটে ।

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 7:17 AM IST

Updated : Feb 20, 2024, 8:26 AM IST

Yemen's Houthis say they've shot down American MQ-9 UAV over Al Hudaydah
গাজাত গণহত্যা চলোৱা ইজৰাইলক সহায় নকৰিবলৈ বিদেশী ৰাষ্ট্ৰক সকীয়নি হুথী বিদ্ৰোহী গোটৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 20 ফেব্ৰুৱাৰী:আমেৰিকাৰ এম কিউ-9 ড্ৰ’নক আক্ৰমণ হুথি বিদ্ৰোহী গোটৰ ৷ শেহতীয়াকৈ হুথী গোটে দাবী কৰে যে আমেৰিকাৰ এম কিউ-9 ড্ৰ’নখন তেওঁলোকে গুলীয়াই ধ্বংস কৰে । অৱশ্যে আমেৰিকাৰ সেনাই এই অঞ্চলত কোনো ড্ৰ’ন হেৰুৱাৰ কথা বৰ্তমান পৰ্যন্ত নিশ্চিত কৰা নাই ।

বিদ্ৰোহীসকলে এক বিবৃতিযোগে দাবী কৰে যে য়েমেনৰ আনছাৰ আল্লা (হুথি) আন্দোলনৰ বায়ু প্ৰতিৰক্ষা বাহিনীয়ে আমেৰিকাৰ এম কিউ-9 ড্ৰ’নখন গুলীয়াই ধ্বংস কৰে । গোটটোৱে এক বিবৃতিযোগে কয়, "ড্ৰ’নখনে “ইহুদী সত্তাৰ হৈ আমাৰ দেশৰ বিৰুদ্ধে শত্ৰুতাপূৰ্ণ অভিযান চলাই আছে ।” গাজাত 'গণহত্যা' চলোৱা ইজৰাইলক সহায় নকৰিবলৈ সকলো বিদেশী ৰাষ্ট্ৰক সকীয়াই দিছে হুথি বিগ্ৰোহী গোটে ।

ইৰাণ সমৰ্থিত বিদ্ৰোহী গোটটোয়ে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ড্ৰ’নখন গুলীয়াই পেলোৱাৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ পূৰ্বে 2023 চনৰ নৱেম্বৰ মাহত হুথিয়ে য়েমেনৰ উপকূলত লোহিত সাগৰৰ ওপৰেৰে এম কিউ-9 ৰিপাৰ বিমানখনক গুলীয়াই ধ্বংস কৰিছিল।

এইবাৰ হুথিয়ে ড্ৰ’নখন গুলীয়াই হত্যা কৰাৰ দাবীৰ সমৰ্থনত কোনো প্ৰমাণ নিদিলে যদিও সামাজিক মাধ্যমত এটা ভিডিঅ’ই ভাইৰেল হোৱা পৰিলক্ষিত হৈছে । অৱশ্যে এই প্ৰতিবেদন লিখাৰ সময়লৈকে আমেৰিকাই এই দাবীৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই

এম কিউ-9ক ইউ এছ এ এফৰ বায়ুসেনাই দূৰৈৰ পৰা চলোৱা বিমান বা আৰ পি এ বুলি কয় আৰু ই এ-10 থাণ্ডাৰবল্ট IIৰ দৰেই বিশাল । সঠিকভাৱে নিৰ্মাণ কৰিলে ইয়াত আঠটা হেলফায়াৰ মিছাইল আৰু 3750 পাউণ্ড অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াব পাৰি । ইন্ধন শেষ হ’লেও ই প্ৰায় 2000 মাইল যাত্ৰা কৰিব পাৰে।

আমেৰিকাৰ বায়ুসেনাই অঞ্চলটোত চোৰাংচোৱাগিৰি আৰু আক্ৰমণ অভিযানৰ বাবে ব্যৱহাৰ কৰি আহিছে ৰিপাৰছ । হুথিয়ে নিজৰ বিবৃতিত কয় যে ড্ৰ’নখন য়েমেনৰ ওপৰত গুলীচালনা কৰা হৈছে, যাৰ অৰ্থ হ’ব পাৰে যে ইউএভিয়ে দেশখনৰ ওপৰেৰে চোৰাংচোৱা অভিযান চলাই আছে ।

আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ড (চেণ্টকম)ৰ এক প্ৰতিবেদন অনুসৰি 17 ফেব্ৰুৱাৰীত আমেৰিকাৰ সেনাই তিনিটা ভ্ৰাম্যমাণ জাহাজ বিৰোধী ক্ৰুজ মিছাইল, এটা পানীৰ তলৰ ড্ৰ’ন আৰু এখন পৃষ্ঠীয় বাহনৰ বিৰুদ্ধে পাঁচটা আক্ৰমণ চলোৱাৰ পিছতে এই দাবী উত্থাপন হৈছে । সামৰিক বাহিনীৰ মতে, 2023 চনৰ 23 অক্টোবৰৰ পিছত হুথিয়ে পানীৰ তলত প্ৰথমবাৰৰ বাবে ড্ৰ’ন ব্যৱহাৰ কৰে ।

এম কিউ-9 ৰিপাৰৰ ক্ষতি যদি নিশ্চিত হয় তেন্তে আমেৰিকাৰ বাবে আন এক বিপৰ্যয় হ’ব পাৰে । অত্যাধুনিক ক্ষমতাসম্পন্ন নাও 3 কোটি ডলাৰৰ ড্ৰ’নখনক 10 হাজাৰ ডলাৰৰ ক্ষেপণাস্ত্ৰই খুন্দিয়াই পেলোৱাটো আমেৰিকাৰ বাবে এক ডাঙৰ বিপৰ্যয় হ’ব । নৱেম্বৰৰ পিছত এইটোৱেই হ’ব ৰিপাৰৰ তৃতীয়টো পৰাজয় । যোৱা মাহত ইৰাকত এখন এম কিউ-9 ৰিপাৰ বিমান গুলীয়াই ধ্বংস কৰা হৈছিল ।

সেই সময়ত বালাড এয়াৰ বেছৰ সমীপত এখন ড্ৰ’ন দুৰ্ঘটনাগ্ৰস্ত হৈ ইৰাকৰ নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰে । ইৰাণ সমৰ্থিত ইৰাকী অসামৰিক এটা গোট – ইৰাকৰ ইছলামিক ৰেজিষ্টেন্সে এই গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰিছিল ।

আমেৰিকাৰ উপৰিও ইয়াৰ মিত্ৰ যুক্তৰাজ্যই হুথিৰ হাতত ব্যাপক আঘাতৰ সন্মুখীন হোৱাৰ লগতে 19 ফেব্ৰুৱাৰীত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত আন এখন বাণিজ্যিক জাহাজ হেৰুৱাইছিল ।

লগতে পঢ়ক:লোহিত সাগৰত সন্ত্ৰাস; য়েমেনৰ হুথি বিদ্ৰোহীক বিশ্ব সন্ত্ৰাসবাদী ঘোষণা আমেৰিকাৰ

Last Updated : Feb 20, 2024, 8:26 AM IST

ABOUT THE AUTHOR

...view details