এলোভেৰা বা ছালকুঁৱৰীৰ উপকাৰিতাৰ বিষয়ে সকলোৱে জানে কিন্তু বজাৰত কিমান প্ৰকাৰৰ এলোভেৰা আছে সেই বিষয়ে বহু কম সংখ্যক লোকহে জানে ৷ ছালৰ পৰা আৰম্ভ কৰি স্বাস্থ্যলৈকে সকলো দিশতে উপকাৰী ৷ প্ৰায় প্ৰতিটো ঘৰতে এলোভেৰা গছ পোৱা যায়, কিন্তু আপুনি জানেনে যে এলোভেৰা গছ মাত্ৰ এটা বা দুটা নহয় ২০০ প্ৰকাৰৰ আছে, ইয়াৰে স্বাস্থ্য আৰু সৌন্দৰ্য্যৰ ক্ষেত্ৰত মাত্ৰ চাৰি প্ৰকাৰৰ উদ্ভিদহে অন্তৰ্ভুক্ত কৰা হৈছে ৷
এই চাৰিটাৰ বাহিৰেও আন এলোভেৰা গছবোৰ কেৱল শ্ব’ পিচ হিচাপেহে ব্যৱহাৰ কৰা হয়, ইয়াৰ লগতে এই গছবোৰৰ বিশেষ যত্নৰ প্ৰয়োজন নহয় আৰু ইহঁত সোনকালে নষ্ট নহয় ৷ এই বিশেষত্বৰ বাবেই আপুনি ঘৰতে প্ৰতিবিধ এলোভেৰা ৰোপণ কৰিব পাৰে ৷
আপুনি নিশ্চয় বহু ঠাইত পঢ়িছে যে আপুনি ছালৰ যত্নত এলোভেৰা ব্যৱহাৰ কৰিব লাগে, কিন্তু আপুনি জানেনে ছালৰ যত্নত কোনবিধ এলোভেৰা ব্যৱহাৰ কৰিব লাগে ? বা কৰা উচিত যদি নাজানে তেন্তে আজিৰ প্ৰতিবেদন আপোনাৰ বাবে ৷
১) ৰঙা এলোভেৰা
এইবিধ অতি ধুনীয়া উদ্ভিদ যিটো সূৰ্যৰ পোহৰত ৰাখিলে ইয়াৰ ৰঙা ৰং দেখা যায় ৷ ইয়াৰ পাতত বহু কাঁইট থাকে যদিও ইয়াৰ সৌন্দৰ্যৰ বাবে সকলোৱে নিজৰ ঘৰত ৰেড এলোভেৰা বাব ৰঙা এলোভেৰা ৰোপণ কৰিব বিচাৰে ৷ এইটো মূলতঃ দক্ষিণ আফ্ৰিকাৰ উদ্ভিদ, যাৰ বাবে ইয়াক বেছি পানী দিয়াৰ প্ৰয়োজন নহয় ৷
২) সৰু সৰু পাত থকা এলোভেৰা