নিউজ ডেস্ক, 25 জানুৱাৰী :মাজত মাত্ৰ কেইটামান ঘন্টা, শুকুৰবাৰে সমগ্ৰে দেশে উদযাপন কৰিব গণৰাজ্য বা গণতন্ত্ৰত দিৱস ৷ 1950 চনৰ 26 জানুৱাৰীতে ভাৰতৰ সংবিধানখন গৃহীত হৈছিল ৷ সেয়ে উক্ত দিনটো সমগ্ৰ দেশে গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰি আহিছে ৷ এইবাৰ গণতন্ত্ৰত দিৱসৰ পেৰেড অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন ৷
ভাৰতৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আজিয়ে ভাৰতত উপস্থিত হ’ব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰন ৷ ইফালে দিল্লীত উপস্থিত হোৱাৰ পাচত এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আজিয়ে ৰাজস্থানলৈ যাব ৰাষ্ট্ৰপতিগৰাকী ৷ ফ্ৰান্সৰ ৰাষ্ট্ৰনেতাগৰাকীয়ে বিয়লি ৰাজস্থানৰ ৰাজধানীত উপস্থিত হৈ অম্বৰ ফৰ্ট অভিমুখে ৰাওনা হ’ব ।
এম্বাৰ ফৰ্টত, তেওঁ এক সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰণি জনোৱাৰ লগতে এম্বাৰ ফৰ্টৰ দিৱান-ই-খাছত স্থানীয় শিল্পকলাৰ এখন প্ৰদৰ্শনীও প্ৰত্যক্ষ কৰিব । য’ত স্থানীয় শিল্পকলাৰ প্ৰদৰ্শীত কৰিব ৷ অম্বৰ ফৰ্ট ভ্ৰমণৰ পিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে যন্তৰ মন্তৰলৈ যাব, য'ত তেওঁক প্ৰধানমন্ত্ৰী মোদীয়ে আদৰণি জনাব ৷