আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 20 মাৰ্চ :হামাছৰ বিৰুদ্ধে ইজৰাইলী সেনাৰ অভিযান অব্যাহত আছে । ইজৰাইলী সেনাই মঙলবাৰে পুনৰ গাজা ষ্ট্ৰিপত অভিযান চলায় । ইজৰাইলী সেনাই গাজাৰ সৰ্ববৃহৎ চিকিৎলায়খনত কৰা এই বিস্ফোৰণত হামাছৰ 50 জন উগ্ৰপন্থীক হত্যা কৰা হয় বুলি জানিবলৈ দিয়ে ইজৰাইলী সেনাই ৷ এই আক্ৰমণৰ সময়ত শ্বিফা মেডিকেল কমপ্লেক্সৰ ভিতৰত হাজাৰ হাজাৰ পেলেষ্টাইনী ৰোগী, চিকিৎসা কৰ্মচাৰী আৰু অন্যান্য লোক আৱদ্ধ হৈ পৰে ৷
“গাজাত অৱস্থা বৰ কঠিন হৈ পৰিছে । শ্বিফা অঞ্চলত প্ৰচণ্ড বোমাবৰ্ষণৰ ফলত চিকিৎসালয়খনৰ অট্টালিকাটো ধ্বংসাৱশেষলৈ পৰিণত হয় । টেংক আৰু আৰ্টিলাৰীৰ গুলীৰ শব্দ অবিৰতভাৱে চলি আছে ।"হাস্পতালখনৰ সমীপতে বাস কৰা স্থানীয় লোকে ঘটনাৰ সন্দৰ্ভত এইদৰে মন্তব্য প্ৰকাশ কৰে ৷
ইফালে, চিকিৎসালয়খনৰ সমীপত ঘণ্টাৰ পিচত ঘণ্টা ধৰি বৃহৎ অগ্নিকাণ্ড সংঘটিত হৈ থকা বুলিও জানিবলৈ দিয়ে স্থানীয় লোকে ।
ইজৰাইলী সেনাই কয় যে, সোমবাৰে পুৱাই শ্বিফাত অভিযান চলোৱা হৈছিল ৷ হামাছৰ উগ্ৰপন্থীৰ এটা দল থকাৰ উমান পাই ইজৰাইলী সামৰিক বাহিনীয়ে চিকিৎসালয়খনত আক্ৰমণৰ নিৰ্দেশনা দিছিল ।