দুৰ্গা দেৱীৰ বাহন সিংহ কিন্তু প্ৰত্যেকবাৰে মৰ্ত্যলৈ আহিলে বেলেগ বেলেগ বাহনত আহে ৷ জ্যোতিষীৰ মতে ইয়াৰো আছে বহু অৰ্থ ৷ এইবাৰ দেৱী দুৰ্গা দোলাত আহিব আৰু প্ৰস্থান কৰিব ঘোঁৰাত ৷
সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ ৷ এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামেৰে জনাজাত ৷ এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায় ৷ পূৰ্বৱৰ্তী অমাৱস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয় আৰু পূৰ্ণিমাৰ দিনাক লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয় ৷ হিন্দু ধৰ্মৰ শাক্তবাদ পৰম্পৰাত দুৰ্গা পূজা এক গুৰুত্বপূৰ্ণ উৎসৱ ৷ ইফালে, কলকাতাৰ দুৰ্গা পূজা ২০২১ চনত ইউনেস্ক’ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত সন্নিবিষ্ট হৈছে ৷ এইবাৰ অসমৰ লগতে কলকাতাতো অতি আড়ম্বপূৰ্ণভাৱে পালন কৰা শাৰদীয় দুৰ্গোৎসৱ ৷
ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখ থকা অনুসাৰে এই দুৰ্গাপূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ ৷ দুৰ্গা পূজাৰ প্ৰৱৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায় ৷ কোৱা হয় যে, এই ইতিহাসৰ কোনো প্ৰামাণিক তথ্য নাই ৷ দুৰ্গা দেৱীৰ মূৰ্তিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ লগতে থকা দেখা যায় ৷ এই মূৰ্তিসমূহৰ মধ্যস্থানত দেৱী দুৰ্গা থাকে আৰু তেওঁৰ সোঁফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ ৷ আনহাতে বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক ৷
‘দ’-আখৰে দৈত্যনাশক, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক ৷ অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে হৈছে দুৰ্গা ৷ দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি ৷ পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে ৷ মা দুৰ্গা দেৱীৰ ৰূপ নটা ৷ শাস্ত্ৰত বৰ্ণনা কৰা মতে, সেই নামসমূহ হ’ল একেধাৰে— শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী ৷