ৱাশ্বিংটন :আমেৰিকাই শুকুৰবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ আন্তৰ্জাতিক অপৰাধ আদালতৰ (আইচিচি) সিদ্ধান্ত নাকচ কৰে । হোৱাইট হাউচৰ প্ৰেছ সচিব কেৰিণ জিন-পিয়েৰে এক সংবাদমেলত এই সিদ্ধান্ত সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কয়, "আমি ইজৰাইলৰ জ্যেষ্ঠ বিষয়াসকলৰ বাবে গ্ৰেপ্তাৰ ৱাৰেণ্ট জাৰি কৰাৰ আদালতৰ সিদ্ধান্তক মৌলিকভাৱে অস্বীকাৰ কৰিছো ।" অধিবক্তা তথা আদালতৰ খৰখেদা প্ৰক্ৰিয়া আৰু ত্ৰুটিবোৰৰ সমালোচনাও কৰে প্ৰেছ সচিব কেৰিণ জিন-পিয়েৰে ।
জিন-পিয়েৰে লগতে কয় যে আমেৰিকাই এই বিষয়ত আইচিচিৰ অধিকাৰৰ অভাৱৰ বিষয়ে স্পষ্ট । তেওঁৰ মতে অধিবক্তাই যিয়ে নকওক কোনো প্ৰমাণ নাই । ইজৰাইল আৰু হামাছৰ মাজত কোনো প্ৰমাণ নাই । ইফালে হোৱাইট হাউচে পৰৱৰ্তী পদক্ষেপৰ আলোচনাৰ বাবে ইজৰাইলকে ধৰি ইয়াৰ অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠভাৱে সহযোগিতা কৰি আছে । উল্লেখ্য যে আইচিচিৰ অভিযোগৰ মাজতে আমেৰিকাই ইজৰাইলৰ প্ৰতি সমৰ্থন প্ৰদৰ্শন কৰি আছে । তেনে সময়তে আমেৰিকাৰ এই ঘোষণাই বিশ্বজুৰি চৰ্চা লাভ কৰিছে ।
নেতান্যাহু আৰু গেলেণ্টৰ বিৰুদ্ধে আইচিচিৰ গ্ৰেপ্তাৰী পৰোৱানা
বৃহস্পতিবাৰে আইচিচিয়ে নেতান্যাহু আৰু গেলেণ্টৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰি তেওঁলোকৰ বিৰুদ্ধে "মানৱতাৰ বিৰুদ্ধে অপৰাধ আৰু যুদ্ধ অপৰাধ"ৰ অভিযোগ উত্থাপন কৰে । অভিযোগসমূহৰ ভিতৰত আছে গাজাত অসামৰিক লোকসকলক লক্ষ্য কৰি লোৱা আৰু অনাহাৰৰ নীতি বলবৎ কৰা ।