অসম

assam

কিয় আন্তৰ্জাতিক নাৰী দিৱস কেৱল ৮ মাৰ্চতহে পালন কৰা হয় ? ইয়াৰ আঁৰৰ কাৰণ জানেনে

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 10:20 AM IST

Women's Day 2024: প্ৰতি বছৰে ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় । ১৯৭৫ চনৰ ৮ মাৰ্চৰ পৰা ৰাষ্ট্ৰসংঘই (United Nations) নাৰী দিৱস উদযাপন আৰম্ভ কৰে । নাৰীৰ সম অধিকাৰ আৰু সন্মান সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৮ মাৰ্চৰ এই বিশেষ দিনটো পালন কৰা হয় ৷ কিন্তু নাৰী দিৱস উদযাপনৰ বাবে ৮ মাৰ্চক কিয় বাছি লোৱা হ’ল ? এই বিষয়ে জানেনে ।

Why is International Women's Day celebrated only on 8 March? Know the reason behind this
কিয় আন্তৰ্জাতিক নাৰী দিৱস কেৱল ৮ মাৰ্চতহে পালন কৰা হয় ? ইয়াৰ আঁৰৰ কাৰণ জানেনে

আমি সকলোৱে জানো যে নাৰীক নিজৰ অধিকাৰৰ প্ৰতি সচেতন কৰাৰ উদ্দেশ্যে নাৰী দিৱস উদযাপন কৰা হয় ৷ যাৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী আয়োজন কৰা হয় ৷ ৰাজনীতিৰ পৰা আৰম্ভ কৰি বিজ্ঞান, শিল্প, সংস্কৃতি আৰু আন বহু ক্ষেত্ৰত অৰিহণা যোগোৱা মহিলাসকলক আজিৰ দিনটোত সন্মান জনোৱা হয় ৷ কিন্তু নাৰী দিৱস উদযাপনৰ বাবে ৮ মাৰ্চ কিয় বাছনি কৰা হ’ল সেয়া আপুনি জানেনে ? যদি নাজানে, তেন্তে আজি আমি এই বিষয়ে জানো আহক ৷

কিয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেৱল ৮ মাৰ্চতহে পালন কৰা হয় ?

নাৰী দিৱস উদযাপনৰ বাবে ৮ মাৰ্চ বাছি লোৱাৰ বিশেষ কাৰণ ৷ দৰাচলতে আমেৰিকাত কাম কৰা মহিলাসকলে নিজৰ অধিকাৰৰ বাবে ৮ মাৰ্চত আন্দোলন আৰম্ভ কৰিছিল ৷ সেয়ে নিউয়ৰ্কৰ শ্ৰমিকসকলক সন্মান জনোৱাৰ উদ্দেশ্যে ১৯০৮ চনত আমেৰিকাৰ ছ’চিয়েলিষ্ট পাৰ্টীয়ে এই দিনটো বাছি লৈছিল ৷

আনহাতে, ৰাছিয়াৰ মহিলাসকলে নাৰী দিৱস পালন কৰিছিল আৰু প্ৰথম বিশ্বযুদ্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল ৷ ১৯১৭ চনত ৰুখৰ মহিলাসকলেও ৰুটি আৰু শান্তিৰ (Bread and Peace) বাবে ধৰ্মঘট কৰিছিল ৷ ইউৰোপৰ মহিলাসকলে শান্তি কৰ্মীসকলক সমৰ্থন কৰিবলৈ ৮ মাৰ্চত ৰেলী উলিয়াইছিল ৷ এই কাৰণতে ৮ মাৰ্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন আৰম্ভ হয় ৷ পিচলৈ ১৯৭৫ চনত ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসক স্বীকৃতি প্ৰদান কৰে ৷

২০২৪ চনৰ নাৰী দিৱসৰ বিষয়বস্তু

প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস এটা থিম লৈ উদযাপন কৰা হয় ৷ ২০২৪ চনত এই দিৱসটো Inspire Inclusion (এনে এখন পৃথিৱী, য’ত সকলোৱে সমান অধিকাৰ আৰু সন্মান লাভ কৰে) শীৰ্ষক বিষয়বস্তুৰে পালন কৰা হৈছে ৷

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ গুৰুত্ব

এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে নাৰীক পুৰুষৰ দৰে সমান সন্মান আৰু অধিকাৰ দিয়া আৰু তেওঁলোকক নিজৰ অধিকাৰৰ প্ৰতি সচেতন কৰা ৷ নাৰীৰ মনোবল বৃদ্ধি আৰু সমাজত প্ৰচলিত বৈষম্য দূৰ কৰিবলৈ এই দিৱসটোৰ অতি গুৰুত্ব আছে ৷

লগতে পঢ়ক:শনি দেৱৰ ক্ৰোধৰ পৰা হাত সাৰিবলৈ মহাশিৱৰাত্ৰিৰ দিনা কৰক কেইটামান বিশেষ কাম

ABOUT THE AUTHOR

...view details