অসম

assam

ETV Bharat / health

শৰীৰৰ প্ৰচুৰ ক্ষতিসাধন কৰে এই খাদ্যই...বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিলে তালিকা - UNHEALTHY FOODS LIST BY WHO

বিশ্ব স্বাস্থ্য সংস্থাই সময়ে সময়ে কিছুমান স্বাস্থ্য সতৰ্কবাণী আৰু তথ্য জাৰি কৰে ৷ বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াকৈ কিছুমান অস্বাস্থ্যকৰ খাদ্যৰ এখন তালিকা প্ৰকাশ কৰিছে-

Unhealthy Foods List released by WHO
শৰীৰৰ প্ৰচুৰ ক্ষতিসাধন কৰে এই খাদ্যই...বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিলে তালিকা (ETV Bharat)

By ETV Bharat Health Team

Published : Nov 18, 2024, 7:53 PM IST

নিজকে স্বাস্থ্যৱান কৰি ৰখাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল স্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যৰ প্ৰতি সচেতন হোৱা ৷ আমি খোৱা প্ৰতিবিধ খাদ্যৰ গুণাগুণ অনুসৰি স্বাস্থ্যকৰ আৰু অস্বাস্থ্যকৰ তালিকাত ৰখা হয় ৷ খাদ্যৰ প্ৰতি অসচেতন লোকক সজাগ কৰাৰ উদ্দেশ্যে বিশ্ব স্বাস্থ্য সংস্থাই সময়ে সময়ে কিছুমান স্বাস্থ্য সতৰ্কবাণী আৰু তথ্য জাৰি কৰে ৷ বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াকৈ কিছুমান অস্বাস্থ্যকৰ খাদ্যৰ এখন তালিকা প্ৰকাশ কৰিছে ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এনে কিছুমান খাদ্য আছে, যিসমূহ খালে মেদবহুলতা, হৃদৰোগ, কৰ্কট ৰোগ, ডায়েবেটিচৰ দৰে ভয়াৱহ ৰোগ হ’ব পাৰে ৷ সেয়েহে, এই অস্বাস্থ্যকৰ খাদ্যবোৰ পৰিহাৰ কৰা ভাল ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তালিকাত উল্লেখিত এই অস্বাস্থ্যকৰ খাদ্যসমূহ কি কি জানি লও আহক-

উচ্চ ছ'ডিয়ামযুক্ত খাদ্য

টেমাৰ খাদ্য, সংসাধিত মাংস, তাৎক্ষণিক নুডলচ, পিজ্জা, নিমখীয়া লঘু আহাৰ ইত্যাদি সকলোবোৰ উচ্চ ছ'ডিয়ামযুক্ত খাদ্য ৷ উচ্চ পৰিমাণৰ ছ'ডিয়ামে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে, যিয়ে হৃদযন্ত্ৰ আৰু বৃক্কত বেয়া প্ৰভাৱ পেলায় ৷ উচ্চ ৰক্তচাপই হৃদআক্ৰমণ আৰু ষ্ট্ৰ’কৰ সম্ভাৱনা বৃদ্ধি কৰে ৷

বগা নিমখ

আমাৰ শৰীৰত আয়'ডিনৰ বাবে নিমখ গ্ৰহণ কৰা প্ৰয়োজন, কিন্তু যদি আপুনি ইয়াৰ অত্যধিক গ্ৰহণ কৰে তেনেহ'লে ই আপোনাৰ স্বাস্থ্য যথেষ্ট নষ্ট কৰিব পাৰে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, যদি নিমখৰ পৰিমাণ প্ৰতিদিনে ৫ গ্ৰামতকৈ অধিক গ্ৰহণ কৰা হয়, ই স্বাস্থ্যত বিৰুপ প্ৰভাৱ পেলায় ৷ এনে পৰিস্থিতিত, চিপচ, টেমাৰ খাদ্য আৰু ফাষ্ট ফুড গ্ৰহণ হ্ৰাস কৰা ভাল, কিয়নো ই উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ আশংকা বৃদ্ধি কৰে ৷

চেনিযুক্ত পানীয়

চ’ডা, এনাৰ্জি ড্ৰিংক, মিঠা ৰস, এই সকলোবোৰ চেনিযুক্ত পানীয়ত অন্তৰ্ভুক্ত কৰা হয় ৷ এই পানীয়বোৰত কেলৰি বহুত বেছি ৷ এইবোৰত উচ্চ পৰিমাণৰ চেনি থাকে যাৰ ফলত ওজন বৃদ্ধি, প্ৰকাৰ ২ ডায়বেটিচ আৰু হৃদৰোগ হ'ব পাৰে ৷ অত্যধিক চেনি গ্ৰহণৰ ফলত শৰীৰত প্ৰদাহ আৰু হৰমনৰ ভাৰসাম্যহীনতা হ'ব পাৰে ৷ বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ সলনি পানী আৰু সতেজ ফলৰ ৰসৰ পৰামৰ্শ দিয়ে ৷

পৰিশোধিত কাৰ্বোহাইড্ৰেট

যেনে বগা ব্ৰেড, বগা চাউল, পাস্তা, বেকাৰী সামগ্ৰী ইত্যাদিবোৰ হৈছে পৰিশোধিত খাদ্য ৷ ইয়াত নগণ্য আঁহ থাকে, যিয়ে শৰীৰক পুষ্টি প্ৰদান কৰিব নোৱাৰে ৷ আনহাতে, ইয়াত চেনি আৰু কেলৰি যথেষ্ট বেছি পৰিমাণে থাকে, যিয়ে মেদবহুলতা, ইনচুলিন প্ৰতিৰোধ আৰু টাইপ-২ ডায়েবেটিচৰ সম্ভাৱনা বৃদ্ধি কৰে ৷

সংসোধিত মাংস

চচেজ, হেম, বেকন আৰু অন্যান্য সংসাধিত মাংসই অস্বাস্থ্যকৰ আহাৰত অন্তৰ্ভুক্ত কৰা হয় ৷ এই খাদ্যবোৰত নাইট্ৰেট আৰু নাইট্ৰাইটৰ উপাদান থাকে, যিয়ে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে ৷ এইসমূহ অত্যধিক খোৱাৰ ফলত মলাশয়ৰ কৰ্কট ৰোগ আৰু অন্যান্য দীৰ্ঘম্যাদী ৰোগৰ আশংকা বৃদ্ধি হয় ৷

অত্যধিক সুৰা

অত্যধিক সুৰা পান কৰিলে যকৃত, মগজু আৰু হৃদযন্ত্ৰ প্ৰভাৱিত হয় ৷ ই কৰ্কট ৰোগ আৰু মানসিক সমস্যাও সৃষ্টি কৰিব পাৰে ৷

কৃত্ৰিম মিঠা

এস্পাৰ্টেম, চুক্ৰালোজৰ দৰে মিঠাও স্বাস্থ্যৰ বাবে অতি বিপদজনক ৷ অধ্যয়নত প্ৰমাণ হৈছে যে এই কৃত্ৰিম মিঠাই বা আৰ্টিফিচিয়েল চুইটনাৰ অত্যধিক গ্ৰহণ কৰিলে বিপাকীয় সমস্যা, ওজন বৃদ্ধি আৰু হৰমনৰ ভাৰসাম্যহীনতা হ'ব পাৰে ৷ অৱশ্যে এতিয়াও এই বিষয়ে অধিক গৱেষণা চলি আছে ৷

ট্ৰান্স চৰ্বি

ট্ৰান্স চৰ্বি হৈছে পৰিশোধিত আৰু সংসাধিত খাদ্যত পোৱা চৰ্বি ৷ বেক কৰা খাদ্য, ফুলা লঘু আহাৰ, ভজা ফাষ্ট ফুড আৰু পেকেট যুক্ত খাদ্যত এই চৰ্বি থাকে ৷ এই চৰ্বিয়ে শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি কৰে আৰু ভাল কলেষ্টেৰল হ্ৰাস কৰে ৷ যাৰ ফলত হৃদৰোগ, মধুমেহ আৰু অন্যান্য দীৰ্ঘম্যাদী ৰোগৰ আশংকা বৃদ্ধি হয় ৷ বিশ্ব স্বাস্থ্য সংস্থাই ট্ৰান্স চৰ্বি গ্ৰহণ ২% তকৈ কম কৰাৰ পৰামৰ্শ দিয়ে ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, যদি আপুনি এই খাদ্যবোৰ অত্যধিক পৰিমাণে গ্ৰহণ কৰে, ই শৰীৰত বেয়া প্ৰভাৱ পেলায় ৷ শৰীৰটো ভিতৰৰ পৰা দুৰ্বল হৈ পৰে ৷ ইয়াৰ পৰিৱৰ্তে আপোনাৰ আহাৰত সতেজ ফল, সেউজীয়া শাক-পাচলি, সম্পূৰ্ণ শস্য, বাদাম, গাখীৰ-দৈ, চীজ আৰু প্ৰ'টিনৰ এক ভাল উৎস অন্তৰ্ভুক্ত কৰিব ৷

https://www.emro.who.int/nutrition/marketing-of-unhealthy-foods/index.html

লগতে পঢ়ক:কি হয় ABCDE ফৰ্মূলা ? বিশেষজ্ঞৰ মতে যিয়ে দূৰ কৰে হৃদৰোগৰ আশংকা

ABOUT THE AUTHOR

...view details