অসম

assam

By AP (Associated Press)

Published : Aug 21, 2024, 2:12 PM IST

ETV Bharat / international

দুৰ্ঘটনাত পতিত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছ: অতি কমেও 28 গৰাকী যাত্ৰীৰ মৃত্যু - PILGRIMS BUS ACCIDENT

Bus carrying pilgrims crashes: চিয়া সম্প্ৰদায়ৰ মুছলমান লোকক ধৰ্মীয় ৰীতি পালনৰ বাবে ইৰাকলৈ কঢ়িয়াই লৈ যোৱা এখন বাছ বুধবাৰে মধ্য ইৰাণত দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাত কমেও ২৮ গৰাকী পাকিস্তানী তীৰ্থযাত্ৰী নিহত হয় । দুৰ্ঘটনাটো ইৰাণৰ ইয়াজদ প্ৰদেশত সংঘটিত হয় ।

Pakistani Pilgrims Bus Accident in Iran
ইৰাণত দুৰ্ঘটনাগ্ৰস্ত পাকিস্তানী তীৰ্থযাত্ৰীৰ বাছ (AP Photo)

নিউজ ডেস্ক, ২১ আগষ্ট : পাকিস্তানৰ পৰা ইৰাকলৈ চিয়া তীৰ্থযাত্ৰীক কঢ়িয়াই লৈ যোৱা এখন বাছ মধ্য ইৰাণত দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাত কমেও ২৮ গৰাকী লোকৰ মৃত্যু হয় । চৰকাৰী সংবাদ সংস্থা আই আৰ এন এৰ তথ্য অনুসৰি, মধ্য ইৰাণৰ ইয়াজদ প্ৰদেশত মঙলবাৰে গভীৰ নিশা এই দুৰ্ঘটনাটো সংঘটিত হয় । স্থানীয় জৰুৰীকালীন বিষয়া মহম্মদ আলী মালেকজাদেহে এই কথা প্ৰকাশ কৰিছে ।

আনহাতে, দুৰ্ঘটনাটোত আন ২৩ গৰাকী লোক আঘাতপ্ৰাপ্ত হয় । ইয়াৰে ভিতৰত ১৪ গৰাকীৰ আঘাত গুৰুতৰ বুলি তেওঁ লগতে কয় । তেওঁ প্ৰকাশ কৰা মতে, বাছখনৰ সকলো যাত্ৰী পাকিস্তানৰ বাসিন্দা । ইৰাণৰ ৰাজধানী তেহৰাণৰ পৰা প্ৰায় ৫০০ কিলোমিটাৰ (৩১০ মাইল) দক্ষিণ-পূবত তাফট চহৰৰ বাহিৰত এই দুৰ্ঘটনাটো সংঘটিত হয় । বাছখনত ৫১ গৰাকী লোক আছিল বুলি প্ৰকাশ । ইৰাণৰ চৰকাৰী দূৰদৰ্শনে এই দুৰ্ঘটনাটোৰ কাৰণ হিচাপে বাছখনৰ ব্ৰেক বিফল হোৱা আৰু চালকৰ অমনোযোগিতাক দোষাৰোপ কৰে ।

আনহাতে, পাকিস্তানত সংবাদ মাধ্যমৰ প্ৰতিবেদনত কামাৰ আব্বাছ নামৰ এজন স্থানীয় চিয়া নেতাৰ উদ্ধৃতি দি কোৱা হৈছে যে দুৰ্ঘটনাটোত প্ৰায় ৩৫ জন লোকৰ মৃত্যু হৈছে । তেওঁ বাছখনত থকা লোকসকলক পাকিস্তানৰ দক্ষিণ সিন্ধু প্ৰদেশৰ লাৰকানা চহৰৰ পৰা বুলি উল্লেখ কৰে । অৱশ্যে পাকিস্তানৰ চৰকাৰে এই বিষয়ত তাৎক্ষণিকভাৱে কোনো মন্তব্য আগবঢ়োৱা নাই ।

উল্লেখ্য যে ইৰাণত যান-বাহন সুৰক্ষাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে আটাইতকৈ বেয়া ৰেকৰ্ড আছে । দেশখনত বছৰি প্ৰায় 17,000 লোকৰ দুৰ্ঘটনাত মৃত্যু হয় ।

তীৰ্থযাত্ৰীসকলে আৰবীন পালন কৰিবলৈ ইৰাকলৈ গৈ আছিল । আৰবীন হৈছে আৰবী শব্দ আৰু ই ৪০ সংখ্যা বুজায় । ই ইছলামিক ইতিহাসৰ প্ৰথম শতিকাৰ অশান্ত সময়ত কাৰবালা যুদ্ধত মুছলমান উমায়াড বাহিনীৰ হাতত পয়গম্বৰ হজৰত মহম্মদৰ নাতি হুছেইনৰ মৃত্যুক চিহ্নিত কৰে । হুছেইনক তেওঁৰ অনুগামীসকলে হজৰত মহম্মদৰ উত্তৰাধিকাৰী হিচাপে গণ্য কৰিছিল । কিন্তু যেতিয়া তেওঁ উমায়াড খিলাফতৰ প্ৰতি আনুগত্য প্ৰদৰ্শনৰ প্ৰতিশ্ৰুতি দিবলৈ অস্বীকাৰ কৰিছিল, তেতিয়া তেওঁক যুদ্ধত হত্যা কৰা হৈছিল । যাৰ ফলত চুন্নী আৰু চিয়া মুছলমানৰ মাজত বিভেদ দৃঢ় হৈ পৰে ।

এই তীৰ্থযাত্ৰীসকলে ইৰাকৰ কাৰবালাত একত্ৰিত হয় । আনহাতে, ইয়াক বিশ্বৰ সৰ্ববৃহৎ বাৰ্ষিক ৰাজহুৱা সমাবেশ হিচাপেও গণ্য কৰা হয় । এই অনুষ্ঠানটোত প্ৰতিবছৰে লাখ লাখ লোকৰ সমাগম হয় । আনহাতে, ইৰাণৰ দক্ষিণ-পূব চিষ্টান আৰু বেলুচিষ্টান প্ৰদেশত বুধবাৰে পুৱতি নিশা আন এক পৃথক বাছ দুৰ্ঘটনাত ৬ জন লোক নিহত হোৱাৰ উপৰি ১৮ জন আহত হয় বুলি কৰ্তৃপক্ষই জনায় ।

লগতে পঢ়ক :সুৰংগৰ পৰা উদ্ধাৰ ছগৰাকী পণবন্দীৰ মৃতদেহ - ISRAEL HAMAS WAR
লগতে পঢ়ক :দক্ষিণ চীন সাগৰত চীন আৰু ফিলিপাইনছৰ জাহাজৰ সংঘৰ্ষ - Chinese Philippine vessels collided

ABOUT THE AUTHOR

...view details