অসম

assam

ETV Bharat / health

কেতিয়াবা ভাবিছেনে! এমাহলৈকে মাছ-মাংস নাখালে আমাৰ শৰীৰত কেনে প্ৰভাৱ পৰিব পাৰে ? - Stop Eating Non Veg For A Month - STOP EATING NON VEG FOR A MONTH

Stop Eating Non Veg For A Month: সমগ্ৰ বিশ্বতে বৃহৎ সংখ্যকভাৱে আমিষ খাদ্য খোৱা লোক আছে । ভাৰততো নিৰামিষভোজী লোকৰ সংখ্যা কম নহয় । কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে এমাহ ধৰি আমিষ খাদ্য নাখালে শৰীৰত কেনেধৰণৰ পৰিৱৰ্তন হ’ব পাৰে ? জানিবলৈ সম্পূৰ্ণ প্ৰতিবেদনটি পঢ়ক...

What happens if you stop eating non-veg for a month?
কেতিয়াবা ভাবিছেনে! এমাহলৈকে মাছ-মাংস নাখালে আমাৰ শৰীৰত কেনে প্ৰভাৱ পৰিব পাৰে ? (FREEPIK)

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 11:13 AM IST

আজিকালি দেশত আমিষ খাদ্য খোৱা লোকৰ এই পৃথিৱীত অভাৱ নাই ৷ কেৱল ভাৰততে নহয় দেশ বিদেশতো আমিষ খাদ্য অতি আনন্দেৰে মন ভৰি খোৱা হয় ৷ ফ্ৰাই কৰিয়েই হওক বা আঞ্জা হিচাপেই হওক মানুহে আমিষ খাদ্য খুবেই পচন্দ কৰা হয় ৷

কিন্তু ইয়াৰ মাজত এনে কিছুমান লোক আছে যিয়ে ইয়াক নোখোৱাকৈ জীয়াই থাকিব নোৱাৰে ৷ মানুহে বিচাৰে যে খাদ্যত যেতিয়ালৈকে কুকুৰা, ছাগলী বা মাছ নাথাকে, তেতিয়ালৈকে খোৱাৰ কোনো মজা নাথাকে ৷ তথ্য অনুসৰি দিনক দিনে আমিষ খাদ্য ভালপোৱা লোকৰ সংখ্যা বাঢ়ি গৈয়ে আছে ৷ পিচে আপুনি কেতিয়াবা ভাবিছেনে যে এমাহ যদি আমিষ খাদ্য নোখোৱাকৈ থকা হয় তেন্তে কি হ’ব ? আজি এই বিষয়ে জানো আহক-

ওজন কমোৱাটো সহজ হ’ব

সকলোৱে জানে যে আমিষ খাদ্যত কেলৰি বেছি থাকে ৷ ইয়াক খালে আমাৰ শৰীৰত চৰ্বি বৃদ্ধি পায় ৷ একে সময়তে বিশেষজ্ঞসকলে কয় যে, অধিক পৰিমাণে কুকুৰা আৰু ছাগলী খোৱাটোৱেই হৈছে মানুহৰ অতিৰিক্ত ওজনৰ আঁৰৰ মূল কাৰণ ৷ যদি এমাহলৈকে আমিষ খাদ্য খোৱা নহয় তেন্তে ওজন কমোৱাত সহায় হয় ৷ বিশেষজ্ঞসকলে দাবী কৰিছে যে, কম কেলৰিযুক্ত ফল-মূল, শাক-পাচলি আৰু সেউজীয়া খাদ্য খাদ্যত অন্তৰ্ভুক্ত কৰিলে সহজেই ওজন কমাব পাৰি ৷

হজম শক্তিৰ উন্নত কৰে

এমাহৰ বাবে আমিষ খাদ্য পৰিহাৰ কৰিলে পাচনতন্ত্ৰৰ কাৰ্য উন্নত হয় ৷ সতেজ সেউজীয়া শাক-পাচলিত প্ৰচুৰ পৰিমাণে আঁহ থাকে ৷ বিশেষজ্ঞসকলে কয় যে, ইয়াৰ ফলত হজম প্ৰক্ৰিয়াও সুচাৰুৰূপে কাম কৰে ৷ ইয়াৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয় ৷

বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস হয়

আমিষ খাদ্য ডিচত চৰ্বিৰ পৰিমাণ বেছি ৷ ইয়াক অতিমাত্ৰা সেৱন কৰিলে তেজত কলেষ্টেৰলৰ মাত্ৰা বাঢ়িব পাৰে ৷ কিন্তু বিশেষজ্ঞসকলে কয় যে, যদি এমাহ মাংস নোখোৱাকৈ থাকে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পাব পাৰে ৷ লগতে কোৱা হয় যে আমিষ খাদ্য নোখোৱাকৈ থাকিলে ৰক্তচাপ স্বাভাৱিক হৈ থাকে ৷

আপোনালোকক জনাই দিও যে, ২০১৬ চনত ‘জাৰ্নেল অৱ হাইপাৰটেনচন’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি গৱেষকসকলে এমাহলৈকে আমিষ খাদ্য নোখোৱাকৈ আছিল আৰু ইয়াৰ ফলত তেওঁলোকৰ তেজৰ কলেষ্টেৰলৰ মাত্ৰা আৰু ৰক্তচাপৰ মাত্ৰা যথেষ্ট হ্ৰাস পাইছিল ৷ কানাডাৰ ছেইণ্ট মাইকেল হাস্পতালৰ ডাঃ ডেভিদ জেনকিন্সে এই গৱেষণাত অংশ লৈছিল ৷ তেওঁ দাবী কৰিছিল যে, মাংস মাহ ধৰি নাখালে তেজৰ কলেষ্টেৰলৰ মাত্ৰা আৰু ৰক্তচাপ হ্ৰাস পাব পাৰে ৷

প্ৰদাহ কম কৰে

প্ৰক্ৰিয়াকৃত মাংস(Processed meat) বিভিন্ন ধৰণে উপলব্ধ ৷ এনেদৰে তৈয়াৰী বস্তু খালে শৰীৰত দীৰ্ঘদিনলৈ ফুলা আৰু বিৰক্তিৰ সৃষ্টি হ’ব পাৰে ৷ বিশেষজ্ঞসকলে কয় যে, ইয়াৰ ফলত কিছুমান ৰোগ হ’ব পাৰে ৷ কিন্তু মাংস পৰিহাৰ কৰিলে প্ৰদাহৰ সম্ভাৱনা হ্ৰাস পাব পাৰে বুলি দাবী কৰা হৈছে ৷ একে সময়তে যেতিয়া আপুনি মাংস খোৱা বন্ধ কৰে তেতিয়া আপুনি দুৰ্বল আৰু অতি ভাগৰুৱা অনুভৱ কৰে কাৰণ আমিষ খাদ্যত সৰ্বাধিক প্ৰ’টিন আৰু আইৰণ থাকে ৷ এই দুটাৰ অভাৱত শৰীৰটো ভাগৰুৱা হৈ পৰে ৷

সতৰ্কীকৰণ:প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক:কুকুৰা মাংস ভালপালে বুলিলেই নাখাব এইকেইটা অংশ, ইয়াৰ আছে পাৰ্শ্বক্ৰিয়া - Unhealthy Part Of Chicken

ABOUT THE AUTHOR

...view details