পশ্চিম আলাস্কা : সাৱধান ! আপুনি যদিহে সঘনে বিমানেৰে যাত্ৰা কৰে তেন্তে এই বাতৰি আপোনাৰ বাবে ৷ পুনৰ সংঘটিত হৈছে আন এক বিমান দুৰ্ঘটনা ৷ সংবাদ সংস্থা PTI ত উল্লেখ কৰা মতে, এই বিমান দুৰ্ঘটনাৰ ফলত যাত্ৰীবাহী বিমানত থকা ১০ জন লোকৰ আটাইকেইজনৰে মৃত্যু হৈছে ।
ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত বিমানখন বিচাৰি অভিযান চলাই থকা হৈছে যদিও বাতৰি লিখা পৰলৈকে এই ঘটনা সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই ৷ Xত বিষয়াসকলে জনোৱা মতে, প্ৰথমাৱস্থাত আমেৰিকাৰ ক’ষ্ট গাৰ্ডৰ HC-130 হাৰকিউলিছৰ ক্ৰুৱে হোয়াইট মাউণ্টেন আৰু নোমৰ মাজৰ অঞ্চলত তালাচী চলাই যদিও নিৰুদ্দেশ হোৱা বিমানখনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল ৷ ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডৰ মুখপাত্ৰই কয় যে সংস্থাটোৱে সামগ্ৰিক পৰিস্থিতি নিৰীক্ষণ কৰি আছে।
অ’ ৰ’ৱ, এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এই দুৰ্ঘটনা পিছে অসম বা ভাৰতত হোৱা নাই ৷ এই দুৰ্ঘটনা সংঘটিত হৈছে আমেৰিকাৰ আলাস্কা ৰাজ্যত ৷
পশ্চিম আলাস্কাত হাব কমিউনিটি নোমেলৈ যোৱাৰ পথতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখনত থকা ১০ জন লোকৰে মৃত্যু হোৱা বুলি কৰ্তৃপক্ষই জনায় । আলাস্কাৰ জনসাধাৰণৰ সুৰক্ষা বিভাগৰ তথ্য অনুসৰি বৃহস্পতিবাৰে বিয়লি উনালাক্লিটৰ পৰা বেৰিং এয়াৰৰ একক ইঞ্জিনৰ টাৰ্বোপ্ৰপ বিমানখনে ৯ জন যাত্ৰী আৰু এজন পাইলট লৈ যাত্ৰা কৰিছিল ।