অসম

assam

ETV Bharat / international

বাংলাদেশত সুকলমে সম্পন্ন দুৰ্গাপূজা: ঢাকেশ্বৰী মন্দিৰত মহম্মদ ইউনুছৰ অংশগ্ৰহণ - DURGA PUJA CELEBRATE IN BANGLADESH

ৰাজনৈতিক অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত আৰম্ভণিতে হিন্দুসকলৰ ওপৰত আক্ৰমণ সত্ত্বেও বাংলাদেশত শান্তিপূৰ্ণভাৱে দুৰ্গাপূজা উদযাপন ।

Durga Puja in Bangladesh
বাংলাদেশত সুকলমে সম্পন্ন দুৰ্গাপূজা (AFP Photo)

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 5:37 PM IST

নিউজ ডেস্ক, ১৪ অক্টোবৰ : মুছলমান সংখ্যাগৰিষ্ঠ বাংলাদেশত স্বৈৰাচাৰী প্ৰধানমন্ত্ৰীক বহিষ্কাৰৰ পিছত সংখ্যালঘুসকলৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপিত হৈ আহিছে । কিন্তু তেনে আক্ৰমণৰ ঘটনাক ভুল প্ৰতিপন্ন কৰি কোনো ধৰণৰ ভয়-শংকা অবিহনে দেশখনত বাস কৰা বৃহৎসংখ্যক হিন্দু ভক্তই কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত বছৰটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হিন্দু উৎসৱ দুৰ্গাপূজা উদযাপন কৰে ।

হিন্দু নাগৰিকসকলে দেওবাৰে দেৱী বিসৰ্জনৰ মুহূৰ্তত নাচি-বাগি আনন্দ-উল্লাসেৰে বিজয়াদশমীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । উল্লেখ্য যে দক্ষিণ এছিয়াৰ দেশখনৰ মুঠ 170 নিযুত জনসংখ্যাৰ ভিতৰত হিন্দু লোকৰ সংখ্যা এক দশমাংশতকৈও কম । তথাপিও দেশখনৰ দেৱী দুৰ্গাৰ ভক্তসকলে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ প্ৰায় এসপ্তাহজোৰা দুৰ্গাপূজাৰ ভক্তিৰস আৰু আনন্দ উৎসৱত বুৰ যোৱা পৰিলক্ষিত হয় ।

বাংলাদেশত সুকলমে সম্পন্ন দুৰ্গাপূজা (AFP Video)

ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা আৰু পৰিয়ালৰ সৈতে বাংলাদেশত বাস কৰা সৌৰভ দাস নামৰ এগৰাকী ভক্তই ৰাজধানীত অৱস্থিত ঢাকেশ্বৰী মন্দিৰ দৰ্শন কৰি কয়, "আমি এখন উন্নত আৰু শান্তিপূৰ্ণ বাংলাদেশৰ বাবে প্ৰাৰ্থনা কৰো ।" উল্লেখ্য যে এই বছৰ বাংলাদেশত দুৰ্গাপূজা উদযাপনক লৈ এক সংশয় ভাবৰ উদ্ভৱ হৈছিল । কিয়নো বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ বিশৃংখল পৰিস্থিতিত বহুক্ষেত্ৰত হিন্দু সম্প্ৰদায় ভুক্তভোগী হ'বলগা হয় । আনহাতে, এই আন্দোলনৰ তীব্ৰতা ইমানেই অধিক আছিল যে উপায়ন্তৰ হৈ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হয় ।

শ্বেখ হাছিনাই ৫ আগষ্টত হেলিকপ্টাৰেৰে পলাই আহি ভাৰতত আশ্ৰয় লয় । হাছিনাৰ ১৫ বছৰীয়া শাসনত মানৱ অধিকাৰৰ ব্যাপকভাৱে উলংঘনৰ অভিযোগ উঠিছিল । ইয়াৰ ভিতৰত তেওঁৰ ৰাজনৈতিক বিৰোধীসকলক ব্যাপকভাৱে বন্দী কৰা আৰু অন্যায়ভাৱে হত্যা কৰাৰ অভিযোগো আছিল ।

উল্লেখ্য যে এই গণ আন্দোলনৰ সময়ত বহুসংখ্যক বাংলাদেশী হিন্দুৰ লগতে হিন্দু মন্দিৰক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল । ইয়াৰ কাৰণ হিচাপে কিছুসংখ্যক লোকে হাছিনাৰ বৰ্তমান উৎখাত হোৱা চৰকাৰক সমৰ্থন কৰা বুলি ধাৰণা কৰা হৈছিল ।

আনহাতে, এই আক্ৰমণক নতুন তত্ত্বাৱধায়ক চৰকাৰ তথা ইয়াৰ মুৰব্বী নোবেল বঁটাবিজয়ী মহম্মদ ইউনুছে গৰিহণা দিয়ে । মহম্মজ ইউনুছে শনিবাৰে হিন্দুসকলৰ সৈতে দুৰ্গাপূজা উদযাপন কৰিবলৈ ঢাকেশ্বৰী মন্দিৰত উপস্থিত হয় । লগতে এই উৎসৱক এক 'পৱিত্ৰ অনুষ্ঠান' হিচাপে অভিহিত কৰে ।

ইফালে দেৱী বিসৰ্জনৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে ঢাকেশ্বৰী মন্দিৰৰ চাৰিওফালে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হয় । তাত ব্যাপক মাত্ৰাত আৰক্ষী আৰু সশস্ত্ৰ বাহিনীক মোতায়েন কৰা হয় । অৱশ্যে হিন্দুধৰ্মী লোকসকলে কোনো ধৰণৰ ভয়-শংকা অবিহনে অতি ভালদৰে দুৰ্গাপূজা উদযাপন কৰে আৰু ক'তো কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ অহা নাই । যাৰ বাবে দেশখনৰ হিন্দু নাগৰিকসকলে স্বস্তিৰ নিশ্বাস পেলায় । অৱশ্যে তেওঁলোক আৰম্ভণিতে কিছু চিন্তিত আছিল । কিয়নো সমগ্ৰ দেশতে কেইবাটাও হিন্দুধৰ্মী লোক তথা মন্দিৰৰ ওপৰত বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল । কিন্তু দুৰ্গাপূজাৰ সময়ত সকলো শান্তিপূৰ্ণভাৱে সমাপ্ত হয় ।

লগতে পঢ়ক :বাংলাদেশৰ দুৰ্গা পূজা পেণ্ডেলত ক্ৰুড বোমা নিক্ষেপৰ ঘটনাত উদ্বেগ ভাৰতৰ, হিন্দুৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী
লগতে পঢ়ক :দুৰ্গা পূজা সমিতিয়ে দেখুৱালে সম্প্ৰীতিৰ নিদৰ্শন

ABOUT THE AUTHOR

...view details