অসম

assam

খাদ্য খোৱাৰ পূৰ্বে দুই ফোটা নহৰু খালে নিয়ন্ত্ৰণত থাকিব এই ৰোগ, যি হয় হাৰ্ট এটেকৰ মুখ্য কাৰণ - Garlic Health Benefits

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 3:13 PM IST

Garlic Health Benefits: আপুনি জানেনে ? ভাৰতীয় খাদ্যত ব্যৱহৃত নহৰু আপোনাৰ শৰীৰৰ বহু সমস্যাৰ সমাধান । লগতে নহৰুৱে শৰীৰৰ এই ৰোগসমূহ নিয়ন্ত্ৰণ ৰখাটো অতি ফলপ্ৰসূ-

What happens if you eat 2 cloves of garlic before eating
খাদ্য খোৱাৰ পূৰ্বে দুই ফোটা নহৰু খালে নিয়ন্ত্ৰণত থাকিব এই ৰোগ (CANVA)

আয়ুৰ্বেদৰ মতে, নহৰু বহু ঔষধি গুণেৰে ভৰপূৰ বুলি গণ্য কৰা হয় লগতে আমাৰ ভাৰতীয় খাদ্যতো নহৰু খুবেই ব্যৱহাৰ কৰা হয় ৷ খাদ্যত নহৰু অন্তৰ্ভুক্ত কৰি আমি বহু ৰোগৰ পৰা হাত সাৰিব পাৰো । কিন্তু আপুনি জানেনে যে ইয়াৰ প্ৰকৃত লাভ আমি খাদ্য খোৱাৰ আগত খালে লাভ কৰিব পাৰো ৷ হয় খাদ্য খোৱাৰ পূৰ্বে আমি দুই ফোটা নহৰু চোবাই খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী বুলি গণ্য কৰা হয় ৷

ইয়াৰ দ্বাৰা বহুতো গুৰুতৰ ৰোগৰ আশংকা হ্ৰাস কৰিব পৰা যায় । নহৰু খোৱাৰ ফলত উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয় আৰু লগতে কলেষ্টেৰলৰ মাত্ৰাও হ্ৰাস পায়। মেদবহুলতা হ্ৰাস কৰাৰ পৰা আৰম্ভ কৰি প্ৰদাহ কমোৱালৈকে বহু ৰোগত নহৰু অতি উপকাৰী । দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে দুই ফোটা নহৰু খালে কি কি উপকাৰিতা সাধন হয় জানি লওক-

খোৱাৰ আগতে দুই ফোটা নহৰু চোবাই খোৱাৰ উপকাৰিতা

  • ৰক্তচাপ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ- উচ্চ ৰক্তচাপ ৰোগীয়ে নহৰু খালে উপকৃত হয় । নহৰুত ছালফাইট যৌগ থাকে যিয়ে ৰক্তচাপ আৰু কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে । ইয়াৰ দ্বাৰা হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাও দূৰ কৰিব পাৰি । হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ নহৰু খোৱা উচিত ।
  • সংক্ৰমণৰ পৰা ৰক্ষা কৰে-নহৰুত প্ৰাকৃতিক এন্টিবায়টিক গুণ পোৱা যায় যিয়ে বিভিন্ন সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে । নহৰু খালে চৰ্দি আৰু কাহৰ সমস্যাৰ পৰাও সকাহ পাব পাৰি । নহৰুৰ প্ৰকৃতি গৰম, গতিকে এই বাৰিষা আৰু শীতকালত ইয়াক আপোনাৰ খাদ্যৰ অংশ কৰি লওক ।
  • বাতবিষ আৰু ফুলাৰ সমস্যা কৰে দূৰ– বাতবিষত অৰ্থাৎ গাঁঠিৰ বিষত ভুগি থকা লোকসকলে নহৰু খালে উপকৃত হয় । নহৰুত প্ৰদাহ নিবাৰণকাৰী গুণ পোৱা যায় যিয়ে বিষ আৰু হঠাৎ কেতিয়াবা হাত-ভৰি ফুলাৰ সমস্যা দূৰ কৰে । নহৰু খালে বাতবিষৰ বিষৰ পৰাও সকাহ পাব পাৰি ।
  • পাচনতন্ত্ৰ শক্তিশালী কৰে- নহৰুত বহুতো পুষ্টিকৰ উপাদান থাকে যিয়ে পাচন এনজাইমৰ উৎপাদন বৃদ্ধি কৰে । ইয়াৰ ফলত পাচনতন্ত্ৰ শক্তিশালী হয় । কেঁচা নহৰুয়ে পাচনতন্ত্ৰক বিষমুক্ত কৰাৰ বাবে ফলপ্ৰসূ ।
  • ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে-যদি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয় তেন্তে আপুনি নহৰু খোৱাটো খুবেই জৰুৰী । নহৰুত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে । যাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় । বিশেষকৈ কেঁচাকৈ নহৰু চোবাই খালে ইয়াৰ উপকাৰিতা বাঢ়ি যায় । ইয়াৰ ফলত ৰোগ আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি পায় ৷
লগতে পঢ়ক:ভৰিৰ তলুৱাত নহৰু ঘঁহাৰ উপকাৰিতা জানি তবধ মানিব আপুনিও - Benefits Of Garlic

ABOUT THE AUTHOR

...view details