অসম

assam

হাস্পতালত আক্ৰমণ দুবৃৰ্ত্তৰ; বৰ্তমান পৰ্যন্ত মৃত্যু 10 জনৰ - China hospital attack

By ANI

Published : May 7, 2024, 10:35 PM IST

China hospital attack: হাস্পতালত চুৰীৰে আক্ৰমণ দুবৃৰ্ত্তৰ ৷ বৰ্তমান পৰ্যন্ত মৃত্যু ঘটিছে 10 জনৰ ৷ 21 জন আহত ৷ আহতসকলক চিকিৎসালয়লৈ প্ৰদান ৷

several dead and wounded in A knife attack in southwest China hospital
হাস্পতালত আক্ৰমণ দুবৃৰ্ত্তৰ; বৰ্তমান পৰ্যন্ত মৃত্যু 10 জনৰ (Etv bharat assam)

ইণ্টাৰনেশ্যনেল ডেস্ক, 7 মে’:চীনত নৃশংস ঘটনা ৷চিকিৎসালয়ত আক্ৰমণ দুৰ্বৃত্তৰ ৷ ছিনহুয়া নিউজে প্ৰকাশ কৰা অনুসৰি মঙলবাৰে চীনৰ দক্ষিণ-পশ্চিম ইউনান প্ৰদেশৰ জেনছয়ং কাউন্টিৰ এখন চিকিৎসালয়ত সংঘটিত হয় এই আক্ৰমণৰ ঘটনাটো ৷ এই ঘটনাত বৰ্তমান পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা দহজনলৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে ।

চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি স্থানীয় ছিনহুয়া নিউজে প্ৰকাশ কৰা অনুসৰি, “হিংসাত্মক কাণ্ড” বুলি অভিহিত এই আক্ৰমণটো জেনছয়ং কাউন্টিৰ এখন স্থানীয় চিকিৎসালয়ত সংঘটিত হৈছে । এই ঘটনাত প্ৰথমাৱস্থাত কমেও দুজন লোকৰ মৃত্যু হোৱাৰ লগতে 21 জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছিল ।

আহতসকলক লগে লগে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ তীৰ পাচতেই মৃত লোকৰ সংখ্যা 10 জনলৈ বৃদ্ধি পায় ৷

গুইঝৌ টেলিভিছনৰ উদ্ধৃতি দি চি এন এনে প্ৰকাশ কৰা অনুসৰি, “ঘটনাস্থলীৰ পৰা ভাইৰেল হোৱা একাধিক ভিডিঅ’ত দেখা গৈছে যে এজন সন্দেহজনক লোকক নিকটৱৰ্তী ৱেলনেছ চেণ্টাৰত আৰক্ষীয়ে আটক কৰিছে ।”

অধিক তথ্য সংগ্ৰহৰ বাবে কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ আটক কৰা সন্দেহযুক্ত লোকজন সঁচাকৈয়ে আক্ৰমণকাৰী হয় নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

চীনৰ চৰকাৰী সংবাদ মাধ্যম দ্য পেপাৰৰ সমুখত এজন প্ৰত্যক্ষদৰ্শীয়ে সমগ্ৰ পৰিস্থিতি বিশৃংখল বুলি অভিহিত কৰিছে বুলি চি এন এনে প্ৰকাশ কৰিছে ।

উল্লেখ কৰা প্ৰয়োজন যে, নাগৰিকক মাৰণাস্ত্ৰ ৰখাৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা চীন দেশত গণ হিংসাত্মকজনিত অপৰাধ বিৰল যদিও শেহতীয়া বছৰবোৰত ছুৰীকাঘাতৰ ঘটনা বহু সংঘটিত হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:খালিস্তানপন্থী নিজ্জাৰক হত্যাৰ সন্দেহত গ্ৰেপ্তাৰ 3 ভাৰতীয় নাগৰিক - Nijjar Murder latest update

ABOUT THE AUTHOR

...view details