অসম

assam

ETV Bharat / health

পেন্টৰ পিছৰ পকেটত মানিবেগ ৰাখে নেকি ? তেন্তে সৰ্বনাশ! - BACK POCKET WALLET HEALTH RISKS

শেহতীয়াকৈ আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে গৱেষণাত দেখা গৈছে যে পেণ্টৰ পিছফালৰ পকেটত মানিবেগ থ‘লে কঁকালৰ বিষ, পিঠিৰ বিষ, ভৰিৰ বিষৰ আদিত ভুগাৰ সম্ভাৱনা থাকে-

The Hidden Dangers of Carrying a Wallet in Your Back Pocket: A Health Alert
পেন্টৰ পিছৰ পকেটত মানিবেগ ৰাখে নেকি ? তেন্তে সৰ্বনাশ! (ETV Bharat)

By ETV Bharat Health Team

Published : Jan 29, 2025, 11:33 AM IST

সাম্প্ৰতিক সময়ত কম বেছি পৰিমাণে আমি সকলোৱে কঁকাল বিষৰ দৰে সমস্যাৰে ভাৰাক্ৰান্ত হওঁ ৷ সাধাৰণতে কোনো কষ্টকৰ কাম কৰা ব্যক্তিতকৈয়ো দিনটোৰ অধিকাংশ সময় চকীত বহি কাম কৰিবলগা ব্যক্তিৰ ক্ষেত্ৰত এনে সমস্যা অধিক হোৱা দেখা যায় ৷ চকীত বহাৰ ভুল ধৰণৰ বাবেই মূলতঃ এনে সমস্যাৰ সন্মুখীন হ’বলগা হয় ৷ লগতে নিশা কেতিয়াবা শোৱাৰ ভুল ধৰণৰ বাবেও এনে সমস্যা হ’ব পাৰে ৷ কঁকালৰ বিষ হ’লে অধিকাংশ সময়তে আমি তাৎক্ষণিক সকাহৰ বাবে বিষনাশক ঔষধ খাওঁ বা বিষ নিৰাময় কৰিব পৰা মলম লগাওঁ ৷

এনে ব্যৱস্থাৰে আমি পিছে সাময়িকভাৱেহে সকাহ লাভ কৰোঁ ৷ এই ঔষধ বা মলমৰ প্ৰভাৱ কমি আহিলেই বিষৰ সমস্যাই পুনৰ গা কৰি উঠে ৷ সেয়ে আমি নিজৰ বহা বা শোৱাৰ ধৰণৰ লগতে কঁকাল বিষ হ’ব পৰা আন কাৰণসমূহৰ ক্ষেত্ৰত সাৱধান হ’ব লাগে ৷ কিন্তু আমাৰ অজ্ঞতাৰ বাবে আমি কৰা আন এক সাধাৰণ ভুলৰ বাবেও কঁকাল বিষৰ সমস্যাত ভুগিব পাৰোঁ ৷ পুৰুষৰ ক্ষেত্ৰত এই ভুল অধিক পৰিলক্ষিত হয় ৷

সাধাৰণতে আমি মানিবেগ প্ৰায়ে পেণ্টৰ পিছ পকেটত ৰাখোঁ ৷ কিন্তু ইয়াৰ ফলতো আমাৰ পিঠি বা কঁকালৰ বিষ হ’ব পাৰে ৷ শেহতীয়াকৈ আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই বিষয়ত গৱেষণা কৰিছিল ৷ দেখা গৈছে যে পেণ্টৰ পিছফালৰ পকেটত মানিবেগ থোৱাৰ বাবে বহু লোকে কঁকালৰ বিষ, পিঠিৰ বিষ, আনকি ভৰিৰ বিষৰ সমস্যাও ভুগিব লগা হৈছে ৷

চিকিৎসকৰ মতে, পেণ্টৰ ঠিক পিছফালৰ পকেটটো থকা স্থানতে আমাৰ দেহৰ ছাইটিক নাৰ্ভ থাকে ৷ আমি পকেটত মানিবেগ লৈ বহি থকাৰ ফলত ছাইটিক নাৰ্ভ বা ইয়াৰ লগত জড়িত পেশীবোৰৰ ওপৰত চাপ পৰে ৷ দীৰ্ঘদিন সেই চাপত থাকিলে স্নায়ুৰ ক্ষতি হয় ৷ ইয়াৰ ফলত কঁকাল আৰু মেৰুদণ্ডৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হয় ৷ লগতে আ্মি ভৰি বিষৰ সমস্যাতো ভুগিব পাৰো ৷

এইক্ষেত্ৰত আমি কিছুমান কথা মনত ৰখা প্ৰয়োজন ৷ প্ৰথমতে মানিবেগটো পিছফালৰ পকেটত ৰখাৰ অভ্যাস এৰিব লাগিব ৷ বৰঞ্চ মানিবেগটো সন্মুখৰ পকেটত বা কান্ধত ওলোমাই থোৱা বেগত ৰাখক ৷ ইয়াৰ ফলত আপোনাৰ মানিবেগটো সুৰক্ষিতও হৈ থাকিব ৷ তদুপৰি এনে দিশসমূহৰ প্ৰতিও ধ্যান দিব-

  • বিষ অনুভৱ কৰিলে লগে লগে ঔষধ নাখাব ৷ প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ লওক ৷
  • গৰম পানীত গা ধুবলৈ চেষ্টা কৰক ৷ প্ৰয়োজন হ’লে পানীত অলপ নিমখ মিহলাই ল’ব, ইয়াৰ সহায়তো দেহৰ উপকাৰ হ’ব ৷
  • নিয়মিতভাৱে ব্যায়াম কৰক ৷ ইয়াৰ ফলত ক্ষতিগ্ৰস্ত পেশীবোৰ পুনৰ সক্ৰিয় হ’ব ৷ এনে পৰিস্থিতিত কঁকাল বা পিঠি বিষৰ সমস্যা সমাধান হ’ব ৷
  • বিষ হ’লে বৰফৰ টুকুৰা কেইটামান কাপোৰেৰে মেৰিয়াই বিষ হোৱা ঠাইত লগাব ৷ এনে ব্যৱস্থাৰ সহায়তো আপুনি সকাহ লাভ কৰিব ৷

উৎস:-https://healthfitchiro.com/blog/fat-stacks-back-pain-is-your-wallet-causing-your-back-pain#:~:text=This%20hunch%2Dlike%20position%20puts,the%20nerves%20of%20our%20body.

https://www.ijmrhs.com/medical-research/fat-wallet-syndrome-an-epidemic-among-men.pdf

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. বৃক্কৰ পাথৰৰ সমস্যাৰ ক্ষেত্ৰত বাৰুকৈয়ে দুপৰটেঙা লাভদায়ক নেকি ? কি কয় কয় গৱেষণাই
  2. কাগজৰ কাপত চাহ-কফি খাই অজানিতে স্বাস্থ্যৰ বাবে মাতিছে নেকি বিপদ ?
  3. দেখাত পৰিষ্কাৰ লগা টাৱেলতো বিপজ্জনক বেক্টেৰিয়া থাকে নেকি ? কি কয় বিশেষজ্ঞই

ABOUT THE AUTHOR

...view details