অসম

assam

ETV Bharat / international

ইতিবাচক আলোচনাৰ পিছত গাজাত যুদ্ধবিৰতি চুক্তিৰ বাবে আশাবাদী হামাছ - CEASEFIRE DEAL IN GAZA

চি এন এনে হামাছৰ এটা সূত্ৰৰ উদ্ধৃতি দি এই আলোচনাক 'ইতিবাচক আৰু আশাবাদী' বুলি অভিহিত কৰিছে ।

ceasefire deal in Gaza
প্ৰতিনিধিত্বমূলক ছবি (ANI)

By ANI

Published : 5 hours ago

ডোহা (কাটাৰ):কূটনৈতিক কাৰ্যকলাপৰ মাজতে হামাছে ইজৰাইলৰ সৈতে বন্দী আৰু যুদ্ধবিৰতি আলোচনা সন্দৰ্ভত এক চুক্তিত উপনীত হোৱাৰ সম্ভাৱনাৰ বিষয়ে আশাবাদ ব্যক্ত কৰিছে । চি এন এনৰ বাতৰিত এই কথা প্ৰকাশ ।

মঙলবাৰে এক চৰকাৰী বিবৃতিত হামাছে কয় যে এক চুক্তিত উপনীত হোৱাটো 'সম্ভৱ' । সংবাদ প্ৰতিষ্ঠানটোৰ প্ৰতিবেদনত হামাছৰ এটা সূত্ৰৰ উদ্ধৃতি দি এই আলোচনাক 'ইতিবাচক আৰু আশাবাদী' বুলি অভিহিত কৰিছে ।

আমেৰিকা, ইজৰাইল, কাটাৰ আৰু ইজিপ্তৰ শীৰ্ষ বিষয়াসকলে শেহতীয়া দিনবোৰত আলোচনা ত্বৰান্বিত কৰিছে । অৱশ্যে বিষয়াসকলে এইটোও সতৰ্ক কৰি দিছে যে যদিও কোনো চুক্তিত উপনীত হোৱা নাই বা ইয়াৰ নিশ্চিতিও দিব নোৱাৰি, তথাপিও শেহতীয়া কূটনৈতিক কাৰ্যকলাপে এক চুক্তিত উপনীত হোৱাৰ দিশত গুৰুত্বপূৰ্ণ গতি প্ৰদানৰ দিশত এক ইংগিত প্ৰদান কৰা বুলি চি এন এনৰ প্ৰতিবেদনত প্ৰকাশ ।

আনহাতে, চি আই এৰ সঞ্চালক বিল বাৰ্ণছে চলিত সপ্তাহত গাজাত যুদ্ধ বিৰতি সন্দৰ্ভত পৰৱৰ্তী আলোচনাত অংশগ্ৰহণ কৰিবলৈ কাটাৰ ভ্ৰমণ কৰিব বুলি আশা কৰা হৈছে । ইয়াৰ বাবে বুধবাৰে বাৰ্ণছ ডোহাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । প্ৰতিবেদনত এগৰাকী ইজৰাইলী বিষয়াক উদ্ধৃত কৰি কোৱা হৈছে যে এক চুক্তিত উপনীত হ'বলৈ এতিয়াও এসপ্তাহ বাকী আছে ।

অৱশ্যে হামাছে এইটোও সতৰ্ক কৰি দিছে যে বাধাবোৰ এতিয়া আছে । কিয়নো ইজৰাইলে আলোচনাত 'নতুন চৰ্ত' আৰোপ কৰাৰ সম্ভাৱনা আছে ।

ইফালে হামাছে নিশ্চিত কৰিছে, "আজি ডোহাত আমাৰ কাটাৰী আৰু ইজিপ্তীয় ভাতৃসকলৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ আৰু ইতিবাচক আলোচনাৰ পৰিপ্ৰেক্ষিতত যুদ্ধবিৰতিৰ বাবে এক চুক্তিত উপনীত হোৱা আৰু যদি দখলদাৰীয়ে নতুন চৰ্ত আৰোপ কৰা বন্ধ কৰে তেন্তে বন্দী বিনিময় সম্ভৱ ।" এক বিবৃতিত প্ৰকাশ ।

উল্লেখ্য যে ইজৰাইল আৰু হামাছ দুয়োপক্ষ পৰোক্ষ আলোচনাৰ বাবে কাটাৰৰ ৰাজধানীত আছে । ইজৰাইলী প্ৰতিনিধি দলত সুৰক্ষা সেৱাৰ প্ৰতিনিধি মোচাদ আৰু শিন বেট আছে । আগষ্টৰ শেষত আলোচনা বিফল হোৱাৰ পিছত এইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ সময় ।

আনহাতে, চুক্তিৰ চৰ্তাৱলী এই বছৰৰ আৰম্ভণিতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে আগবঢ়োৱা প্ৰস্তাৱৰ দৰে একে আছে । মে' মাহৰ শেষৰ ফালে তিনিটা পৰ্যায়ৰ বাইডেনৰ প্ৰস্তাৱটোত গাজাত বন্দী হৈ থকা বন্দীসকলক 'সম্পূৰ্ণ যুদ্ধবিৰতি'ৰ সৈতে মুকলি কৰি দিয়াৰ কথা উল্লেখ আছিল । প্ৰথম পৰ্যায়টো ছয় সপ্তাহ চলিব আৰু ইয়াত অন্তৰ্ভুক্ত থাকিব 'গাজাৰ সকলো জনবসতিপূৰ্ণ অঞ্চলৰ পৰা ইজৰাইলী বাহিনী প্ৰত্যাহাৰ' আৰু 'শ শ পেলেষ্টাইনী বন্দীৰ মুক্তিৰ বিনিময়ত মহিলা, বৃদ্ধ, আহতকে ধৰি কেইবাজনো বন্দীক মুক্তি দিয়া' । আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এই প্ৰস্তাৱ আগবঢ়াইছিল ।

লগতে পঢ়ক :ভূটানত এডভান্টেজ অসম ২.০ৰ ৰোড শ্ব’: বাণিজ্যিক অধিবেশনত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - ASSAM CM BHUTAN VISIT
লগতে পঢ়ক :ৰহস্যজনক ঘটনাত ১১ জন ভাৰতীয়ৰ অকাল মৃত্যু - INDIAN NATIONALS DEATH

ABOUT THE AUTHOR

...view details