ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ মাৰ্চ : ৰাছিয়াৰ ৰাজধানী মস্কোৰ কনচাৰ্ট হলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ পাচত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ৰাষ্ট্ৰীয় শোক ঘোষণা কৰি এই সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ইউক্ৰেইনক জগৰীয়া কৰে । জাতিটোক উদ্দেশ্যি দিয়া ভাষণত পুটিনে দৃঢ়তাৰে কয় যে সন্ত্ৰাসবাদীসকলে বিপুল সংখ্যক মৃত্যুৰ বাবে গুৰুতৰ পৰিণতি আৰু প্ৰতিশোধৰ সন্মুখীন হ’ব লাগিব । তেওঁ কয় যে ৰাছিয়ানসকলক নাজী শৈলীৰ নিষ্ঠুৰ আক্ৰমণত গুলীয়াই হত্যা কৰা হৈছিল ।
মস্কোৰ কনচাৰ্ট হলত শুকুৰবাৰে সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪৩ জনলৈ বৃদ্ধি পাইছে ৷ মৃতকৰ ভিতৰত তিনিটা শিশুও আছে ৷ ইফালে এই আক্ৰমণৰ সৈতে ‘প্ৰত্যক্ষভাৱে’ জড়িত বুলি দাবী কৰা চাৰিজন ‘সন্ত্রাসবাদী’কে ধৰি ১১ জন লোকক ৰাছিয়াৰ চোৰাংচোৱা সংস্থাই আটক কৰিছে ৷ সন্ত্ৰাসবাদী সহযোগীক চিনাক্ত কৰি আক্ৰমণৰ সকলো পৰিস্থিতি প্ৰতিষ্ঠা কৰাৰ বাবে কাম চলি আছে ৷ ৰাছিয়াৰ ফেডাৰেল ছিকিউৰিটি ছাৰ্ভিচৰ (এফএছবি) বিবৃতিৰ উদ্ধৃতি দি টাছে শনিবাৰে প্ৰকাশ কৰে এই কথা । ইফালে ইছলামিক ষ্টেটে এই গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰিছে ।
শনিবাৰে ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমে শ্বেয়াৰ কৰা ছবিত দেখা গৈছে যে মস্কোৰ পশ্চিম প্ৰান্তত থকা ক্ৰাছনোগৰ্স্কৰ ৬ হাজাৰতকৈ অধিক লোকৰ ক্ষমতা থকা শ্বপিং মল আৰু সংগীত স্থান ক্ৰকাছ চিটি হলৰ ধ্বংসাৱশেষৰ বাহিৰত এতিয়াও জৰুৰীকালীন বাহনৰ এটা বহৰ গোট খাই আছে ৷ ৰাছিয়াৰ নিৰাপত্তা সেৱাৰ মুৰব্বী আলেকজেণ্ডাৰ বৰ্টনিকোভে ৰিয়াছৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক জনাইছে যে এই আক্ৰমণৰ সৈতে জড়িত এঘাৰজন লোকক আটক কৰা হৈছে । ক্ৰেমলিনে কয় যে আটক কৰাসকলৰ ভিতৰত আছে “ক্ৰ’কাছত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত চাৰিওজন সন্ত্ৰাসবাদী” ।