ইছলামাবাদ: আমেৰিকা, ব্ৰিটেইন আৰু কানাডাৰ পৰা অহা শিখ তীৰ্থযাত্ৰীসকলক ৩০ মিনিটৰ ভিতৰত বিনামূলীয়া অনলাইন ভিছা দিয়া হ’ব বুলি পাকিস্তানে প্ৰকাশ কৰিছে । বৃহস্পতিবাৰে লাহোৰত পাকিস্তানৰ গৃহমন্ত্ৰী মহছিন নাকৱীয়ে শিখ তীৰ্থযাত্ৰীৰ ৪৪ জনীয়া বিদেশী প্ৰতিনিধি দলক সাক্ষাৎ কৰাৰ পিছত এই তথ্য সদৰী কৰে ।
এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে মন্ত্ৰীগৰাকীয়ে শিখ তীৰ্থযাত্ৰীসকলক উষ্ম আদৰণি জনাইছে । তেওঁ লগতে স্বীকাৰ কৰে যে পূর্বে শিখ তীর্থযাত্ৰীসকলে পাকিস্তানলৈ যাওঁতে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷
মন্ত্ৰী নকৱীয়ে কয় যে চৰকাৰে শিখসকলৰ বাবে ভিছা প্ৰক্ৰিয়া অনলাইন কৰি সহজ কৰি তুলিছে । তেওঁ কয় যে আমেৰিকা, কানাডা আৰু ব্ৰিটেইনৰ পাছপ’ৰ্টধাৰীয়ে অনলাইনযোগে আবেদন কৰিব পাৰিব আৰু তেওঁলোকে কোনো মাচুল নোহোৱাকৈ ৩০ মিনিটৰ ভিতৰত ভিছা লাভ কৰিব ।