ইণ্টাৰনেশ্যনেল ডেস্ক, 31 জানুৱাৰী:বেলুচিস্তানৰ ছিবিত বিস্ফোৰণ ৷ এই বিস্ফোৰণত 3 জন লোক নিহত, 5 জন লোক আহত বুলি মঙলবাৰে ARY নিউজে প্ৰকাশ কৰিছে । ARY নিউজৰ তথ্য অনুসৰি প্ৰদেশখনত শেহতীয়া সন্ত্ৰাসবাদী আক্ৰমণৰ অব্যাহত থকাৰ সময়তে এই তথ্য প্ৰকাশ পাইছে ।
স্থানীয় আৰক্ষীৰ মতে, মহানগৰীখনৰ জিন্না ৰোডত সংঘটিত হৈছে এই ঘটনা ৷ এই বিস্ফোৰণৰ কাৰণ এতিয়াও নিৰ্ণয় কৰিব পৰা হোৱা নাই । অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ শ্বাহিদে তিনিজন আহত লোকৰ অৱস্থা 'সংকটজনক' বুলি জনায় । উল্লেখ্য যে, 8 ফেব্ৰুৱাৰীৰ সাধাৰণ নিৰ্বাচনৰ আঠ দিন পূৰ্বে সমগ্ৰ দেশতে নিৰাপত্তা বৃদ্ধি পোৱাৰ লগতে আইন-শৃংখলাৰ পৰিস্থিতি নিশ্চিত কৰিবলৈ আইন প্ৰয়োগকাৰী সংস্থা মোতায়েন কৰা হৈছে ।
ছিবিৰ উপাযুক্ত খুদা-ই-ৰহিমে নিশ্চিত কৰিছে যে পাকিস্তান তেহৰিক-ই-ইনছাফৰ (পিটিআই) ৰেলী চহৰখনৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হৈছে । পিটিআই বেলুচিস্তানৰ মুখপাত্ৰ নাজিৰ আচাকজাইয়েও ইয়াৰ এজন প্ৰাৰ্থীয়ে অনুষ্ঠিত কৰা সমাৱেশক লক্ষ্য কৰি ঘটোৱা বিস্ফোৰণটোত তিনিজন দলীয় কৰ্মীৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে ।