অসম

assam

ETV Bharat / international

অভিনৱ ইমেজিং প্ৰযুক্তিৰ বাবে প্ৰৱাসী ভাৰতীয়লৈ টেক্সাছৰ শীৰ্ষ শৈক্ষিক সন্মান - TAMEST

Honour to Indian Origin: আমেৰিকা নিৱাসী তথা ভাৰতীয় মূলৰ ব্যক্তি অশোক বীৰৰাঘৱনলৈ টেক্সাছৰ অন্যতম শীৰ্ষ শৈক্ষিক সন্মান ৷ অভিযান্ত্ৰিক ক্ষেত্ৰৰ এডিথ আৰু পিটাৰ অ’ডনেল বঁটাৰে সন্মানিত কৰা হৈছে অধ্যাপক অশোকক ৷ অদৃশ্যক দৃশ্যমান কৰি তুলিব পৰা তেওঁৰ অভিনৱ ইমেজিং প্ৰযুক্তিৰ বাবে বীৰৰাঘৱনলৈ আগবঢ়োৱা হৈছে এই বঁটা ।

অভিনৱ ইমেজিং প্ৰযুক্তিৰ বাবে প্ৰৱাসী ভাৰতীয়লৈ টেক্সাছৰ শীৰ্ষ শৈক্ষিক সন্মান
অভিনৱ ইমেজিং প্ৰযুক্তিৰ বাবে প্ৰৱাসী ভাৰতীয়লৈ টেক্সাছৰ শীৰ্ষ শৈক্ষিক সন্মান

By PTI

Published : Feb 26, 2024, 8:07 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 26 ফেব্ৰুৱাৰী:আমেৰিকা নিৱাসীভাৰতীয় মূলৰ লোকলৈ আগবঢ়োৱা হৈছে টেক্সাছৰ অন্যতম উচ্চতম শৈক্ষিক সন্মান ৷ ট্ৰেইলব্লেজিং কম্পিউটাৰ অভিযন্তা তথা অধ্যাপক অশোক বীৰৰাঘৱনলৈ আগবঢ়োৱা হৈছে এই সন্মান ৷ অভিযান্ত্ৰিক ক্ষেত্ৰৰ এডিথ আৰু পিটাৰ অ’ডনেল বঁটাৰে সন্মানিত কৰা হৈছে অধ্যাপক অশোক বীৰৰাঘৱনক ।

ৰাজ্যখনৰ উদীয়মান গৱেষকসকলক এই বঁটা প্ৰদান কৰা টেক্সাছ একাডেমী অৱ মেডিচিন, ইঞ্জিনিয়াৰিং, চাইন্স এণ্ড টেকন’লজিয়ে (TAMEST) কয়, "ৰাইছ বিশ্ববিদ্যালয়ৰ জৰ্জ আৰ ব্ৰাউন স্কুল অৱ ইঞ্জিনিয়াৰিঙৰ ইলেক্ট্ৰিকেল আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ অধ্যাপক বীৰৰাঘৱনক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷ তেওঁৰ অভিনৱ ইমেজিং প্ৰযুক্তি যিয়ে অদৃশ্যক দৃশ্যমান কৰি তুলিব বিচাৰে, তাৰ বাবে বীৰৰাঘৱনলৈ আগবঢ়োৱা হৈছে এই বঁটা ।

এই বঁটা প্ৰতি বছৰে চিকিৎসা, অভিযান্ত্ৰিক, জৈৱ বিজ্ঞান, ভৌতিক বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱনৰ পথভংগী কামত নিয়োজিত ৰাজ্যখনৰ তাৰকা গৱেষকসকলক প্ৰদান কৰা হয় । TAMESTৰ এক বিবৃতিত কয়, "এইবাৰৰ অভিযান্ত্ৰিক বঁটা বীৰাৰঘৱনলৈ তেওঁৰ গোটৰ “অদৃশ্যক দৃশ্যমান কৰি তুলিব বিচৰা অভিনৱ ইমেজিং প্ৰযুক্তি”ৰ বাবে প্ৰদান কৰা হয় ।

ৰাইছৰ গৱেষণাৰ কাৰ্যবাহী উপ-সভাপতি তথা পদাৰ্থ বিজ্ঞান আৰু নেন’ইঞ্জিনিয়াৰিং, পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানৰ অধ্যাপক ৰামমূৰ্তি ৰমেশে বীৰৰাঘৱনৰ প্ৰশংসা কৰি তেওঁৰ গৱেষণাৰ প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰে । ৰমেশে কয়, "অশোকক এডিথ আৰু পিটাৰ অ’ডনেল বঁটাৰে স্বীকৃতি দিয়া দেখি মই যথেষ্ট আনন্দ অনুভৱ কৰিছো ৷ ইমেজিঙৰ কিছুমান কঠিন সমস্যা সমাধানৰ বাবে অশোকে গণিত আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে । মানৱ স্বাস্থ্য, মাইক্ৰ’স্কোপি, ৰাষ্ট্ৰীয় নিৰাপত্তা, স্বয়ংচালিত বাহন, ফটোগ্ৰাফী আৰু বহুক্ষেত্ৰত উন্নতিৰ বাবে ব্যাপক প্ৰয়োগৰ থল আছে অশোকৰ ।"

লগতে পঢ়ক:আমেৰিকাৰ টেক্সাছৰ এখন হোটেলত বিস্ফোৰণ, 21 জনকৈ আহত

ABOUT THE AUTHOR

...view details