অসম

assam

গাজাৰ ৰাফা চহৰত ইজৰাইলী আক্ৰমণত নিহত ১৩

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 9:37 AM IST

Israel Hamas War : শেহতীয়া ইতিহাসত ইজৰাইলৰ চাৰি মাহজোৰা এই বায়ু আৰু স্থল আক্ৰমণ আটাইতকৈ ধ্বংসাত্মক আক্ৰমণ হিচাপে পৰিগণিত হৈছে । এই আক্ৰমণত ২৭,০০০-তকৈও অধিক পেলেষ্টাইনী নিহত হৈছে । বহু লোকক গৃহহীন-আশ্ৰয়হীন কৰিছে তথা এক চতুৰ্থাংশ লোকক অনাহাৰ-দুৰ্ভিক্ষৰ ফালে ঠেলি দিছে ।

গাজাৰ ৰাফা চহৰত ইজৰাইলী আক্ৰমণত নিহত ১৩
গাজাৰ ৰাফা চহৰত ইজৰাইলী আক্ৰমণত নিহত ১৩

ইণ্টাৰনেচনেল ডেস্ক, ৯ ফেব্ৰুৱাৰী :প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে হামাছৰ যুদ্ধবিৰতিৰ চৰ্তাৱলী প্ৰত্যাখ্যান কৰাৰ কেইঘণ্টামান পিছতে গাজা ষ্ট্ৰিপৰ ৰাফা চহৰত আক্ৰমণ চলায় । উল্লেখ্য যে হামাছৰ চৰ্তাৱলী প্ৰত্যাখ্যান কৰি দক্ষিণ গাজা চহৰলৈ আক্ৰমণ সম্প্ৰসাৰিত কৰাৰ ঘোষণা কৰাৰ কেইঘণ্টামান পিছত ইজৰাইলৰ বিমান আক্ৰমণত নিশাটোৰ ভিতৰতে ৰাফাত ১৩ জনৰো অধিক লোক নিহত হয় ।

উল্লেখ্য যে গাজা ষ্ট্ৰিপৰ আধাতকৈও অধিক লোক বেছিভাগ সময়ে বন্ধ হৈ থকা ইজিপ্তৰ সীমান্তৰ কাষৰ ৰাফালৈ পলায়ন কৰিছে । এই সীমান্ত হৈছে মানৱীয় সাহায্যৰ মুখ্য প্ৰৱেশদ্বাৰ । আনহাতে, ইজিপ্তে সতৰ্ক কৰি দিছে যে তাত যিকোনো স্থল অভিযান বা সীমান্তৰ সিপাৰলৈ ব্যাপক প্ৰব্ৰজনৰ ফলত ইজৰাইলৰ সৈতে দেশখনৰ চাৰি দশক পুৰণি শান্তিচুক্তি ক্ষতিগ্ৰস্ত হ'ব ।

কুৱেইট চিকিৎসালয়ৰ তথ্য অনুসৰি, গোটেই নিশা হোৱা আক্ৰমণত দুগৰাকী মহিলা আৰু পাঁচটা শিশুসহ কমেও ১৩ জন লোক নিহত হয় । ইফালে আক্ৰমণৰ ঘটনাস্থলীত পোহৰৰ অভাৱত আৱাসীসকলে তেওঁলোকৰ চেলফোনৰ ফ্লাছলাইট ব্যৱহাৰ কৰি ধ্বংসাৱশেষ আঁতৰাই উদ্ধাৰকাৰ্য চলাবলগা হয় ।

এই আক্ৰমণৰ সাক্ষী চুবুৰীয়া মহম্মদ আবু হাবিবে কয়, "মই আশাকৰোঁ যে আমি কেৱল শৰীৰৰ অংগৰ টুকুৰাবোৰৰ পৰিৱৰ্তে তেওঁলোকৰ গোটেই শৰীৰটো যদি সংগ্ৰহ কৰিব পাৰিলোঁহেঁতেন ।" শেহতীয়া ইতিহাসত ইজৰাইলৰ চাৰি মাহজোৰা এই বায়ু আৰু স্থল আক্ৰমণ আটাইতকৈ ধ্বংসাত্মক আক্ৰমণ হিচাপে পৰিগণিত হৈছে । এই আক্ৰমণত ২৭,০০০-তকৈও অধিক পেলেষ্টাইনী নিহত হৈছে । বহু লোকক গৃহহীন-আশ্ৰয়হীন কৰিছে তথা এক চতুৰ্থাংশ লোকক অনাহাৰ-দুৰ্ভিক্ষৰ ফালে ঠেলি দিছে ।

ইয়াৰ বিপৰীতে নেতান্যাহুৱে কয় যে হামাছৰ বিৰুদ্ধে 'সম্পূৰ্ণ বিজয়' নোহোৱালৈকে আক্ৰমণ অব্যাহত থাকিব আৰু সম্প্ৰসাৰিত হ'ব । উল্লেখ্য যে যোৱা বছৰৰ ৭ অক্টোবৰত দক্ষিণ ইজৰাইলত এক অতৰ্কিত আক্ৰমণ চলায় হামাছে । এই আক্ৰমণত হামাছ সন্ত্ৰাসবাদীয়ে প্ৰায় ১,২০০ লোকক হত্যা কৰে । ইয়াৰে বেছিভাগেই সাধাৰণ লোক । আনহাতে, প্ৰায় ২৫০ গৰাকী লোকক বন্দী কৰে । এই ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপেই ইজৰাইলে প্ৰায় চাৰি মাহ ধৰি গাজাত হামাছৰ ঘাটি আৰু অন্যান্য স্থানত আক্ৰমণ চলাই আহিছে ।

আনহাতে, ইজৰাইলে যোৱা নৱেম্বৰত হোৱা যুদ্ধবিৰতি চুক্তিমতে, ইজৰাইলে বন্দী কৰা পেলেষ্টাইনীসকলৰ মুক্তিৰ বিনিময়ত হামাছেও কেইবাগৰাকীও বন্দীক মুকলি কৰি দিয়ে । কিন্তু হামাছৰ হাতত এতিয়াও বন্দী হৈ আছে ১০০-তকৈও অধিক লোক । এই লোকসকলক যিকোনো মূল্যৰ বিনিময়ত ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছে নেতান্যাহুৱে ।

লগতে পঢ়ক :পাকিস্তানৰ নিৰ্বাচনত ৫১ টা সন্ত্ৰাসবাদী আক্ৰমণ; নিহত কমেও ১২

ABOUT THE AUTHOR

...view details