শৰীৰত এল ডি এল অৰ্থাৎ বেয়া কলেষ্টেৰল বৃদ্ধি হোৱাটো আজিৰ দিনত এক সাধাৰণ সমস্যা বুলি গণ্য কৰা হৈছে ৷ এই সমস্যাই সমগ্ৰ বিশ্বতে প্ৰায় সকলো বয়সৰ লোকক দ্ৰুতগতিত প্ৰভাৱিত কৰিছে ৷ ইয়াৰ বাবে জীৱনশৈলীৰ অংশ বুলি গণ্য কৰা খাদ্য আৰু ব্যায়ামকে ধৰি অন্যান্য কাৰকৰ সৈতে জড়িত অনুশাসনহীন আৰু ভাৰসাম্যহীন অভ্যাসক জগৰীয়া কৰা হৈছে ৷
এই ৰোগক কিয় চাইলেণ্ট কিলাৰ বুলি কোৱা হয় ?
উচ্চ কলেষ্টেৰল হৈ পৰিছে নিৰৱ হত্যাকাৰী ৷ কলেষ্টেৰলৰ বাবে হৃদযন্ত্ৰৰ সমস্যাৰ আশংকা থাকে ৷ সেয়েহে চিকিৎসা বিশেষজ্ঞসকলে উচ্চ কলেষ্টেৰল ৰোগত আক্ৰান্ত লোকসকলক জীৱনশৈলীৰ পৰিৱৰ্তন কৰিবলৈ আৰু এনে খাদ্য সামগ্ৰী বাছি ল’বলৈ পৰামৰ্শ দিয়ে যিবোৰে প্ৰাকৃতিকভাৱে বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব পাৰে ৷
আধুনিক যুগত উচ্চ কলেষ্টেৰল অতি বিপজ্জনক হৈ পৰাৰ মূল কাৰণ হৈছে জীৱনশৈলী আৰু খাদ্যাভ্যাস ৷ ইয়াৰ ফলত মেদবহুলতা বৃদ্ধি পায় ৷ ই স্বাস্থ্যৰ ক্ষতি কৰে আৰু বহুতো বিপজ্জনক ৰোগৰ আশংকা সৃষ্টি কৰে গতিকে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ বৰ্তমানে জীৱনশৈলী আৰু খাদ্যাভ্যাসত পৰিৱৰ্তন কৰাটো ভাল ৷ জনাই দিও যে, কলেষ্টেৰল হৈছে এটি চৰ্বিযুক্ত, তেলীয়া ষ্টেৰইড যিটো কোষৰ আৱৰণত পোৱা যায় ৷ ইয়াৰ ফলত ৰক্তবাহী নলীত প্লেক গঠন হয় ৷ ইয়াৰ ফলত তেজৰ যোগান বন্ধ হৈ পৰে আৰু আৰু অধিক উচ্চ ৰক্তচাপ, হাৰ্ট এটেক, ব্ৰেইন ষ্ট্ৰোক আদিৰ সৃষ্টি হয় ৷ কিন্তু চিকিৎসা বিশেষজ্ঞসকলে কয় যে পুৱা কিছুমান বিশেষ খাদ্য খালে শৰীৰৰ উচ্চ কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰি ৷
Medlineplus.govৰ মতে , এই খাদ্যসমূহ পুৱা সোনকালে খোৱাটো অতি উপকাৰী বুলি গণ্য কৰা হয়...
আখৰোট:আখৰোটত বহুতো পুষ্টিকৰ উপাদান থাকে ৷ যদি আপুনি প্ৰতিদিনে ব্ৰেকফাষ্টত কিছু আখৰোট খায় তেন্তে ই উচ্চ কলেষ্টেৰল হ্ৰাস কৰাত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে ৷ চিকিৎসা বিশেষজ্ঞসকলে কয় যে ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস পায় ৷