অসম

assam

বাংলাদেশত হিংসাত্মক পৰিস্থিতি : ঢাকালৈ বৃহৎ সমদল প্ৰতিবাদকাৰীৰ - Bangladesh Violence

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 1:29 PM IST

Bangladesh Violence: প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত বাংলাদেশত প্ৰতিবাদ অব্যাহত আছে । সোমবাৰে ঢাকালৈ বৃহৎ সমদলৰ বাবে সাজু হৈছে প্ৰতিবাদকাৰী । শিক্ষাৰ্থীৰ লগতে দেশৰ সাধাৰণ নাগৰিকক এই আন্দোলনত অংশগ্ৰহণৰ আহ্বান জনাইছে প্ৰতিবাদকাৰী সংগঠনসমূহে ।

Bangladesh Violence
বাংলাদেশত হিংসাত্মক পৰিস্থিতি;ঢাকালৈ বৃহৎ সমদল প্ৰতিবাদকাৰীৰ (AP Photo)

ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ আগষ্ট : এতিয়াও উন্নত হোৱা নাই বাংলাদেশৰ পৰিস্থিতি । দেশখনত হিংসাত্মক ঘটনাত প্ৰায় ১০০ গৰাকী লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে । ইয়াৰ পিচতে প্ৰতিবাদকাৰীসকলে সোমবাৰে ঢাকালৈ বৃহৎ সমদলৰ ঘোষণা কৰিছে । এই সমদলত দেশখনৰ সাধাৰণ ৰাইজক অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে প্ৰতিবাদকাৰী সংগঠনসমূহে । ইয়াৰ ফলত বাংলাদেশত আন এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

অশান্ত বাংলাদেশ :

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত দেশজুৰি বিভিন্ন স্থানত প্ৰতিবাদ হোৱা দেখা গৈছে । আনহাতে প্ৰতিবাদকাৰী আৰু শাসকীয় দলৰ সমৰ্থকৰ মাজত তীব্ৰ সংঘৰ্ষ হোৱাও দেখা গৈছে । বাংলাদেশৰ সংবাদ মাধ্যমৰ মতে এই সংঘৰ্ষত ১৪ গৰাকী আৰক্ষীসহ প্ৰায় ৯৯ গৰাকী লোক নিহত হৈছে ।

দেওবাৰে পুৱা চৰকাৰী নিযুক্তিত সংৰক্ষণৰ বাবে হাছিনাৰ পদত্যাগৰ দাবীৰে ষ্টুডেণ্টছ এগেইনষ্ট ডিচক্ৰিমিনেচনৰ বেনাৰত অসহযোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলৰ শাসনাধিষ্ঠিত আৱামী লীগ, ছাত্ৰ লীগ আৰু জুবো লীগৰ কৰ্মীসকলৰ সমৰ্থকৰ সংঘৰ্ষৰ সূত্ৰপাত হয় । হিংসাৰ ফলত ম’বাইল ইণ্টাৰনেট বন্ধ কৰাৰ লগতে অনিৰ্দিষ্ট সময়ৰ বাবে প্ৰশাসনে দেশজুৰি সান্ধ্য আইন বলবৎ কৰিবলৈ বাধ্য হৈছে ।

ঢাকালৈ বৃহৎ সমদলৰ ঘোষণা

ইয়াৰ মাজতে প্ৰতিবাদকাৰীসকলে ঢাকালৈ বৃহৎ আন্দোলনৰ ঘোষণা কৰিছে । আন্দোলনৰ সমন্বয়ক আচিফ মাহমুদে দেওবাৰে নিশা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কয় যে দেশত বৰ্ধিত উদ্বেগৰ মাজতে এক জৰুৰী বৈঠকত এই সিদ্ধান্ত লোৱা হয় ।

তেওঁ কয়, "পৰিস্থিতি পৰ্যালোচনা কৰাৰ এক জৰুৰী সিদ্ধান্তত আমাৰ 'মাৰ্চ টু ঢাকা' কাৰ্যসূচী ৬ আগষ্টৰ পৰা ৫ আগষ্টলৈ সলনি কৰা হৈছে । অৰ্থাৎ আমি সমগ্ৰ দেশৰ শিক্ষাৰ্থীসকলক সোমবাৰে ঢাকা অভিমুখে এই সমদলত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো ।"

তেওঁ লগতে কয়, "চূড়ান্ত যুঁজৰ সময় আহিছে । এই ছাত্ৰ-নাগৰিক বিদ্ৰোহৰ চূড়ান্ত স্বাক্ষৰ কৰাৰ সময় আহি পৰিল । ইতিহাসৰ সাক্ষী হ'বলৈ ঢাকালৈ আহক । শিক্ষাৰ্থীসকলে এখন নতুন বাংলাদেশ গঠন কৰিব ।" ইফালে সোমবাৰে আৱামী লীগৰ পৰিকল্পিত শোক শোভাযাত্ৰা সান্ধ্য আইনৰ বাবে বাতিল কৰা হৈছে । এনে পৰিস্থিতিত ভাৰতে দেশখনৰ সকলো নাগৰিকক চলিত হিংসাৰ বাবে পৰৱৰ্তী জাননী নোপোৱালৈকে বাংলাদেশ ভ্ৰমণ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে ।

অন্তৱৰ্তীকালীন চৰকাৰ

ইফালে, বিশ্ববিদ্যালয় শিক্ষক গোটে বিভিন্ন শ্ৰেণী আৰু বৃত্তিৰ লোকক লৈ তাৎক্ষণিকভাৱে অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ প্ৰস্তাৱ দিছে । প্ৰস্তাৱ অনুসৰি হাছিনাই অন্তৱৰ্তীকালীন চৰকাৰক ক্ষমতা হস্তান্তৰ কৰিব লাগিব । শিক্ষক গোটে দেওবাৰে ঢাকা ৰিপ'ৰ্টাৰ্ছ ইউনিটিৰ প্ৰেক্ষাগৃহত 'বৈষম্যমুক্ত গণতান্ত্ৰিক বাংলাদেশলৈ পৰিৱৰ্তনৰ বাবে ৰূপৰেখাৰ প্ৰস্তাৱ' শীৰ্ষক এখন সংবাদমেল সম্বোধন কৰে ।

১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা লোকসকলৰ আত্মীয়ৰ বাবে ৩০ শতাংশ চৰকাৰী নিযুক্তি সংৰক্ষিত কৰাৰ বিতৰ্কিত সংৰক্ষণ প্ৰণালীৰ সমাপ্তিৰ দাবীত আৰক্ষী আৰু শিক্ষাৰ্থী প্ৰতিবাদকাৰীৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষত ২০০ ৰো অধিক লোক নিহত হৈছিল । এই ঘটনাৰ কিছুদিন পিচতে পুনৰ সংঘৰ্ষৰ সূত্ৰপাত হয় । তেতিয়াৰে পৰা দেশখনত ১১,০০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

বিষয়াসকলে দাবী কৰা মতে দেওবাৰৰ প্ৰতিবাদত অচিনাক্ত লোক আৰু সোপন্থী ইছলামী শাসনতন্ত্ৰ আন্দোলনৰ কৰ্মীসকলে যোগদান কৰিছিল । কেইবাটাও মুখ্য ঘাইপথ আৰু ৰাজধানী চহৰৰ ভিতৰত বেৰিকেড স্থাপন কৰা হৈছিল । দেওবাৰে ৩৯ খন জিলাত জনপ্ৰতিনিধিৰ ঘৰ, আৱামী লীগৰ কাৰ্যালয়, আৰক্ষী থানা আৰু অন্যান্য চৰকাৰী প্ৰতিষ্ঠানসমূহত আক্ৰমণ কৰাৰ লগতে জ্বলাই দিয়া হয় ।

এনে পৰিস্থিতিত দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে বাংলাদেশৰ মুখ্য চহৰ আৰু সৰু চহৰসমূহত সান্ধ্য আইন জাৰি কৰা হৈছে । চৰকাৰে মেটা প্লেটফৰ্ম ফেচবুক, মেচেঞ্জাৰ, হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম বন্ধ কৰাৰ নিৰ্দেশ দিছে । মোবাইল অপাৰেটৰসকলক ৪জি মোবাইল ইণ্টাৰনেট বন্ধ কৰিবলৈও নিৰ্দেশ দিছে ।

ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই শনিবাৰে আন্দোলনৰ সমন্বয়কসকলৰ সৈতে আলোচনাৰ প্ৰস্তাৱ দিছে । অৱশ্যে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱ নাকচ কৰিছে ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ আহ্বানৰ মাজতে বাংলাদেশত পুনৰ হিংসাত্মক প্ৰতিবাদ, 91 জন নিহত - BANGLADESH VIOLENCE

ABOUT THE AUTHOR

...view details