অসম

assam

ETV Bharat / international

ইৰাণে জব্দ জাহাজত ১৭ জন ভাৰতীয় নাগৰিক: ইৰাণৰ বিষয়াৰ সৈতে যোগাযোগ ভাৰতৰ - IRAN SEIZES ISRAEL LINKED SHIP

Indian Nationals Onboard Ship Seized By Iran: ইৰাণে শনিবাৰে ইজৰাইলৰ এখন কণ্টেইনাৰ জাহাজ জব্দ কৰে । চৰকাৰী সূত্ৰই জনোৱা মতে, ইৰাণৰ সেনাই জব্দ কৰা জাহাজখনত সোতৰজন ভাৰতীয় নাগৰিক আছে ৷ আটকাধীন নাগৰিককেজনক আগতীয়াকৈ মুকলি কৰি দিয়াৰ বাবে ভাৰতে কূটনৈতিক মাধ্যমেৰে ইৰাণী কৰ্তৃপক্ষৰ সৈতে যোগাযোগ স্থাপন কৰিছে ।

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 11:02 PM IST

Indian Nationals Onboard Ship Seized By Iran
ইৰাণে জব্দ জাহাজত ১৭ জন ভাৰতীয় নাগৰিক

ইন্টাৰনেশ্যনেল ডেস্ক, ১৩ এপ্ৰিল: ইৰাণে শনিবাৰে সংযুক্ত আৰব আমিৰশ্বাহীৰ উপকূলৰ পৰা ১৭ জন ভাৰতীয় নাগৰিককে ধৰি ২৫ জন ক্ৰু মেম্বাৰ কঢ়িয়াই অনা ইজৰাইলৰ সৈতে জড়িত কণ্টেইনাৰ জাহাজ এখন জব্দ কৰে । ভাৰতীয় নাগৰিকসকলৰ কল্যাণ আৰু আগতীয়াকৈ মুক্তি নিশ্চিত কৰিবলৈ ভাৰতে কূটনৈতিক মাধ্যমেৰে ইৰাণ কৰ্তৃপক্ষৰ সৈতে তেহৰাণ আৰু দিল্লী উভয়তে যোগাযোগ কৰি আছে ।

সংবাদ সংস্থা এএনআইয়ে সূত্ৰৰ উদ্ধৃতিৰে কয় যে, "আমি জানো যে এখন মালবাহী জাহাজ 'এমএছচি এৰিছ' ইৰাণে নিয়ন্ত্ৰণত লৈছে । আমি জানিব পাৰিছো যে জাহাজখনত ১৭ জন ভাৰতীয় নাগৰিক আছে ।" ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা, কল্যাণ আৰু আগতীয়াকৈ মুক্তি নিশ্চিত কৰাৰ বাবে আমি তেহৰাণ আৰু দিল্লী উভয়তে কূটনৈতিক মাধ্যমেৰে ইৰাণী কৰ্তৃপক্ষৰ সৈতে যোগাযোগত আছো ।

ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে শনিবাৰে প্ৰকাশ কৰা অনুসৰি ছিৰিয়াৰ আক্ৰমণত ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে দুজন জেনেৰেলকে ধৰি সাতজন সদস্য হেৰুৱাৰ পাচত জাহাজখন জব্দ কৰে । চৰকাৰী দ্বাৰা পৰিচালিত আইআৰএনন প্ৰকাশ কৰা অনুসৰি, ‘জাহাজখন এতিয়া আমাৰ দেশৰ ভূখণ্ডৰ জলসীমাৰ ফালে নিৰ্দেশিত হৈছে ।

লণ্ডনস্থিত জোডিয়াক মেৰিটাইমৰ মালিকানাধীন এই জাহাজখন ইজৰাইলী কোটিপতি ইয়াল অফেৰ আৰু তেওঁৰ পৰিয়ালে পৰিচালনা কৰা জোডিয়াক গ্ৰুপৰ অংশ । এছ’চিয়েটেড প্ৰেছ সংবাদ সংস্থাই লাভ কৰা ফুটেজত দেখা গৈছে যে হেলিকপ্টাৰৰ পৰা জোৱানক পেলাই দিয়া হৈছে ।

ছিৰিয়াৰ কনছুলেটত ইজৰাইলে আক্ৰমণ চলাই দুজন জেনেৰেলকে ধৰি ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ সাতজন সদস্যৰ মৃত্যু হোৱাৰ পিছত ইৰাণৰ পৰা সম্ভাৱ্য প্ৰত্যুত্তৰৰ আশংকা কৰি আমেৰিকাই মধ্যপ্ৰাচ্যত সেনাবাহিনীৰ উপস্থিতি বৃদ্ধি কৰিছে । ইজৰাইলত ৭ অক্টোবৰৰ আক্ৰমণৰ পিছত গাজাৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় সমালোচনাৰ সন্মুখীন হোৱাৰ পিছতো আমেৰিকাই সেই অঞ্চললৈ যুদ্ধজাহাজ আৰু সৈন্যৰ লগতে হাজাৰ হাজাৰ বোমা আৰু গোলাবাৰুদ নিজৰ মিত্ৰ ইজৰাইললৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক:মধ্য প্ৰাচ্যৰ উত্তেজনা: ইৰাণৰ আকাশ পৰিহাৰৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ - Air India to skip Iranian airspace

ABOUT THE AUTHOR

...view details