ইণ্টাৰনেশ্যনেল ডেস্ক, ১১ মাৰ্চ :পাকিস্তানৰ ৰাষ্ট্ৰপতি আচিফ জাৰ্দাৰীয়ে তেওঁৰ কন্যা আচিফা ভুট্টোক দেশৰ ফাৰ্ষ্ট লেডী হিচাপে আনুষ্ঠানিক স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰাৰ কথা জানিব পৰা গৈছে । এগৰাকী পাকিস্তানী ৰাষ্ট্ৰপতিয়ে প্ৰথমবাৰৰ বাবে তেওঁৰ কন্যাক ফাৰ্ষ্ট লেডী পদৰ বাবে ঘোষণা কৰিব । কিয়নো সাধাৰণতে ৰাষ্ট্ৰপতিৰ পত্নীক এই উপাধি প্ৰদান কৰা হয় ।
আচিফা ভুট্টোক ফাৰ্ষ্ট লেডীৰ সন্মানীয় পদলৈ উন্নীত কৰাৰ লগে লগে ই দেশৰ ৰাজনৈতিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে চিহ্নিত হ'ব । সূত্ৰই দাবী কৰা মতে ৰাষ্ট্ৰপতি জাৰ্দাৰীয়ে আচিফা ভুট্টোক পাকিস্তানৰ ফাৰ্ষ্ট লেডী হিচাপে ঘোষণা কৰিব ।
আনুষ্ঠানিক ঘোষণাৰ পিচত আচিফা ভুট্টো জাৰ্দাৰীক ফাৰ্ষ্ট লেডীৰ বাবে উপযুক্ত প্ৰটোকল আৰু বিশেষাধিকাৰ প্ৰদান কৰা হ'ব । এই সিদ্ধান্তটো বিশেষভাৱে লক্ষণীয় কিয়নো আচিফা ভুট্টো প্ৰথমগৰাকী মহিলা হ'বলৈ গৈ আছে, যিয়ে ৰাষ্ট্ৰপতিৰ কন্যা হৈ ফাৰ্ষ্ট লেডী উপাধি লাভ কৰিছে ।