ইণ্টাৰনেচনেল ডেস্ক, ৬ ফেব্ৰুৱাৰী :দক্ষিণ লোহিত সাগৰৰ মাজত পুনৰ এখন জাহাজৰ ওপৰত মঙলবাৰে পুৱতি নিশা সন্দেহযুক্ত য়েমেন হুথি বিদ্ৰোহী ড্ৰ'ণেৰে আক্ৰমণ কৰা বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে । গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধক লৈ হুথী বাহিনীয়ে জাহাজসমূহক লক্ষ্য কৰি কৰা চলাই থকা এইটো হৈছে শেহতীয়া আক্ৰমণৰ ঘটনা ।
ব্ৰিটিছ সামৰিক বাহিনীৰ ব্ৰিটেইন সামুদ্ৰিক বাণিজ্য অভিযানে কয় যে এই আক্ৰমণটো য়েমেনৰ হোদেইদাৰ পশ্চিমে সংঘটিত হয় আৰু এই আক্ৰমণত জাহাজখনৰ খিৰিকীৰ সামান্য ক্ষতি হৈছে । আক্ৰমণৰ পূৰ্বে এখন সৰু জাহাজ জাহাজখনৰ ওচৰত আছিল বুলিও লগতে কোৱা হৈছে ।
ব্যক্তিগত নিৰাপত্তা প্ৰতিষ্ঠান আম্ব্ৰেয়ে এই জাহাজখনক বাৰ্বাডোছৰ পতাকাযুক্ত ব্ৰিটেইনৰ মালিকানাধীন মালবাহী জাহাজ বুলি চিনাক্ত কৰিছে । অৱশ্যে আক্ৰমণটোত জাহাজখনত থকা কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই যদিও জাহাজখনৰ সামান্য ক্ষতি হৈছে । প্ৰতিষ্ঠানটোৱে লগতে কয় । অৱশ্যে কোনো গোটে তাৎক্ষণিকভাৱে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই । অৱশ্যে য়েমেনৰ ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীসকলৰ ওপৰত তাৎক্ষণিকভাৱে এই আক্ৰমণৰ সন্দেহৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে, বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা বিদ্ৰোহীসকলে হামাছৰ বিৰুদ্ধে গাজাত ইজৰাইলৰ আক্ৰমণক লৈ লোহিত সাগৰত বাৰে বাৰে জাহাজক আক্ৰমণৰ লক্ষ্য কৰি আহিছে । কিন্তু তেওঁলোকে প্ৰায়ে দুৰ্বল বা ইজৰাইলৰ সৈতে কোনো স্পষ্ট সম্পৰ্ক নথকা জাহাজবোৰকহে লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে । যাৰ ফলত এছিয়া, মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ মাজত বাণিজ্যৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পথত জাহাজ চলাচল বিপদাপন্ন হৈছে ।