অসম

assam

আপোনাৰ ঘৰতে উপলব্ধ এই সেউজীয়া পাতবোৰৰ ব্যৱহাৰ কৰক, পলাই পত্ৰং দিব ডেংগু-মেলেৰিয়া - Dengue and Malaria

By ETV Bharat Health Team

Published : Aug 29, 2024, 5:04 PM IST

Mosquito-Repellent Plants: বতৰ পৰিৱৰ্তনৰ লগে লগে ডেংগু, মেলেৰিয়াৰ দৰে মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ আশংকাও বৃদ্ধি পাবলৈ আৰম্ভ কৰে । এই ৰোগ প্ৰতিৰোধৰ বাবে আমি প্ৰায়ে কীটনাশক আৰু মহ বিকৃতকাৰী ঔষধ ব্যৱহাৰ কৰো । কিন্তু এতিয়া আপোনাৰ ঘৰতে উপলব্ধ কেইবিধমান ঔষধি গছৰ দ্বাৰাই ডেংগু, মেলেৰিয়াৰ পৰা হাত সাৰিব পাৰে ৷ সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক-

Use these green leaves to protect yourself from dengue and malaria
আপোনাৰ ঘৰতে উপলব্ধ এই সেউজীয়া পাতবোৰৰ ব্যৱহাৰ কৰক, পলাই পত্ৰং দিব ডেংগু আৰু মেলেৰিয়া (CANVA)

বতৰ সলনি হোৱাৰ লগে লগে মহৰ আতংক বাঢ়ি যায় ৷ বিশেষকৈ বাৰিষাৰ সময়ত ডেংগু, মেলেৰিয়াৰ দৰে ৰোগৰ আশংকা দ্ৰুতগতিত বৃদ্ধি পায় ৷ মহৰ পৰা হাত সাৰিবলৈ আমি প্ৰায়ে বজাৰত উপলব্ধ ৰাসায়নিক সামগ্ৰী বা কীটনাশক ব্যৱহাৰ কৰো, কিন্তু আপুনি জানেনে যে আপোনাৰ ঘৰতে উপলব্ধ থকা কিছুমান সেউজীয়া পাত ব্যৱহাৰ কৰি আপুনি মহক নিজৰ পৰা আঁতৰাই ৰখাতো ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে ৷

প্ৰাকৃতিক প্ৰতিকাৰ কেৱল নিৰাপদ হোৱাই নহয়, অত্যন্ত ফলপ্ৰসূও ৷ এই সেউজীয়া পাতবোৰৰ বিষয়ে আৰু ইয়াৰ ব্যৱহাৰ কেনেদৰে কৰিব পাৰি জানো আহক-

কোনবোৰ পাত উপকাৰী ?

১) নিমৰ পাত

নিমৰ গুণৰ কথা ক’বলৈ গ’লে ই এক প্ৰকাৰৰ ঔষধি গছ যাক আমি বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰো ৷ আপোনালোক সকলোৱে নিশ্চয় শুনিছে ৷ নিমৰ পাতত এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল আৰু এন্টিভাইৰেল গুণ থাকে, যিয়ে মহক আঁতৰাই ৰখাত সহায় কৰে ৷ নিমৰ পাত জ্বলাই ঘৰত ইয়াৰ ধোঁৱা বিয়পাই দিলে মহ ওচৰলৈ আহিব নোৱাৰে ৷ নিমৰ তেলো এনে ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে ৷ নিম তেল নাৰিকল তেলৰ লগত মিহলাই ছালত লগালে মহৰ কামোৰৰ পৰা বাচি থাকিব পাৰি ৷

২) তুলসীৰ পাত

তুলসী এনে এক বনৌষধি যাৰ ধৰ্মীয় মহত্ব থকাই নহয় মহ প্ৰতিৰোধতো ফলপ্ৰসূ ৷ হয়, ঘৰত তুলসী গছ ৰোপণ কৰিলে মহ আঁতৰি থাকে ৷ ইয়াৰ উপৰিও তুলসীৰ পাতৰ ৰস উলিয়াই ছালত লগালে মহৰ পৰাও সুৰক্ষা পোৱা যায় ৷ তুলসী পাতৰ ৰস ডেংগু আৰু মেলেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াতো সহায়ক ৷

৩) পদিনা পাত

পদিনা পাতত থকা মেন্থলৰ গোন্ধই মহৰ পৰা ৰক্ষা কৰাত সহায় কৰে ৷ পদিনা পাতৰ ৰস উলিয়াই পানীত মিহলাই ঘৰত ছটিয়াই দিব ৷ ইয়াৰ ফলত মহ আপোনাৰ পৰা আঁতৰি থকাই নহয়, আপোনাৰ ঘৰখনো সতেজ হৈ থাকিব ৷ ইচ্ছা কৰিলে পদিনা তেলো ব্যৱহাৰ কৰিব পাৰে ৷ ইয়াক শৰীৰত প্ৰয়োগ কৰিলে মহক আপোনাৰ পৰা আঁতৰাই ৰাখে আৰু ডেংগু আৰু মেলেৰিয়াৰ সম্ভাৱনা কম হয় ৷

৪) লেমনগ্ৰাছৰ পাত

লেমনগ্ৰাছ এবিধ প্ৰাকৃতিক মহ বিকৃত উদ্ভিদ ৷ ইয়াৰ পাতত চিট্ৰনেলা নামৰ এবিধ মৌল পোৱা যায়, যিয়ে মহক আঁতৰাই ৰখাত সহায় কৰে ৷ ঘৰৰ আশে-পাশে লেমনগ্ৰাছৰ পাত ৰোপণ কৰিলে মহ আঁতৰি থাকে ৷ ইচ্ছা কৰিলে লেমনগ্ৰাছ তেলো ব্যৱহাৰ কৰিব পাৰে ৷ এইবিধ পাতক ছালত লগালে মহে আক্ৰমণ নকৰে আৰু আপুনি সুৰক্ষিত হৈ থাকিব পাৰে ৷

এই পাতবোৰ কেনেকৈ ব্যৱহাৰ কৰিব ?

  • এই পাতবোৰ পানীত সিজাই সেই পানী ঘৰত ছটিয়াওক ৷
  • এই পাতৰ তেল ডিফিউজাৰত ভৰাই ব্যৱহাৰ কৰিব পাৰে ৷
  • এই গছবোৰ আপোনাৰ ঘৰ বা বাগিচাত ৰোপণ কৰক ৷
  • এই পাতবোৰ আঁঠুৱাতো বান্ধি ৰাখিব পাৰে ৷
লগতে পঢ়ক:শৰীৰৰ এই তিনিটা অংগত পৰে ডেংগুৰ প্ৰভাৱ: জানক লক্ষণ তথা প্ৰতিৰোধৰ উপায় - Organs Affected by Dengue

ABOUT THE AUTHOR

...view details