ইণ্টাৰনেশ্যনেল ডেস্ক, 19 আগষ্ট:বৰ্তমানকুৱেইট ভ্ৰমণত আছেবৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ ৷ এই ভ্ৰমণৰ সময়ছোৱাত কুৱেইটত থকা ভাৰতীয় লোকৰ লগতে বিভিন্ন পেছাদাৰী আৰু সামূহিক সংঘৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰে জয়শংকৰে । তেওঁ ভাৰত আৰু কুৱেইটৰ মাজৰ সম্পৰ্কত তেওঁলোকৰ সাফল্য আৰু অৱদানৰ প্ৰশংসা কৰে ।
এক প্ৰেছ বিজ্ঞপ্তিযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে (এম ই এ) এই কথা জনাই দেশখনত থকা বৃহৎসংখ্যক ভাৰতীয় দুয়োখন দেশৰ মাজৰ এক জীৱন্ত দলং বুলি প্ৰশংসা কৰে ।
18 আগষ্টত জয়শংকৰে কুৱেইটলৈ আনুষ্ঠানিক ভ্ৰমণলৈ গৈছিল । X ত দিয়া এটা পোষ্টত জয়শংকৰে কয়, "কুৱেইটত থকা ভাৰতীয়সকলৰ সৈতে মত বিনিময়ত অংশগ্ৰহণ কৰো । ভাৰত-কুৱেইট সম্পৰ্কত তেওঁলোকৰ কৃতিত্ব আৰু অৱদানৰ প্ৰশংসনীয় ।"
এই ভ্ৰমণৰ সময়ত জয়শংকৰে কুৱেইটৰ ক্ৰাউন প্ৰিন্স শ্বেইখ চাবাহ খালেদ আল হামাদ আল মুবাৰক আল ছাবাহ আৰু প্ৰধানমন্ত্ৰী আহমেদ আব্দুল্লা আল আহমেদ আল জাবেৰ আল ছাবাহক সাক্ষাৎ কৰে । দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত কুৱেইটৰ নেতৃত্বই আগবঢ়োৱা দিহা-পৰামৰ্শৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে ।