অসম

assam

ETV Bharat / health

অজ্ঞান হ’লে কি কৰা অনুচিত ? হিট ষ্ট্ৰ’কৰ সময়ত শৰীৰত কি হয় মনত ৰাখক - HEAT STROKE - HEAT STROKE

What To Do During Heat Stroke : প্ৰচণ্ড গৰমত হিট ষ্ট্ৰ’কৰ সমস্যা বৃদ্ধি পাইছে ৷ এনে পৰিস্থিতিত হিট ষ্ট্ৰ’কৰ সময়ত আপোনাৰ শৰীৰত কি হয় আৰু এই সময়ত কি কৰা উচিত-অনুচিত, সেই বিষয়ে জনাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয় ৷

What To Do During Heat Stroke
হিট ষ্ট্ৰ’কৰ সমস্যা: কি ক’ৰিব ? (ETV BHARAT)

By ETV Bharat Assamese Team

Published : May 10, 2024, 10:34 PM IST

সমগ্ৰ দেশতে অব্যাহত আছে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ ৷ গৰম আৰু আদ্ৰতাই এতিয়া ঠায়ে ঠায়ে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰি তুলিছে ৷ এনে পৰিস্থিতিত বৃহৎ সংখ্যক লোক হিট ষ্ট্ৰ’ক বা হিটৱেভৰ বলি হৈছে ৷ গ্ৰীষ্ম প্ৰবাহৰ আঘাত পোৱাৰ পিচত যদি আপুনি অসাৱধান হয়, তেন্তে আপোনাৰ অৱস্থাও গুৰুতৰ হ’ব পাৰে ৷ গ্ৰীষ্মপ্ৰবাহৰ প্ৰভাৱ কম কৰিবলৈ আৰু গৰমৰ ফলত গুৰুতৰ অসুস্থতা বা মৃত্যুৰ পৰা ৰক্ষা পাবলৈ কিছুমান কথাত গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ ৷

হিট ষ্ট্ৰক অথবা গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিছে কিছু গাইডলাইন ৷ সেই অনুসৰি প্ৰচুৰ পৰিমাণে পানী সেৱন কৰাৰ লগতে দুপৰীয়া বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকিব লাগে ৷

ইয়াৰ লগতে যদি কোনো ব্যক্তি হিট ষ্ট্ৰ’কৰ ফলত অচেতন হৈ পৰে, তেন্তে তেওঁক লগে লগে পানী সেৱন কৰিবলৈ নিদিব ৷ এনে কৰিলে পেটত পানী সোমোৱাৰ পৰিৱৰ্তে হাওঁফাওঁত পানী সোমোৱাৰ আশংকা অধিক থাকে আৰু নিউমোনিয়া হোৱাৰ সম্ভাৱনাই দেখা দিয়ে ৷

এইদৰে নিজকে সুৰক্ষিত কৰিব পাৰি -

  • প্ৰথমতে দুপৰীয়া 12 বজাৰ পৰা 3 বজাৰ ভিতৰত ৰ’দত ওলাই যোৱাৰ পৰা বিৰত থাকক
  • শৰীৰত পানীৰ পৰিমাণ কমিবলৈ নিদিব আৰু প্ৰচুৰ পৰিমাণে পানী সেৱন কৰিব
  • বাহিৰলৈ যাবলৈ প্ৰয়োজন হ’লে লগত এটা ছাতি, চশমা আৰু টুপী এটা ৰাখক
  • বাহিৰলৈ ওলাই যোৱাৰ সময়ত বেগত পানীৰ বটল, ORS আৰু নেমুৰ পানী ৰাখক
  • উচ্চ প্ৰটিনযুক্ত খাদ্য, বাহী খাদ্যৰ লগতে কফি, চাহ, মদ বা শীতল পানীয় সেৱনৰ পৰা বিৰত থাকক
  • ভজা আৰু টেঙা খাদ্য পৰিহাৰ কৰিব

হিট ষ্ট্ৰোকত আক্ৰান্ত লোকে এইবোৰ কাম কৰিব লাগে -

  • আক্ৰান্ত ব্যক্তিক ঠাণ্ডা ঠাইত শুৱাই দি তিতা কাপোৰেৰে বাৰে বাৰে শৰীৰটো মচিব লাগে
  • মূৰত পানী ঢালিব
  • ব্যক্তিজনক হাইড্ৰেট কৰিবলৈ ORS বা নেমুৰ পানী খাবলৈ দিব লাগে
  • ৰোগীৰ ভৰি দুখন পানীৰে মচিব দিব
  • ইয়াৰ পিচতো যদি আপুনি অচেতন বা অসুস্থ অনুভৱ কৰে, তেন্তে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ লওক
  • চিকিৎসকৰ পৰামৰ্শ অনুসৰি ততাতৈয়াকৈ ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ লৈ যাব আৰু প্ৰয়োজন হ’লে চিকিৎসালয়ত ভৰ্তি কৰাব

লগতে পঢ়ক :শালমন আঁতৰাবলৈ আপুনি ক্ৰীম বা ফেচৱাচ ব্যৱহাৰ কৰে নেকি ? - Cancer Through Acne Products

ABOUT THE AUTHOR

...view details