পূজা আৰু আয়ুৰ্বেদত লঙৰ এক নহয় অনেক উপকাৰিতা আছে জ্যোতিষশাস্ত্ৰতো লঙক অধিক গুৰুত্ব দিয়া হয় ৷ বাস্তু শাস্ত্ৰৰ মতে, লঙক জীৱনত সুখ আৰু ধন-সম্পত্তিৰ বাবে ব্যৱহাৰ কৰিব পাৰি ৷ ৰন্ধা-বঢ়াত সোৱাদযুক্ত উপকৰণ হিচাপে ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ লগতে লঙৰ এনে বহু গুণাগুণ আছে যি আমাৰ স্বাস্থ্যৰ উপৰিও বাস্তুৰ ক্ষেত্ৰতো ইয়াৰ অনেক ব্যৱহাৰ আছে বুলি জ্যোতিষী ৰাহুল দেয়ে কয় ৷
তেওঁ কয়, "যিকোনো শুভ কাম আৰম্ভণি কৰাৰ আগতে মুখত লং এটা লৈহে বাহিৰলৈ ওলাব লাগে ৷ আপুনি যি কামৰ বাবে গৈছে তাত সফলতা নিশ্চয় পাব ৷ কিবা বাধা থাকিলে সেই বাধা আঁতৰি যাব ৷ যিসকলে অহৰহ তেওঁলোকৰ কামত বাধাৰ সৃষ্টি কৰে তেওঁলোকক সহায় কৰিবলৈ ৷" অৰ্থাৎ শেষ মুহূৰ্তত ৰৈ যোৱা কামটো ই সুকলমে হোৱাত সহায় কৰে ৷
বুধবাৰে দুটা লং, দুটা ইলাচি লৈ একেৰাহে সাতটা বুধবাৰৰ বাবে গণেশক আগবঢ়াওক ইয়াৰ দ্বাৰা আপুনি যথেষ্ট সুফল পাব ৷