অসম

assam

ETV Bharat / health

ওজন হ্ৰাস কৰিবলৈ ফল নে ফলৰ ৰস ? কোনবিধ অধিক ফলপ্ৰসূ - Fruit Vs Fruit Juice

Fruit Vs Fruit Juice: ওজন কম কৰাৰ ক্ষেত্ৰত ফলৰ ৰস খোৱাতকৈ ফল খোৱাটো অধিক ফলপ্ৰসূ নেকি ? আজিয়েই এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-

Which is more beneficial for weight loss - consuming fruits or drinking fruit juice?
ওজন হ্ৰাস কৰিবলৈ ফল নে ফলৰ ৰস ? কোনবিধ অধিক উপকাৰী

By ETV Bharat Assamese Team

Published : May 1, 2024, 4:25 PM IST

ফল-মূলত ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেণ্ট আদি পুষ্টিকৰ উপাদান থাকে । সতেজ ফলৰ ৰস আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিশ্বাস কৰা হয় । মানুহে ওজন কমাবলৈ আৰু সুস্থ হৈ থাকিবলৈ বিভিন্ন ধৰণৰ ডায়েট প্লেন মানি চলে । ওজন কমাবলৈ মানুহে প্ৰায়ে ফল বা ফলৰ ৰস সেৱন কৰে ।

বহুতে দিনটো আৰম্ভ কৰে এগিলাচ ৰসেৰে । কিন্তু বহু সময়ত মানুহৰ মনত এই প্ৰশ্নটো আহে যে ওজন কমাবলৈ ফল বা ফলৰ ৰস উপকাৰী নেকি ? যদি আপোনাৰ মনতো এই প্ৰশ্নটো আছে, তেন্তে ক্লিনিকেল নিউট্ৰিচনিষ্ট ডাঃ শিখা সিঙৰ পৰা আজি এই বিষয়ে জানি লওক-

ক্লিনিকেল নিউট্ৰিচনিষ্ট ডাঃ শিখা সিঙে কয়, “তিনিটা কমলা বা আপেল একেলগে খোৱাটো অলপ কঠিন ৷ কিন্তু এগিলাচ ৰস খোৱাটো যথেষ্ট সহজ । ফল ৰসতকৈ উপকাৰী কাৰণ ই আমাক পুষ্টি প্ৰদান কৰাৰ লগতে কম কেলৰিৰ দ্বাৰাই পেট পূৰ কৰি শৰীৰক শক্তি প্ৰদান কৰে ৷

ফল-মূল খালে আমাৰ শৰীৰে যি শৰ্কৰা লাভ কৰে, সেয়া লাহে লাহে শৰীৰত নিৰ্গত হয় । আনহাতে, ৰসত আমি খাদ্যৰ পৰিমাণ কমকৈ লাভ কৰো, যিয়ে আমাৰ পেট ভৰোৱাত সহায় নকৰে আৰু ইয়াৰ সেৱনে হঠাৎ আমাৰ শৰীৰত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে আৰু কেলৰিৰ পৰিমাণো বেছি হয়, যাৰ ফলত ওজনো বৃদ্ধি হ’ব পাৰে । সেয়েহে উন্নত স্বাস্থ্য বা ওজন কমাবলৈ ফলৰ ৰস খোৱাৰ পৰিৱৰ্তে গোটা ফল গ্ৰহণ কৰাটো উচিত” ৷

যদি আপুনিও ওজন কমোৱাৰ কথা ভাবিছে আৰু খাদ্যত ফলৰ ৰস অন্তৰ্ভুক্ত কৰাটো পছন্দ কৰে, তেন্তে আজিৰ পৰাই ফলৰ ৰসৰ সলনি আপোনাৰ খাদ্য তালিকাত গোটা ফল অন্তৰ্ভুক্ত কৰক ।

লগতে পঢ়ক:সুস্থ হৈ থাকিবলৈ আজিৰ পৰাই অনুসৰণ কৰক এই টিপছ - Nutrition Hacks

ABOUT THE AUTHOR

...view details