নেশ্যনেল ডেস্ক, 31 জুলাই:আজি 31জুলাই,বিশ্ব ৰেঞ্জাৰ দিৱস ৷ জীৱ-জন্তু আৰু প্ৰকৃতিৰ সুৰক্ষাৰ বাবে কঠোৰ পৰিশ্ৰম কৰা সাহসী লোকসকলক সন্মান জনোৱা হয় আজিৰ দিনটোত । বিপন্ন প্ৰজাতি আৰু ভংগুৰ পৰিৱেশ ৰক্ষাৰ বাবে তেওঁলোকে সকলো সময়তে কাম কৰে । তেওঁলোকৰ অদম্য কাম আৰু সংৰক্ষণৰ অভিযানৰ প্ৰতি অটল সমৰ্পণ স্বীকৃতি আৰু সন্মানৰ যোগ্য ।
ইতিহাস
বিশ্ব ৰেঞ্জাৰ দিৱসৰ ইতিহাস আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় ৰেঞ্জাৰ ফেডাৰেচন (আই আৰ এফ)ৰ পৰা, যিটো গোটে 1992 চনত সমগ্ৰ বিশ্বৰ উদ্যান ৰেঞ্জাৰসকলৰ প্ৰচেষ্টাক আগুৱাই নিয়াৰ আৰু সমৰ্থন কৰাৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰা হৈছিল । এই দিনটো প্ৰথমতে 2007 চনত কংগো গণতান্ত্ৰিক গণৰাজ্যৰ ভিৰুংগা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত অৱস্থাত এক মৰ্মান্তিক ঘটনাত মৃত্যু হোৱা 8 জন ৰেঞ্জাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে পালন কৰা হৈছিল । বছৰ বছৰ ধৰি বিশ্ব ৰেঞ্জাৰ দিৱস ৰেঞ্জাৰসকলৰ কামক সন্মান জনোৱা আৰু তেওঁলোকে কৰ্তব্য পালনৰ সময়ত সন্মুখীন হোৱা বাধা-প্ৰত্যাহ্বান নেওচি কাম সম্পন্ন কৰি তোলাৰ বাবে বিশ্ব ৰেঞ্জাৰ দিৱস এক বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানলৈ পৰিণত হৈছে ।
2024 চনৰ বিষয়বস্তু
2024 চনৰ বিশ্ব ৰেঞ্জাৰ দিৱসৰ বিষয়বস্তু হৈছে ‘30 বাই 30’, যিটো 2022 চনৰ ৰাষ্ট্ৰসংঘৰ জৈৱ বৈচিত্ৰ্য সন্ধি (COP15)ৰ আধাৰত নিৰ্মাণ কৰা হৈছে, য’ত বিশ্বৰ নেতা আৰু সিদ্ধান্ত গ্ৰহণকাৰীসকলে গ্ল’বেল বায়’ডাইভাৰচিটি ফ্ৰেমৱৰ্কত সন্মতি প্ৰকাশ কৰিছিল ।