ৱাশ্বিংটন :আমেৰিকাৰ বিদেশ বিভাগে ইজৰাইলক হাজাৰ হাজাৰ বোমা আৰু মিছাইলকে ধৰি ৭ বিলিয়ন ডলাৰৰো অধিক মূল্যৰ অস্ত্ৰ-শস্ত্ৰ বিক্ৰী কৰাৰ পৰিকল্পনাৰ কথা আমেৰিকান কংগ্ৰেছক আনুষ্ঠানিকভাৱে জনাইছে । ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে হোৱাইট হাউছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক সাক্ষাৎ কৰাৰ মাত্ৰ দুদিন পিছতে এই পৰিকল্পনাৰ কথা প্ৰকাশ কৰা হৈছে ।
আনহাতে, এই বৃহৎ পৰিমাণৰ অস্ত্ৰ বিক্ৰী পৰিকল্পনা ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি চুক্তি চলি থখাৰ মাজতে আহিছে । যাৰ বাবে এই যুদ্ধবিৰতি চুক্তিৰ স্থায়িত্ব সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে । আনহাতে, ট্ৰাম্পে সকলো পেলেষ্টাইনীক গাজাৰ পৰা স্থানান্তৰিত কৰিবলৈ আৰু গাজাক এক আন্তৰ্জাতিক পৰ্যটন ক্ষেত্ৰ হিচাপে পুনৰ বিকশিত কৰাৰ এক প্ৰস্তাৱো আনিছে, যাৰ ওপৰত বিশ্বজুৰি ব্যাপক সমালোচনা হৈছে ।
উল্লেখ্য যে, এই অস্ত্ৰ বিক্ৰী পদক্ষেপ হৈছে ইজৰাইলৰ অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ শক্তিশালী কৰাৰ বাবে ট্ৰাম্পৰ প্ৰচেষ্টাৰ আন এক পদক্ষেপ । জানুৱাৰী মাহৰ শেষৰ ফালে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে ট্ৰাম্পে ইজৰাইললৈ ২,০০০ পাউণ্ডৰ বোমা প্ৰেৰণৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লৈছিল ।
বাইডেন প্ৰশাসনে অসামৰিক লোকৰ ওপৰত হ'ব পৰা সম্ভাৱ্য আক্ৰমণ বিশেষকৈ দক্ষিণ গাজা চহৰ ৰাফাত হোৱা আক্ৰমণৰ সময়ত হতাহতৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি এই বোমা প্ৰেৰণৰ সিদ্ধান্ত স্থগিত ৰাখিছিল । ইফালে ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে তেওঁ এইবোৰ ইজৰাইললৈ মুকলি কৰি দিছে, কাৰণ তেওঁলোকে সেইবোৰ ক্ৰয় কৰিছিল ।