অসম

assam

প্ৰস্ৰাৱ কৰাৰ সময়ত এই লক্ষণ দেখিলে সাৱধান হওক ! - Uric Acid

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 4:20 PM IST

Uric Acid: যদি আপুনিও প্ৰস্ৰাৱ কৰাৰ সময়ত এইসমূহ সমস্যাৰ সন্মুখীন হয়, তেন্তে আজিয়েই সাৱধান হওক আৰু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ কাৰণ এয়া হ’ব পাৰে ইউৰিক এচিডৰ লক্ষণ ।

These symptoms of urine indicate that uric acid has increased in Your Body
প্ৰস্ৰাৱ কৰাৰ সময়ত এই লক্ষণ দেখিলে সাৱধান হওক! (CANVA)

ইউৰিক এচিড হৈছে আমাৰ শৰীৰত উৎপন্ন হোৱা বিষাক্ত পদাৰ্থ যিটো বৃক্কই ফিল্টাৰ কৰি প্ৰস্ৰাৱৰ যোগেদি শৰীৰৰ পৰা আঁতৰাই দিয়ে ৷ কিন্তু যেতিয়া ইয়াৰ পৰিমাণ শৰীৰত বৃদ্ধি পায় তেতিয়া বৃক্কই ইয়াক ফিল্টাৰ কৰিবলৈ সক্ষম নহয় ৷ ইয়াৰ বাবেই ইউৰিক এচিড শৰীৰৰ গাঁঠিত পাথৰৰ ৰূপত জমা হ’বলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত ইয়াৰ বাবে গাঁঠিবোৰত ফুলা আৰু বিষ আৰম্ভ হয় আৰু মানুহে উঠোতে-বহোতে বহুতো অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ৷

প্ৰস্ৰাৱ কৰাৰ সময়ত এই লক্ষণ দেখিলে সাৱধান হওক! (CANVA)

সঠিক সময়ত ইউৰিক এচিডৰ চিকিৎসা নকৰিলে ক্ৰমান্বয়ে ই গাউটৰ ৰূপ ল’ব ৷ এনে পৰিস্থিতিত প্ৰস্ৰাৱৰ জৰিয়তে ইউৰিক এচিড বেছি হয় নে নহয় সেয়া জনাটো খুবেই জৰুৰী ৷ যদি আপুনি প্ৰস্ৰাৱ কৰাৰ সময়ত তলত উল্লেখিত এই লক্ষণসমূহ দেখিছে তেন্তে আজিয়েই সাৱধান হওক আৰু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক-

প্ৰস্ৰাৱ কৰাৰ সময়ত হোৱা সমস্যাসমূহ:

প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা:যদি প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰাৰ সমস্যা UTIৰ বাবে নহয়, তেন্তে ইউৰিক এচিডৰ পৰীক্ষা কৰাওক ৷ তেজত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হ’লে প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰাৰ সমস্যাই দেখা দিব পাৰে ৷

প্ৰস্ৰাৱ কৰাৰ সময়ত দুৰ্গন্ধ: ইউৰিক এচিড বৃদ্ধিৰ বাবে প্ৰস্ৰাৱত অতি প্ৰবল দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত যদি প্ৰস্ৰাৱ কৰি থাকোঁতে অতিপাত গোন্ধ ওলায়, তেন্তে তাক আওকাণ কৰাৰ পৰিৱৰ্তে চিকিৎসকৰ সৈতে যোগাযোগ কৰক ৷

প্ৰস্ৰাৱৰ ৰং সলনি:ইউৰিক এচিড বৃদ্ধি হ’লে প্ৰস্ৰাৱৰ ৰং মটীয়া হ’বলৈ আৰম্ভ কৰে ৷ প্ৰস্ৰাৱ কৰাৰ সময়ত আপুনি জ্বলা-পোৰা অনুভৱ কৰিব পাৰে কিছুমান ক্ষেত্ৰত প্ৰস্ৰাৱত তেজো ওলাব পাৰে ৷

অত্যধিক প্ৰস্ৰাৱ:সঘনাই প্ৰস্ৰাৱ হ’লে শৰীৰত ডিহাইড্ৰেচনৰ সমস্যাই দেখা দিয়ে ৷ ইউৰিক এচিড ৰোগীৰ ক্ষেত্ৰত পানীৰ অভাৱত বৃক্বই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত ব্যৰ্থ হয় ৷ যদি আপুনি ইউৰিক এচিডৰ ইয়াৰে এটা লক্ষণো যদি লক্ষ্য কৰে তেন্তে তেন্তে তৎক্ষণাত আপোনাৰ স্বাস্থ্য পৰীক্ষা কৰাওক ৷

প্ৰস্ৰাৱত তেজ:শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হ’লে শৰীৰত পানীৰ অভাৱ হ’ব পাৰে আৰু পানীৰ অভাৱৰ বাবে আপোনাৰ প্ৰস্ৰাৱৰ জৰিয়তে তেজ বাহিৰ হ’ব পাৰে ৷ যদি আপুনিও প্ৰস্ৰাৱত এনে সমস্যাৰ সন্মুখীন হৈছে তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক ৷

লগতে পঢ়ক:শৰীৰত ইউৰিক এচিড বেছি হৈছে নেকি ? তেন্তে এয়া লওক সমাধান - Uric Acid Control Tips In Ayurveda

ABOUT THE AUTHOR

...view details