আবুজা(নাইজেৰিয়া) : নাইজেৰিয়াত শোকাৱহ দুৰ্ঘটনা । বিদ্যালয়ৰ সমাৰোহ (School Funfair) অনুষ্ঠানত মাত্ৰাধিক ভিৰৰ ফলত প্ৰায় ৩৫ টা শিশুৰ মৃত্যু হয় । আন ৬ টা শিশু গুৰুতৰভাৱে আহত হয় । অ'য়ো ৰাজ্যিক আৰক্ষীৰ এগৰাকী বিষয়াই বৃহস্পতিবাৰে কয় যে ইবাদানৰ ইছলামিক বিদ্যালয়ত সংঘটিত এই ঘটনাটোত আৰক্ষীয়ে ৮ জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে । আৰক্ষীয়ে জনোৱা মতে ধৃত লোকসকল অনুষ্ঠানটোৰ আয়োজক আছিল ।
কেনেকৈ হ'ল দুৰ্ঘটনাটো ?
জানিব পৰা মতে উইমেন ইন নিড অৱ গাইডেন্স এণ্ড চাপোৰ্ট (WING) নামৰ প্ৰতিষ্ঠানটোৱে এক প্ৰতিযোগিতাৰ আয়োজন কৰিছিল । য'ত ১৩ বছৰ বয়সৰ তলৰ ৫,০০০ ৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল । য'ত বিজয়ী শিক্ষাৰ্থীসকলক পুৰস্কাৰ প্ৰদানৰ কথা আছিল । এই অনুষ্ঠানৰ মাজতে প্ৰচণ্ড ভিৰ আৰু হেঁচা-ঠেলা হয় । ফলস্বৰূপে শিশুসকল বাগৰি পৰে । ইফালে এই ঘটনাক লৈ নাইজেৰিয়াত তীব্ৰ উত্তেজনা অব্যাহত আছে । নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা টিনুবুৱে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ঘটনাটোক লৈ শোকপ্ৰকাশ কৰে । এনে ধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে অ'য়ো ৰাজ্যিক প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ আহ্বান জনাইছে ।
ৰাষ্ট্ৰপতিৰ শোকপ্ৰকাশ
মুখপাত্ৰৰ জৰিয়তে প্ৰকাশিত এই বিবৃতিটোত কোৱা হৈছে,"মৰ্মান্তিক ঘটনাটোক লৈ ৰাষ্ট্ৰপতি টিনুবুৱে শোক প্ৰকাশ কৰিছে । ভুক্তভোগী পৰিয়ালবোৰৰ প্ৰতি তেওঁ সমবেদনা জ্ঞাপন কৰিছে । লগতে দুৰ্ঘটনাটোত নিহতসকলৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰিছে ।"
ইফালে অ'য়ো ৰাজ্যৰ গভৰ্ণৰ ছেই মাকিন্দে এই ঘটনাক অতি মৰ্মান্তিক বুলি অভিহিত কৰিছে । ফেচবুকত শ্বেয়াৰ কৰা এক বিবৃতিত তেওঁ কয় যে নিহতৰ পৰিয়ালৰ প্ৰতি তেওঁলোক সহানুভূতিশীল ।
ঘটনাটোৰ বাবে দোষী লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰি মাকিন্দে কয়, "মই আমাৰ লোকসকলক আশ্বস্ত কৰিব বিচাৰো যে এই দুৰ্যোগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত যিকোনো লোকক জবাবদিহি কৰা হ'ব । অনুগ্ৰহ কৰি শান্ত হৈ থাকক কিয়নো নিৰাপত্তা সংস্থাসমূহে এই দুৰ্ভাগ্যজনক ঘটনাটোৰ তদন্ত কৰি আছে ।"
আৰক্ষীৰ তদন্ত আৰম্ভ
আৰক্ষীয়ে কয় যে গোচৰটো ৰাজ্যখনৰ অপৰাধ অনুসন্ধান শাখালৈ স্থানান্তৰ কৰা হৈছে । লক্ষণীয়ভাৱে নাইজেৰিয়াত এনেধৰণৰ ঘটনা এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও প্ৰচণ্ড ভিৰৰ বাবে বহুতো দুৰ্ঘটনা সংঘটিত হৈছিল । ২০২২ চনত পোৰ্ট হাৰকোৰ্টত এটা গীৰ্জাৰ অনুষ্ঠানত অধিক ভিৰৰ ফলত ৩০ জন লোক নিহত হৈছিল য'ত শিশুও আছিল । চিএনএনৰ এক প্ৰতিবেদন অনুসৰি ২০১৯ চনত নাইজেৰিয়াৰ ৰাষ্ট্ৰপতিয়ে অনুষ্ঠিত কৰা এক ৰাজনৈতিক সমদলতো প্ৰায় ৪ গৰাকী লোক নিহত হৈছিল ।
লগতে পঢ়ক :হানয়ৰ কেফে আৰু বাৰত অগ্নিকাণ্ড: ১১ জন নিহত - SUSPECTED ARSON ATTACK AT CAFE