ইণ্টাৰনেচনেল ডেস্ক, ১১ মাৰ্চ :ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে দেওবাৰে দক্ষিণ গাজাৰ ৰাফা চহৰত সামৰিক অভিযান আৰম্ভ কৰাৰ বাবে তেওঁৰ স্থিতি পুনৰ দোহাৰে । তেওঁ কয় যে ইজৰাইলে এইটো নিশ্চিত কৰিব বিচাৰে যে যাতে ৭ অক্টোবৰৰ দৰে আক্ৰমণ পুনৰ সংঘটিত নহয় । চিএনএনৰ প্ৰতিবেদনত এই কথা প্ৰকাশ ।
"আমি তাত অভিযান চলাম । আমি এৰি নিদিওঁ । আপোনালোকে জানে, মোৰ এক চৰম সীমা আছে । আপোনালোকে জানেনে সেই চৰম সীমা ? সেয়া হৈছে ৭ অক্টোবৰৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় । কোনো কাৰণতে যাতে কেতিয়াও নহয় । আৰু সেইটো কৰিবলৈ আমি হামাছ সন্ত্ৰাসবাদী সেনাক ধ্বংস সম্পূৰ্ণ কৰিব লাগিব ।" তেওঁ কয় ।
নেতান্যাহুৱে লগতে কয় যে এই অভিযান দুমাহতকৈ বেছি স্থায়ী নহ'ব । কিন্তু তেওঁ এই সন্দৰ্ভত কোনো নিৰ্দিষ্ট সময়সীমাৰ কথা উল্লেখ কৰা নাই । লগতে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে গাজা ষ্ট্ৰিপত তেওঁৰ নীতিৰ সপক্ষেও মত পোষণ কৰে । শেহতীয়াভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে এই মন্তব্য কৰিছিল যে ইজৰাইলী নেতাগৰাকীয়ে ‘‘সহায় কৰাতকৈ ইজৰাইলক অধিক আঘাত কৰিছে’’ । তেওঁ বাইডেনৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত এই কথা কয় ।