জ্যেষ্ঠ চিকিৎসক ডাঃ শশাংক বৰুৱা (ETV BHARAT ASSAM) গুৱাহাটী, 17 মে’: আজি সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব উচ্চ ৰক্তচাপ দিৱস ৷ ৰক্তচাপ সন্দৰ্ভত সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে এই দিৱস প্ৰতিবছৰে 17 মে’ অৰ্থাৎ আজিৰ দিনটোত পালন কৰা হয় ৷
বৰ্তমান সময়ছোৱাত উচ্চ ৰক্তচাপ সমগ্ৰ বিশ্বতে নীৰৱ হত্যাকাৰী হিচাপে পৰিগণিত হৈছে ৷ উচ্চ ৰক্তচাপত আক্ৰান্ত ৰোগীৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস ৷ উচ্চৰক্তচাপৰ কাৰণসমূহ কি কি ? উচ্চৰক্তচাপৰ লক্ষণ সমূহ কি কি এই সন্দৰ্ভত জনালে জ্যেষ্ঠ চিকিৎসক ডাঃ শশাংক বৰুৱাই ৷ বৰ্তমান সময়ছোৱাত উচ্চ ৰক্তচাপ সমগ্ৰ বিশ্বতে নীৰৱ হত্যাকাৰী হিচাপে পৰিগণিত হৈছে ৷ উচ্চ ৰক্তচাপত আক্ৰান্ত ৰোগীৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷
সমগ্ৰ বিশ্বতে বহুলোকৰ অকাল মৃত্যুৰো এক মুখ্য কাৰণ হৈছে উচ্চ ৰক্তচাপ ৷ পূৰ্বে ৪০ বছৰৰ উৰ্দ্ধৰ লোকসকলৰ উচ্চ ৰক্তচাপ হোৱা বুলি ধাৰণাটো এতিয়া সলনি হৈছে ৷ বৰ্তমানসময়ত বহু কম বয়সৰ যুৱক-যুৱতী এনে সমস্যাত আক্ৰান্ত হোৱা দেখা যায় ৷
আধুনিক জীৱন-যাপনৰ সমান্তৰালভাৱে উচ্চৰক্তচাপৰ সংজ্ঞা সলনি হৈছে ৷ সেয়ে উচ্চ ৰক্তচাপৰ সজাগতৰ বাবে ১৭ মে'ৰ দিনটো বিশ্ব উচ্চ ৰক্তচাপ দিৱস (World Hypertension Day) পালন কৰা হয় ৷ বৰ্তমান সময়ত জীৱন-যাপনৰ ধাৰণা সলনি হোৱাৰ লগতে অত্যধিক মানসিক চাপ, কামৰ বোজা আদিৰ বাবে বৃদ্ধি পাবলৈ ধৰিছে উচ্চ ৰক্তচাপ ৷
বিশ্বৰ তৃতীয় মহমাৰীৰূপেও খ্যাত উচ্চৰক্তচাপ ৷ এই ৰোগত মৃত্যু হোৱা ৰোগীৰ হাৰ যথেষ্ট বেছি যদিও বৰ্তমানো মানুহে ইয়াক গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত নহয় ৷ সেয়ে চিকিৎসক ডাঃ শশাংক বৰুৱাই উচ্চ ৰক্তচাপৰ কাৰণ তথা লক্ষণসমূহৰ বিষয়ে বিবৰি কয়-
উচ্চ ৰক্তচাপৰ কাৰণসমূহ কি কি ?
- অত্যধিক মানসিক চাপ বা টেনচনৰ বাবে সহজেই উচ্চ ৰক্তচাপ হ'ব পাৰে ৷
- বংশগত কাৰণটো উচ্চৰক্তচাপ হ'ব পাৰে ৷ পিতৃ-মাতৃৰ লগতে যদি পৰিয়ালৰ কোনো সদস্যৰ ৰক্তচাপৰ সমস্যা থাকে তেতিয়া হ'লে এনে হোৱাৰ আশংকা থাকে ৷
- শৰীৰৰ অতিৰিক্ত ওজন অর্থাৎ মেদবহুলতা হ'ব পাৰে উচ্চ ৰক্তচাপ বৃদ্ধিৰ অন্যতম কাৰণ ৷
জীৱন-যাপন বা লাইফ ষ্টাইলৰ বাবেও হ'ব পাৰে ৷ - নিচা সেৱন, মাদক দ্ৰব্য সেৱন কৰাৰ বাবেও এনে হ'ব পাৰে ৷
- বেছি নিমখ খালেও এই ৰোগ হ'ব পাৰে ৷
- তেজত ক'লেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হ'লে আন ৰোগৰ লগতে ৰক্তচাপো বৃদ্ধি হয় ৷
- দিনটোৰ ভিতৰত বেছিকৈ চৰ্বিযুক্ত খাদ্য গ্ৰহণ কৰাৰ পিচত যদি কঠোৰ পৰিশ্ৰম নকৰে তেতিয়া লাহে লাহে ৰক্তচাপ বাঢ়িবলৈ ধৰে ৷
- ধূম্ৰপান হ'ব পাৰে ৰক্তচাপ বৃদ্ধিৰ কাৰণ ৷
উচ্চৰক্তচাপৰ লক্ষণ সমূহ কি কি ?
- উচ্চ ৰক্তচাপত আক্ৰান্ত হ'লে মূৰৰ বিষ হ'ব পাৰে ৷ বিশেষকৈ মস্তিষ্কৰ পিছফালে বিষ আৰম্ভ হয় ৷
- কম-বেছি পৰিমাণে মূৰ ঘূৰাই থকাৰ সমস্যাই গা কৰি উঠে ৷
- উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাৰ লগে লগে ক্লান্তি বা ভাগৰুৱা অনুভৱ হয় ৷
- সামান্য কাম কৰিলেও ভাগৰ অনুভৱ হ'ব পাৰে ৷
- বুকুৰ বিষ অনুভৱ কৰাটো আন এক লক্ষণ বুলি কোৱা হয় ৷
লগতে পঢ়ক:উচ্চ ৰক্তচাপৰ হাত সাৰিবলৈ পঢ়ক এই প্ৰতিবেদন - WORLD HYPERTENSION DAY 2024