টকিঅ’:গিনিজ ৱৰ্ল্ড ৰেকৰ্ড অনুসৰি বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে পৰিগণিত হোৱা জাপানী মহিলা টমিকো ইটুকাৰ ১১৬ বছৰ বয়সত মৃত্যু হয় । ২৯ ডিচেম্বৰত হ্যোগো প্ৰিফেকচাৰৰ এখন নাৰ্চিং হোমত মৃত্যু ঘটে ইটুকাৰ । ইটুকাৰৰ গৃহ চহৰ আছিয়াৰ বৃদ্ধ নীতিৰ দায়িত্বত থকা বিষয়া যোছিটছুগু নাগাটাই শনিবাৰে এই কথা জানিবলৈ দিয়ে ৷
ইটুকাৰ মৃত্যু বয়সজনিত কাৰণত হোৱা বুলি কোৱা হৈছে । ১৯০৮ চনৰ ২৩ মে’ত পশ্চিম জাপানৰ আছিয়া চহৰত ইটুকাৰ জন্ম হৈছিল । ৩ গৰাকী ভাই-ভনীৰ ভিতৰত তেওঁ আছিল জ্যেষ্ঠ । ২০ বছৰ বয়সত ইটুকাৰ বিবাহ হৈছিল । তেওঁ দুগৰাকী কন্যা আৰু দুজন পুত্ৰ সন্তানৰ আৰ্শীবাদ লাভ কৰিছিল ৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইটুকাই স্বামীৰ বস্ত্ৰ কাৰখানাৰ কাৰ্যালয় পৰিচালনা কৰিছিল । কিন্তু ১৯৭৯ চনত ইটুকাৰ স্বামীৰ মৃত্যু হয় ।
স্বামীৰ মৃত্যুৰ পিছত তেওঁ নাৰাত অকলে বাস কৰিছিল ৷ মৃত্যুৰ সময়ত তেওঁ এজন পুত্ৰ আৰু এগৰাকী কন্যা আৰু পাঁচটি নাতি-নাতিনীক ইহসংসাৰত এৰি থৈ যায় ।
২০২৪ চনৰ আগষ্ট মাহত ১১৭ বছৰ বয়সত স্পেইনৰ মাৰিয়া ব্ৰানিয়াছ মৰেইৰাৰ মৃত্যুৰ পিছত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে ইটুকাক বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে স্বীকৃতি দিয়ে । ইটুকাক বিশ্ব ছুপাৰচেণ্টেনাৰিয়ান ৰেংকিং লিষ্টৰ শীৰ্ষত থকা কথা অৱগত কৰোৱাৰ পাছত তেওঁৰ একমাত্ৰ উত্তৰ আছিল, ‘ধন্যবাদ’ ৷ যোৱা বছৰ ইটুকাক জন্মদিনত মেয়ৰে ফুল, কেক আৰু কাৰ্ড দি তেওঁক শুভেচ্ছা জনাইছিল ।
আছিয়াৰ ২৭ বছৰীয়া মেয়ৰ ৰিয়াছুকে তাকাছিমাই বিবৃতিত কয়, "ইটুকাই তেওঁৰ দীৰ্ঘ জীৱনৰ জৰিয়তে আমাক সাহস আৰু আশা দিছিল । তাৰ বাবে আমি তেওঁক ধন্যবাদ জনাইছো ।”
তিনিগৰাকী ভাই-ভনীৰ মাজৰ এগৰাকী আছিল ইটুকা, যাক বিশ্বযুদ্ধ আৰু মহামাৰীৰ বিভীষিকাৰ লগতে প্ৰযুক্তিগত বিপদে বিশ্বক ঘেৰি ধৰা সময়খিনিৰ সাক্ষী বুলিব পাৰি ৷ ইটুকা হাইস্কুলত ভলীবল খেলুৱৈ আছিল আৰু তেওঁ ৩,০৬৭ মিটাৰ (১০,০৬২ ফুট) মাউণ্ট অন্টাকত দুবাৰ আৰোহণ কৰিছিল ৷ মেয়ৰৰ বিবৃতি অনুসৰি ইটুকাই বৃদ্ধকালীন সময়ছোৱাত কল আৰু জাপানত জনপ্ৰিয় গাখীৰৰ দৰে শীতল পানীয় কেলপিছ সেৱন কৰিছিল ।
জাপানত মহিলাসকল সাধাৰণতে দীৰ্ঘায়ু হয় ৷ ইয়াৰ ফলত কিন্তু দেশখনে জনগাঁথনিগত সংকটৰ সন্মুখীন হৈছে ৷ কাৰণ বৃদ্ধি পোৱা বৃদ্ধ জনসংখ্যাৰ ফলত চিকিৎসা আৰু কল্যাণমূলক খৰচ আকাশলংঘী হৈ পৰিছে, যাৰ বাবে শ্ৰম শক্তি হ্ৰাস পাইছে । ছেপ্টেম্বৰ মাহলৈকে জাপানত ১০০ বছৰ বা তাতকৈ অধিক বয়সৰ ৯৫ হাজাৰতকৈ অধিক লোক আছিল, ইয়াৰে ৮৮ শতাংশ মহিলা । দেশখনৰ ১২৪ নিযুত লোকৰ ভিতৰত প্ৰায় এক তৃতীয়াংশৰ বয়স ৬৫ বছৰ বা তাতকৈ অধিক ।
যোছিটছুগু নাগাটাই জনোৱা মতে, পৰিয়াল আৰু বন্ধু-বান্ধৱী উপস্থিত থাকি ইটুকাৰ শেষকৃত্য সম্পন্ন কৰা হয় । জেৰ’ণ্ট’লজী ৰিচাৰ্চ গ্ৰুপৰ মতে, ইটুকাৰ পিছত বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তিজন হৈছে ব্ৰাজিলৰ ১১৬ বছৰীয়া নন ইনাহ কানাবাৰো লুকাছ ৷ ইটুকাৰ জন্মৰ ১৬ দিন পিছত তেওঁৰ জন্ম হৈছিল ।
লগতে পঢ়ক:কেলিফৰ্ণিয়াত বিমান দুৰ্ঘটনা; ২ জনৰ মৃত্যু