অসম

assam

ETV Bharat / international

জাৰ্মানীৰ সংসদত প্ৰথমবাৰৰ বাবে দীপাৱলী উদযাপন - DIWALI EVENT IN GERMANY PARLIAMENT

জাৰ্মানীৰ শ্বলেছৱিগ-হোলষ্টেইন প্ৰদেশৰ সংসদত প্ৰথমবাৰৰ বাবে পোহৰৰ উৎসৱ দীপাৱলী অনুষ্ঠান উদযাপন ৷

Germany: Schleswig-Holstein Province celebrates first-ever Diwali event in Parliament
দীপাৱলী উদযাপন (ANI)

By ANI

Published : Nov 25, 2024, 7:38 AM IST

লণ্ডন : জাৰ্মানীৰ শ্বলেছৱিগ-হলষ্টেইন প্ৰদেশে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ সংসদত হিন্দুসকলৰ পবিত্ৰ পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰি এক ইতিহাস ৰচনা কৰে । অৰ্শন বাৰ্গ অঞ্চলৰ বাসিন্দা ৰাকেশ ভেউলিৰ নেতৃত্বত ভাৰতীয় জনগোষ্ঠীৰ লোকসকলে এই দীপাৱলী উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে বুলি সংবাদ সংস্থা ANI ৰ বাতৰিত প্ৰকাশিত হৈছে ৷

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি টবিয়াছ আৰু উপ-বাণিজ্য মন্ত্ৰী জুলিয়া কাৰ্ষ্টেনৰ লগতে CDU ৰ অন্যান্য নেতা আৰু স্থানীয় দলৰ কৰ্মীসকলে ভাৰতীয় সম্প্ৰদায় তথা ইয়াৰ সংস্কৃতিৰ অৱদানক প্ৰশংসা কৰে । বহু সংখ্যক ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়েও এই দীপাৱলী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা যায় ।

উক্ত অনুষ্ঠানত ভাৰতীয় সংস্কৃতিৰ এক জীপাল প্ৰদৰ্শনৰ লগতে পঞ্জাবৰ ভাংৰা নৃত্যও প্ৰদৰ্শন কৰা হয় ৷

ইয়াৰ পূৰ্বে হামবাৰ্গত থকা ভাৰতীয় বাণিজ্য দূতভাষে Xৰ জৰিয়তে এটা পোষ্ট শ্বেয়াৰ কৰি কয়, "@IndiaInHamburg ৰ সৈতে মিলি শ্বলেছৱিগ-হলষ্টেইনৰ চিডিইউৰ সংসদীয় গোটে আপোনাক CDU-ফ্ৰেকচন, লেণ্ডেছহাউছ কিলত পোহৰৰ উৎসৱ দীপাৱলীৰ উদযাপন কৰিবলৈ লৈছো ৷ ইয়াত সকলোকে যোগদান কৰাৰ লগতে আনন্দ-স্ফূৰ্তি কৰি এটা সন্ধিয়া সকলোৱে একেলগে উদযাপন কৰিবলৈ আদৰণি জনাইছো !"

ইফালে, ভাৰত-জাৰ্মানীৰ ২৫ বছৰীয়া কৌশলগত অংশীদাৰিত্ব উপলক্ষে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৌশলগত অংশীদাৰিত্বৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি ইউৰোপক বাণিজ্য আৰু ভূ-ৰাজনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ কৌশলগত অঞ্চল বুলি অভিহিত কৰে । তেওঁ লগতে জাৰ্মানীক ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰ বুলিও অভিহিত কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে News9 Global Summit ৰ ভাষণত কয়, "এই সন্মিলনৰ বিষয়বস্তু হৈছে ভাৰত-জাৰ্মানী: বহনক্ষম বৃদ্ধিৰ বাবে এক ৰোডমেপ । এই বিষয়বস্তু দুয়োখন দেশৰ দায়িত্বশীল অংশীদাৰিত্বৰ প্ৰতীক ।"

তেওঁ লগতে কয়, "ভূ-ৰাজনৈতিক সম্পৰ্ক আৰু বাণিজ্য আৰু বিনিয়োগ দুয়োটা দিশতে ইউৰোপ ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ কৌশলগত অঞ্চল আৰু জাৰ্মানী আমাৰ অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰ । ভাৰত-জাৰ্মান কৌশলগত অংশীদাৰিত্বই ২০২৪ চনত ২৫ বছৰ সম্পূৰ্ণ কৰিছিল আৰু এই বছৰটো এই অংশীদাৰিত্বৰ বাবে ঐতিহাসিক আৰু বিশেষ হৈ পৰিছে ।"

উল্লেখযোগ্য যে জাৰ্মানী ইউৰোপৰ ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ দেশ । জাৰ্মানীৰ বাৰ্লিনত থকা ভাৰতৰ দূতাবাসৰ মতে, ২০২০-২১ বিত্তীয় বৰ্ষত (২০২১-২২ বিত্তীয় বৰ্ষৰ ভিতৰত ২০২১ চনৰ অক্টোবৰলৈকে দশম) ই ধাৰাবাহিকভাৱে ভাৰতৰ শীৰ্ষ দহটা বিশ্ব অংশীদাৰ দেশৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আহিছে । (ANI)

লগতে পঢ়ক :আমেৰিকান শীৰ্ষ নেতাৰ দেৱালীৰ শুভেচ্ছা জ্ঞাপন

ABOUT THE AUTHOR

...view details