গৰ্ভনিৰোধক বড়ি, যাক জন্ম নিয়ন্ত্ৰণ বড়ি বুলিও কোৱা হয়, মহিলাসকলৰ বাবে গৰ্ভধাৰণ প্ৰতিৰোধৰ এক ফলপ্ৰসূ আৰু ব্যৱহাৰিক উপায় ৷ কিন্তু প্ৰতিটো ঔষধৰ দৰে এই বড়িৰ কিছুমান সম্ভাৱ্য অসুবিধা আৰু পাৰ্শ্বক্ৰিয়াও আছে, যিবোৰৰ প্ৰতি প্ৰতিগৰাকী মহিলাই সচেতন হোৱা উচিত ৷ বিশেষজ্ঞৰ পৰা আজি এই বিষয়ে বিতংভাৱে জানি লও আহক-
জ্যেষ্ঠ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ গৰিমা সাহানীয়ে এই সন্দৰ্ভত কয় যে, এই বড়িবোৰ হৰম’নৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয়, য’ত হয় ইষ্ট্ৰজেন আৰু প্ৰজেষ্টিনৰ সংমিশ্ৰণ থাকে, নহয় কেৱল প্ৰজেষ্টিন থাকে ৷ এইবোৰে ডিম্বাশয়ৰ পৰা ডিম্ব নিৰ্গত হোৱাত বাধা দিয়ে (Ovulation) আৰু জৰায়ুৰ মুখৰ (cervix) চাৰিওফালে থকা শ্লেষ্মা ঘন কৰি জৰায়ুত শুক্ৰাণু পোৱাত অসুবিধা হয় ৷ যদি এই বড়িবোৰ শুদ্ধ পদ্ধতিৰে লোৱা হয় তেন্তে ৯৯ শতাংশতকৈও অধিক ফলপ্ৰসূ হয় ৷
গুৰুতৰ পাৰ্শ্বক্ৰিয়া
যদিও এই বড়িবোৰ বেছিভাগ মহিলাৰ বাবে নিৰাপদ, কিছুমান মহিলাই গুৰুতৰ পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হ’ব পাৰে ৷ বিশেষজ্ঞসকলৰ মতে, কিছুমান প্ৰধান আৰু বিপজ্জনক পাৰ্শ্বক্ৰিয়া তলত দিয়া ধৰণৰ-
তেজ জমা হোৱা:বিশেষকৈ ধূমপান কৰা বা ৩৫ বছৰৰ ওপৰৰ মহিলাৰ ক্ষেত্ৰত জন্ম নিয়ন্ত্ৰণৰ বড়িয়ে তেজ জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷
হৃদৰোগ:এই বড়িবোৰ দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰিলে ৰক্তচাপ বৃদ্ধি পায়, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি পায় ৷
লিভাৰৰ সমস্যা: জন্ম নিয়ন্ত্ৰণৰ বড়িৰ দ্বাৰা কিছুমান মহিলাৰ লিভাৰ টিউমাৰ হ’ব পাৰে ৷