বৰ্তমান সময়ত এড্ৰিনেল ফেটিগ বা এড্ৰিনেল ফেটিগ (Adrenal Fatigue) এটা ডাঙৰ ৰোগত পৰিণত হৈছে, সমগ্ৰ বিশ্বৰ বহু লোকেই এই সমস্যাৰ সন্মুখীন হৈছে ৷ ইয়াৰ ফলত আপোনাৰ শৰীৰ দুৰ্বল আৰু এলেহুৱা হৈ পৰে, যাৰ ফলত দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজবোৰ সম্পন্ন কৰাত অসুবিধাৰ সৃষ্টি হয় ৷ যেতিয়া এড্ৰিনেল গ্ৰন্থিবোৰে অনুকূলভাৱে কাম নকৰে, তেতিয়া আপোনাৰ এড্ৰিনেল ফেটিগ, বা এড্ৰিনেল ক্লান্তি বুলি জনাজাত অৱস্থাই দেখা দিব পাৰে-
কিয় হয় এড্ৰিনেল ফেটিগ ?
এই সন্দৰ্ভত চিকিৎসকে কয় যে, যেতিয়া আপুনি আৱেগিক আৰু শাৰীৰিক মানসিক চাপৰ মাজেৰে পাৰ হৈ থাকে তেতিয়া এড্ৰিনেল ফেটিগৰ সৃষ্টি হয়, যি সময়ত গ্ৰন্থিবোৰে আপোনাৰ শৰীৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰে ৷ আপোনাৰ শৰীৰক অসহায় কৰি পেলায় ৷
এড্ৰিনেল ফেটিগৰ লক্ষণ
১)অত্যধিক ভাগৰ আৰু সতেজ অনুভৱ নোহোৱা টোপনি, অৰ্থাৎ আপুনি ৭ৰ পৰা ৮ ঘণ্টা টোপনি লোৱাৰ পিছতো আপোনাক ভাগৰুৱা দেখা যায় ৷ ইয়াৰ উপৰিও মানসিক চাপৰ সৈতে মোকাবিলা কৰাটোও আপোনাৰ বাবে কঠিন হৈ পৰে৷
২) মিঠা আৰু নিমখীয়া খাদ্য খোৱাৰ ইচ্ছা বৃদ্ধি পোৱা আৰু সন্ধিয়া শক্তিশালী অনুভৱ কৰে, কিন্তু ৰাতি টোপনি লোৱাৰ পিছতো দিনত এলেহুৱা অনুভৱ কৰা, ষ্টেমিনা কম হয়, ব্যায়ামৰ পিছত ভাগৰ সোনকালে ভাগৰ দূৰ নহয় ৷
৩) মহিলাৰ প্ৰিমেনষ্ট্ৰুৱেল চিণ্ড্ৰম, ৰজোনিবৃত্তিৰ সময়ত ৰক্তচাপ কম হয় (Low Blood Pressure) ৷