আহমেদাবাদ : চীনৰ ভাইৰাছ আহি পালে ভাৰত । যোৱা ৪ জানুৱাৰীত চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ এগৰাকী মুখপাত্ৰই হিউমেন মেটানিউমো ভাইৰাছ সংক্ষেপে এইচএমপিভিত আক্ৰান্তৰ সংখ্য়া হ্ৰাস পোৱা বুলি দাবী কৰাৰ সময়তেই ভাৰতত এনে ভাইৰাছে তিনিটি শিশুক আক্ৰমণ কৰাৰ তথ্য় প্ৰকাশ পাইছে ।
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আইচিএমআৰে কৰ্ণাটকত দুটি শিশু হিউমেন মেটানিউমো ভাইৰাছ (এইচ এম পি ভি)ত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰাৰ সময়তেই এইবাৰ আহমেদাবাদত দুমহীয়া শিশুৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি ।
আহমেদাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হোৱা দুমহীয়া ল'ৰা শিশু এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে । এইচ এম পি ভিত সাধাৰণ চৰ্দি আৰু ফ্লুৰ দৰে লক্ষণ ফুটি উঠে । ৰাজস্থানৰ ডুংগৰপুৰৰ শিশুটিক যোৱা ২৪ ডিচেম্বৰত শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ লক্ষণ ফুটি উঠা বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আইচিএমআৰ) চলোৱা নিয়মীয়া নিৰীক্ষণৰ অংশ হিচাপে কৰ্ণাটকত দুটা এইচএমপিভি ঘটনা চিনাক্ত কৰাৰ পিছত আহমেদাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত তৃতীয়টো শিশুৰ দেহত ইয়াৰ উপস্থিতি ধৰা পৰে । প্ৰথম দুয়োটা ঘটনাই আন্তৰ্জাতিক ভ্ৰমণৰ সৈতে সম্পৰ্ক নথকা বাবে স্থানীয় লোকসকলৰ ক্ষেত্ৰত ভাইৰাছৰ উপস্থিতি সূচাইছে বুলি আইচিএমআৰে উল্লেখ কৰিছে ।
২৬ ডিচেম্বৰত তৃতীয়টো সংক্ৰমণ নিশ্চিত হৈছিল :
আহমেদাবাদ পৌৰ নিগমৰ স্বাস্থ্যৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ ভৱিন চোলাঙ্কিয়ে কয়," যোৱা ২৬ ডিচেম্বৰত তৃতীয় এইচ এম পি ভি সংক্ৰমণ নিশ্চিত কৰা হৈছিল । ২৬ ডিচেম্বৰত সংক্ৰমণটো ধৰা পৰিছিল যদিও ব্যক্তিগত চিকিৎসালয়খনে আমাক পলমকৈ জনোৱাৰ বাবে আমি আজি ইয়াৰ বিষয়ে জানিছিলো । শিশুটোক প্ৰথমতে ভেণ্টিলেটৰত ৰখা হৈছিল কিন্তু তেতিয়াৰ পৰা সুস্থিৰ হৈ আছে ।"
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ বিষয়াসকলে গুৰুত্ব আৰোপ কৰি কয় যে এইচ এম পি ভি এক নতুন ভাইৰাছ নহয় আৰু ভাৰতকে ধৰি বিশ্বব্যাপী প্ৰচলিত হৈ আছে । বিভিন্ন দেশত এইচ এম পি ভিত আক্ৰান্ত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ঘটনা প্ৰকাশ পাইছে । বৰ্তমানৰ তথ্যই দেশত ইনফ্লুৱেঞ্জা সদৃশ ৰোগ (আই এল আই ) বা গুৰুতৰ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ (এছ এ আৰ আই)ত কোনো অস্বাভাৱিক বৃদ্ধি প্ৰদৰ্শন কৰা নাই ।