আন্তৰ্জাতিক ন্যায় দিৱস : আন্তৰ্জাতিক অপৰাধ আদালতৰ ভূমিকা সন্দৰ্ভত সজাগতা বৃদ্ধি কৰাৰ লক্ষ্য - International Justice Day - INTERNATIONAL JUSTICE DAY
World day for international justice : 17 জুলাইত পালন কৰা হয় আন্তৰ্জাতিক ন্যায় দিৱস, যাক আন্তৰ্জাতিক অপৰাধ ন্যায় দিৱস বুলিও জনা যায় ৷ এই দিৱসৰ উদ্দেশ্য হৈছে গণহত্যা, যুদ্ধ অপৰাধ, আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অপৰাধীৰ বিৰুদ্ধে মোকৰ্দমা কৰাত আই চি চিৰ ভূমিকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু বিশ্বব্যাপী ন্যায় আৰু দায়বদ্ধতাৰ বাবে ওকালতি কৰা ।
প্ৰতি বছৰে ১৭ জুলাইত পালন কৰা হয় আন্তৰ্জাতিক ন্যায় দিৱস ৷ এই দিৱসক আন্তৰ্জাতিক অপৰাধ ন্যায় দিৱস বুলিও জনা যায় ৷ ৰোম সংবিধি গ্ৰহণৰ জৰিয়তে ১৯৯৮ চনত আন্তৰ্জাতিক অপৰাধ আদালত স্থাপন কৰি এই দিৱস আৰম্ভ কৰা হৈছিল ৷ এই দিৱসৰ উদ্দেশ্য হৈছে গণহত্যা, যুদ্ধ আৰু মানৱতাবিৰোধী অপৰাধৰ অপৰাধীসকলৰ বিৰুদ্ধে মোকৰ্দমা কৰাত আই চি চিৰ ভূমিকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ লগতে বিশ্বব্যাপী ন্যায় আৰু দায়বদ্ধতাৰ বাবে ওকালতি কৰা ।
আন্তৰ্জাতিক অপৰাধ আদালত কি ?
আন্তৰ্জাতিক অপৰাধ আদালত হৈছে আটাইতকৈ গুৰুতৰ আন্তৰ্জাতিক অপৰাধ, যেনে গণহত্যা, মানৱতাৰ বিৰুদ্ধে অপৰাধ আৰু যুদ্ধ অপৰাধৰ বিচাৰ কৰিবলৈ স্থাপিত প্ৰথমখন স্থায়ী আন্তঃৰাষ্ট্ৰীয় আদালত ৷ ২০১৮ চনৰ ১৭ জুলাইৰ পৰা আক্ৰমণৰ অপৰাধৰ ক্ষেত্ৰতো এই আদালতে কৰ্তৃত্ব লাভ কৰে ৷ এই আদালতৰ উদ্দেশ্য হৈছে আইনৰ শাসনক প্ৰচাৰ কৰা আৰু আটাইতকৈ গুৰুতৰ আন্তৰ্জাতিক অপৰাধৰ ক্ষেত্ৰত আটাইতকৈ দায়ীসকলক ন্যায়ৰ সন্মুখীন কৰাটো নিশ্চিত কৰা ।
আন্তৰ্জাতিক অপৰাধ আদালতৰ সদস্যৰ সংখ্যা :
১৯৮৮ চনৰ পৰা এই পৰ্যন্ত ১৩৯ খন দেশ এই আদালতৰ সদস্য হৈছে ৷ এই সদস্য দেশসমূহে আই চি চিয়ে দিয়া সিদ্ধান্তসমূহ গ্ৰহণ কৰে ৷ অৱশ্যে, ভাৰত, চীন, ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি বহুতো দেশে এই আদালতক সমালোচনা কৰি যোগদান কৰা নাই ।
দিৱসটোৰ ইতিহাস :
১৯৯৮ চনৰ ১৭ জুলাইত ৰোমৰ আইন গ্ৰহণৰ বাৰ্ষিকী উদযাপন কৰা হয়, যি চুক্তিয়ে আন্তৰ্জাতিক অপৰাধ আদালতৰ সৃষ্টি কৰিছিল ৷ সেই সময়ত ১২০ খন ৰাজ্যই ৰোমত এখন আইন গ্ৰহণ কৰিছিল । ইয়াক আন্তৰ্জাতিক অপৰাধ আদালতৰ ৰোমৰ সংবিধি বুলি জনা গৈছিল, আইনখন গ্ৰহণ কৰিবলৈ সন্মত হোৱা সকলো দেশে আ ই চি চিৰ অধিকাৰ ক্ষেত্ৰ গ্ৰহণ কৰিছিল ।