কোষ্ঠকাঠিন্য, আৰ্থ্ৰাইটিছ বা গাঁঠিৰ বিষৰ দৰে সমস্যাত বহুতেই যাতনা ভোগে ৷ আপুনিও যদি ভোক্তভোগী, তেতিয়া এক আয়ুৰ্বেদিক প্ৰতিকাৰ আপোনাৰ বাবে অত্যন্ত লাভজনক হ'ব পাৰে ৷ হয়, মাত্ৰ ১৫ দিনৰ বাবে খালী পেটত তিয়াই থোৱা মেথি গুটি খালে আপুনি বহু ৰোগৰ পৰা বাচি থাকিব পাৰে ৷
তিয়াই থোৱা মেথি গুটি খোৱাৰ অবিশ্বাস্য লাভালাভ তলত দিয়া ধৰণৰ-
শক্তিশালী কৰে পাচন তন্ত্ৰ
তিয়াই থোৱা মেথি গুটিত যথেষ্ট পৰিমাণে আঁহ থাকে, যিয়ে পাচন তন্ত্ৰ শক্তিশালী কৰে ৷ ই কোষ্ঠকাঠিন্য হ্ৰাস কৰাৰ লগতে অন্ত্ৰ পৰিস্কাৰ কৰে ৷ নিয়মীয়াকৈ খালে এচিডিটি, পাকস্থলী জ্বলা আৰু গেছৰ সমস্যাৰ পৰা সকাহ দিয়াৰ লগতে খাদ্য সঠিকভাৱে হজম কৰাত সহায় কৰে ৷ যিসকলে সঘনাই পেটৰ বিষ, বদহজম বা এচিডিটিৰ সমস্যাত ভোগে, তেওঁলোকৰ বাবে তিয়াই থোৱা মেথি গুটি খোৱাটো অত্যন্ত উপকাৰী হ'ব পাৰে ৷
শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ
তিয়াই থোৱা মেথি ডায়েবেটিছ ৰোগীৰ বাবে আশীৰ্বাদতকৈ কম নহয় ৷ ইয়াত থকা উপাদানে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ বিশেষকৈ টাইপ-২ ডায়েবেটিছ ৰোগীৰ বাবে ই অত্যন্ত উপকাৰী বুলি প্ৰমাণিত হৈছে ৷ মেথিত থকা ‘গেলেক্ট’মেনন’ নামৰ আঁহে তেজত চেনি শোষণ প্ৰক্ৰিয়াটো লেহেমীয়া কৰে, যাৰ বাবে গ্লুক’জৰ মাত্ৰা সুস্থিৰ হৈ থাকে ৷ তদুপৰি, ইয়াত থকা এমিন’ এচিডে ইনচুলিন হৰম’নৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰে ৷
ওজন হ্ৰাসত সহায়ক
যদি আপুনি ওজন কমাবলৈ সংগ্ৰাম কৰি আছে, তেন্তে মেথি আপোনাৰ বাবে অতি ফলপ্ৰসূ হ’ব পাৰে ৷ তিয়াই থোৱা মেথিয়ে বিপাকীয় ক্ৰিয়া ক্ষীপ্ৰ কৰে আৰু শৰীৰত জমা হোৱা চৰ্বি কমোৱাত সহায় কৰে ৷ ইয়াত থকা আঁহে ভোক নিয়ন্ত্ৰণ কৰে আৰু অতিমাত্ৰা খাদ্য খোৱাৰ ইচ্ছা কমাই দিয়ে ৷ যাৰ ফলত অপ্ৰয়োজনীয় কেলৰি গ্ৰহণ কমি যায় ৷ যদি আপুনি নিয়মিতভাৱে খোৱা আৰম্ভ কৰে তেন্তে ই আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ বাহিৰ কৰাতো সহায় কৰে আৰু ওজন হ্ৰাস প্ৰক্ৰিয়াটো ক্ষিপ্ৰ কৰে ৷ পুৱা খালী পেটত তিয়াই থোৱা মেথি গুটি খালে পেটটো অধিক সময়লৈকে ভৰপূৰ অনুভৱ হয়, যাৰ ফলত আপোনাৰ বাবে সঘনাই খোৱাৰ অভ্যাস নিয়ন্ত্ৰণ কৰাটো সহায়ক হ’ব পাৰে ৷
সুস্থ কৰি ৰাখে হৃদযন্ত্ৰ
নিয়মিতভাৱে তিয়াই থোৱা মেথি খালে শৰীৰত থকা বেয়া কলেষ্টেৰলৰ পৰিমাণ কমি যায়, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা কম হয় ৷ ই ৰক্ত সঞ্চালন প্ৰক্ৰিয়া উন্নত কৰে আৰু ধমনীত তেজ বন্ধ হোৱা প্ৰক্ৰিয়া ৰোধ কৰে ৷ যাৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰ’কৰ সম্ভাৱনা কম হয় ৷ তদুপৰি, ইয়াত থকা এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী উপাদানে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে ৷ যদি আপুনি আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ বিচাৰে, তেন্তে প্ৰতিদিনে পুৱা তিয়াই থোৱা মেথি খাবলৈ আৰম্ভ কৰক ৷