শীতকালত চুলি সৰাটো তেনেই সাধাৰণ কথা ৷ ইয়াৰ আঁৰত বহু কাৰণ থাকিব পাৰে যেনে শুকান বতাহ বা লেতেৰা চুলি ৷ লেতেৰা চুলিৰ বাবে বহুবাৰ চুলি সৰিবলৈ আৰম্ভ কৰে, এনে পৰিস্থিতিত চুলি ধোৱাটোৱেই একমাত্ৰ বিকল্প, কিন্তু প্ৰশ্ন উত্থাপন হয় যে চুলি কিমান সময়ৰ মূৰে মূৰে ধুব লাগে ৷ যদি চুলি পৰিষ্কাৰকৈ ৰখা নহয় তেন্তে ইয়াৰ লগত জড়িত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৷ সেয়ে এতিয়া প্ৰশ্ন হয় চুলিক সুস্থ কৰি ৰাখিবলৈ সপ্তাহত কিমানবাৰ ধুব লাগে ? একে সময়তে বহুলোকে সপ্তাহত ২ বাৰ আৰু কিছুমানে ৪ বাৰ চুলি ধুৱে, কিন্তু বাস্তৱত এসপ্তাহত কিমানবাৰ চুলি ধুব লাগে সেই কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ ৷ আজি আমি এই প্ৰশ্নৰ উত্তৰ জানিবলৈ চেষ্টা কৰিম-
এই লক্ষণসমূহ দেখা দিলে চুলি ধুব লাগে-
যদি আপোনাৰ চুলিত তেল দেখা দিয়ে তেন্তে আমি তৎক্ষণাত চুলি ধুব লাগে ৷ চুলি ধোৱাৰ কিছু সময়ৰ পিছতে চুলি আঠাযুক্ত হ’বলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত যেতিয়াই আপোনাৰ চুলি তেলীয়া হৈ পৰা যেন অনুভৱ হয় তেতিয়াই তৎক্ষণাত ধুই লওক ৷ তেলীয়া মূৰৰ ছালৰ বাবে এনে হয় ৷ যদি আপুনি দৈনিক চুলি ধুব নিবিচাৰে, কিন্তু কিছু সময়ৰ পিছত চুলি তেলীয়া হৈ পৰে, তেন্তে ড্ৰাই চেম্পুও ব্যৱহাৰ কৰিব পাৰে ৷