ইণ্টাৰনেশ্যনেল ডেস্ক, 10 মাৰ্চ:দেওবাৰ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হৈছে মুছলমানসকলৰ পবিত্ৰ ৰমজান মাহ ৷ ৰমজান আৰম্ভ হোৱাৰ লগে লগে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ মানুহে খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ বৃদ্ধিৰ বাবে নিজকে সাজু কৰি তুলিছে বুলি দ্য এক্সপ্ৰেছ ট্ৰিবিউনে প্ৰকাশ কৰিছে ।
প্ৰতিবেদন অনুসৰি, দেশত ইতিমধ্যে শাক-পাচলি, চেনি, তেল, ঘিউ, মাংস, কণী, দালিকে ধৰি পাকঘৰৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য দুগুণৰ পৰা তিনিগুণ পৰ্যন্ত বৃদ্ধি পাইছে । অসাধু ব্যৱসায়ীয়ে অধিক মুনাফা লভাৰ উদ্দেশ্যৰে মূল্যবৃদ্ধি কৰাৰ ফলত নিম্নৰ পৰা মধ্যম আয়ৰ গ্ৰাহকৰ অৰ্থনৈতিক সমস্যা বৃদ্ধি পাইছে ।
ৰমজান মাহত সাধাৰণতে দাম বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায় ৷ যোৱা কেইমাহমানত সাধাৰণভাৱে 31.5 শতাংশ উত্থান ঘটিছে আৰু কেইবাবিধো খাদ্য সামগ্ৰীৰ হাৰ ৰমজানৰ পূৰ্বৰ স্তৰৰ তুলনাত 60 শতাংশ পৰ্যন্ত বৃদ্ধি পোৱা দেখা গৈছে । উদাহৰণস্বৰূপে, পিঁয়াজৰ দাম পাকিস্তানী মুদ্ৰাত প্ৰতি কিলোগ্ৰামত 150 ৰ পৰা 300 লৈ বৃদ্ধি পাইছে আৰু কিছুমান খুচুৰা বিক্ৰেতাই প্ৰতি কিলোগ্ৰামত 250 পাকিস্তানী মুদ্ৰাত বিক্ৰী কৰিছে বুলি দ্য এক্সপ্ৰেছ ট্ৰিবিউনে প্ৰকাশ কৰিছে ।
ফলপ্ৰসূ মূল্য নিৰীক্ষণ ব্যৱস্থাৰ অভাৱত ফলমূল আৰু শাক-পাচলিৰ মূল্য বৃদ্ধি পাইছে । আন আন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিও হৈছে একেধৰণৰ । ৰমজানত আন এক চাহিদা সম্পন্ন পাচলি আলুৰ দাম এতিয়া প্ৰতি কিলোগ্ৰামত 80 পাকিস্তানী মুদ্ৰা পৰ্যন্ত বৃদ্ধি পাইছে ৷ পূৰ্বতে আছিল 50 পাকিস্তানী মুদ্ৰা ।