নিউয়ৰ্ক:আপুনি কল্পনা কৰিব পাৰিবনে ৬.২ নিযুত আমেৰিকান ডলাৰত কল ক্ৰয় কৰাৰ কথা ! কিন্তু নিউয়ৰ্কত এক নিলামত দেৱালত লগাই থোৱা এটা পকা কল বিক্ৰী হ'ল ৬.২ নিযুত ডলাৰতকৈও অধিক মূল্যত । এটা সাধাৰণ পকা কল, বেৰত টেপ মাৰি লগাই থোৱা আছে কলটো । আচল যেন লাগিলেও এয়া প্ৰকৃততে এক শিল্পকলাহে । শিল্পীৰ অসাধাৰণ প্ৰতিভাৰ নিদৰ্শন এই শিল্পকলা । আপুনি শুনি আচৰিত হ'ব যে এই শিল্পকলা বিক্ৰী হৈছে ৬.২ নিযুত ডলাৰত অৰ্থাৎ আজিৰ তাৰিখত ইয়াৰ মূল্য ৫৪ কোটি ৯০ লাখ ৭৩ হাজাৰ ২০৬.৫০ টকা । প্ৰায় ৫৫ কোটিয়েই বুলিব পাৰি ৷ বুধবাৰে নিউয়ৰ্কৰ এক নিলামত শিল্পকলা ক্ৰয় কৰে এগৰাকী বিশিষ্ট ক্ৰিপ্টোকাৰেন্সী উদ্যোগীয়ে ।
ইটালীৰ শিল্পী মাউৰিজিঅ' কেটেলানৰ হাতৰ যাদুত প্ৰাণ পাই উঠা এই শিল্পকলাক 'কমেডিয়ান' বুলি কোৱা হয় । মাউৰিজিঅ' কেটেলানৰ এই শিল্পকলাক ক্ৰিপ্টোকাৰেন্সী প্লেটফৰ্ম TRONৰ প্ৰতিষ্ঠাপক জাষ্টিন চানে ক্ৰয় কৰে ।
এই শিল্পকলা মূলতঃ আৰ্ট বাছেল মিয়ামি বীচত প্ৰদৰ্শিত হৈছিল । আৰ্ট বাছেল মিয়ামি বীচ উৎসৱত উপস্থিতসকলে আচৰিত হৈছিল যে ৰূপালী টেপৰ সৈতে বগা দেৱালত লগোৱা পকা কলৰ টুকুৰা এক ধেমালি আছিল নেকি আৰু ই কলা সংগ্ৰাহকসকলৰ মাজত সন্দেহৰ সৃষ্টি কৰিছিল । আনকি এসময় এগৰাকী শিল্পীয়ে দেৱালৰ পৰা কলটো আনি খাইছিল ।
এই শিল্পকলাই যথেষ্ট মনোযোগ আকৰ্ষণ কৰিছিল । আনকি ইয়াক ডিচপ্লেৰ পৰা আঁতৰাব লগাও হৈছিল । গেলেৰী হেণ্ডলিং চেলছৰ মতে তিনিটা পৰ্যায়ত ১,২০,০০০ আমেৰিকান ডলাৰৰ পৰা ১,৫০,০০০ আমেৰিকান ডলাৰৰ ভিতৰত বিক্ৰী হৈছিল । এতিয়া প্ৰায় ৫ বছৰৰ অন্তত ক্ৰিপ্টোকাৰেন্সী প্লেটফৰ্ম TRONৰ প্ৰতিষ্ঠাপক জাষ্টিন চানে সেই মূল্যতকৈ ৪০ গুণ অধিক পৰিশোধ কৰিছে । খবৰ অনুসৰি চানে সত্যতাৰ প্ৰমাণপত্ৰও ক্ৰয় কৰিছে যিয়ে তেওঁক কলটো ডাক্ট-টেপেৰে দেৱালত লাগি থাকিবলৈ আৰু ইয়াক কমেডিয়ান বুলি ক'বলৈ অনুমতি দিব ।
চোথবীৰ ব্যস্ত নিলামত এই শিল্পকলাই যথেষ্ট গুৰুত্ব লাভ কৰিছিল । একাধিক লোক থকা কোঠাটোত উপস্থিতসকলে ফটো তুলিবলৈ হাতত মোবাইল কেমেৰা তুলি লৈছিল । সেই সময়ত বগা হাতমোজা পিন্ধা দুজন হেণ্ডলাৰে কলৰ দুয়োফালে থিয় হৈ আছিল ।